নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈত ভাৰতীয় সেনা বাহিনীৰ বিনামূলীয়া চিকিৎসা শিবিৰ

নিয়মীয়া বাৰ্তা, ৫ডিচেম্বৰঃ ভাৰতীয় সেনা বাহিনীৰ ডিগবৈস্থিত শিবিৰৰ উদ্যোগত তথা বৰ্ডাৰলেছ ফাউণ্ডেছনৰ সহযোগত আজি এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে। ডিগবৈ ৰিফাইনেৰী খেলপথাৰত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰত ডিগবৈৰ বিভিন্ন প্ৰান্তৰৰ শিশু বৃদ্ধ সহ ৬৪৪ গৰাকীৰ অধিক  ৰোগীক চিকিৎসা কৰাৰ লগতে বিনামুলীয়াকৈ ঔষধ বিতৰন কৰা হয়। শিবিৰত চিকিৎসা সেৱা আগবঢ়াই চিকিৎসক ক্ৰমে-ডাঃ কিশোৰ পাগৰ,ডাঃঅশ্বিনী কুলকাৰ্নি, ডাঃ প্ৰিয়দৰ্শিনী চনৱানে, ডাঃৰাহুল পাটিল, ডাঃ জি: পাৱাৰ, অশ্বিনী পাৱাৰ, ডাঃ সুৰভি চনগিৰে আৰু ডাঃ পংকজ চনগিৰে।
ৰমনি বুঢ়াগোহাঁই, ডিগবৈ
You might also like