নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিজিত ভট্টাচাৰ্যলৈ শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা নেবকছৰ

🔹 মৃদুল ভূঞালৈ ‘জীৱন্ত কিম্বদন্তি’ খিতাপ

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : অসমৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান নেবকছ-এ নলবাৰী ৰাস মহোৎসৱৰ পাছতে অভিজ্ঞ লোকৰ মতামত আৰু সমীক্ষাৰ ভিত্তিত শেহতীয়াভাৱে ঘোষণা কৰিছে ২০২৩-২৪ বৰ্ষৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বঁটাসমূহ। সুদীৰ্ঘ কাল বলিষ্ঠ অভিনয় দক্ষতাৰে সৰ্বস্তৰৰ দৰ্শকৰ মন জয় কৰি অহা চলিত নাট্যবৰ্ষত আন এক ব্যতিক্ৰমী অভিনয়েৰে থিয়েটাৰ সূৰ্য্যৰ “মোৰ কেঁচুৱাই কান্দিছে” নাটখনিৰে নতুন চমক সৃষ্টি কৰা মৃদুল ভূঞালৈ আগবঢ়োৱা হৈছে “জীৱন্ত কিম্বদন্তি” খিতাপ। আনহাতে, ভ্ৰাম্যমাণ নাট্য জগতত বহুকাল সেৱা আগবঢ়াই অহা ৰঞ্জিত দত্তলৈ আগবঢ়োৱা হৈছে “অসম ভ্ৰাম্যমাণ সূৰ্য্য” খিতাপ। নেবকছৰ বাছনিত নিৰ্বাচিত হোৱা আন আন বঁটাসমূহ হ’ল : শ্ৰেষ্ঠ নাট্যদল : আৱাহন থিয়েটাৰ (প্ৰযোজক : প্ৰস্তুতি পৰাশৰ), শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্যদল : ইতিহাস থিয়েটাৰ (প্ৰযোজক : সুভাষ চন্দ্ৰ দাস), শ্ৰেষ্ঠ দায়বদ্ধ নাট্যদল : সূৰ্যোদয় থিয়েটাৰ, শ্ৰেষ্ঠ নাটক : মোৰ কেঁচুৱাই কান্দিছে (থিয়েটাৰ সূৰ্য্য), শ্ৰেষ্ঠ জনপ্ৰিয় নাটক : কেপ্টেইন অবিনাশ (ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ নাট্যকাৰ : অভিজিত ভট্টাচাৰ্য (মোৰ কেঁচুৱাই কান্দিছে, থিয়েটাৰ সূৰ্য্য), শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেতা : প্ৰসেনজিৎ বৰা (ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ অভিনেত্ৰী : প্ৰাঞ্জনা দত্ত (সাতৰঙী সংগীনি, ৰাজতিলক থিয়েটাৰ), শ্ৰেষ্ঠ পৰিচালক : চম্পক শৰ্মা (অৰ্ধনাৰী ২, ৰাজতিলক থিযেটাৰ), শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেত্ৰী : শমিষ্ঠা চক্ৰৱৰ্তী (লুইতপৰীয়া থিয়েটাৰ), শ্ৰেষ্ঠ মোহময়ী অভিনেত্ৰী : নিৰ্মালি এছ বৰা (ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী : আশা ৰিয়া (কহিনুৰ থিয়েটাৰ), শ্ৰেষ্ঠ চৰিত্ৰাভিনেতা : ভূপেন ডেকা (একলব্য, নয়নতৰা থিয়েটাৰ), শ্ৰেষ্ঠ কৌতুক অভিনেতা : মুহি বৰা (মাজৰাতিৰ মমতাজ, ৰুদ্ৰাক্ষ থিয়েটাৰ), শ্ৰেষ্ঠ জনপ্ৰিয় কৌতুক অভিনেতা : শ্ৰীমন্ত মাধৱ দত্ত (ৰাজমুকুট থিয়েটাৰ), শ্ৰেষ্ঠ কণ্ঠশিল্পীঃ (পুৰুষ) ৰিতুৰাজ কলিতা (ৰুদ্ৰাক্ষ থিয়েটাৰ), শ্ৰেষ্ঠ কণ্ঠশিল্পীঃ (মহিলা) ৰেখাৰাণী দেৱী বৰা (অভিনন্দন থিয়েটাৰ), শ্ৰেষ্ঠ আৱহ সংগীত : সুৰ সাগৰ দীপক বৰুৱা (সতী বেউলা, আৱাহন থিয়েটাৰ), শ্ৰেষ্ঠ প্ৰতিভাসম্পন্না নৃত্যশিল্পীঃ ছায়ামণি কাশ্যপ (ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফাৰ : ৰাতুল দাস (কহিনুৰ থিয়েটাৰ), জনপ্ৰিয় গীতিকাৰ-সুৰকাৰৰ বঁটা : মনোজ কুমাৰ (‘মই ছাকিৰা’, লুইতপৰীয়া থিয়েটাৰ), শ্ৰেষ্ঠ শব্দ নিৰ্দেশক : সাগৰ সৌৰভ (ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ শব্দ : উৎপল ৰায় (ৰাজমুকুট থিয়েটাৰ), শ্ৰেষ্ঠ খলনায়ক : জিতু গগৈ (সূৰ্যোদয় থিয়েটাৰ), শ্ৰেষ্ঠ ব্যৱস্থাপক : বীৰেন বৰ্মন (ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ ৰন্ধন শিল্পীঃ গণেশ দাস (হেঙুল থিয়েটাৰ), সম্পাদকৰ বিশেষ বঁটা : পাৰ্থ শৰ্মা (লুইতপৰীয়া থিয়েটাৰ), শ্ৰেষ্ঠ সাংস্কৃতিক সাংবাদিক : নজৰুল হক, সাংস্কৃতিক প্ৰতিবেদকৰ বিশেষ বঁটা : ৰমেন কলিতা, শ্ৰেষ্ঠ সৃষ্টিশীল সাংস্কৃতিক সাংবাদিক : অপূৰ্ব তালুকদাৰ । নেবকছৰ সভাপতি গগনাষ্টম গগৈ আৰু সাধাৰণ সম্পাদক বৰষা কাশ্যপে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে ১৯ মে’ ২০২৪ত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে এইসকল ব্যক্তিক বঁটাসমূহ প্ৰদান কৰা হ’ব।

You might also like