নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব সলনি কৰিব পৰা নতুন পদার্থ উদ্ভাৱনঃ বিদ্যুৎ-বৈদ্যুতিন খণ্ডৰ গতি সলাব ৰেডমেটাৰে

  • সমগ্র বিশ্ব সলনি কৰিব পৰা নতুন পদার্থ উদ্ভাৱন বিজ্ঞানীৰ
  • নিউয়র্কৰ ৰোচেষ্টাৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ৰংগা ডায়াছৰ নেতৃত্বত উদ্ভাৱন কৰা এই নতুন পদার্থৰ নাম ৰেডমেটাৰ
  • বিশ্বৰ বিদ্যুৎ আৰু বৈদ্যুতিনক ৰূপান্তৰিত কৰিব এই নতুন পদার্থবিধে
  • হাইড্র’জেন–নাইট্র’জেন আৰু লুটেটিয়ামৰ দ্বাৰা গঠিত এই সামগ্রী
  • উচ্চ গতিসম্পন্ন ৰে’ল, চিকিৎসা বিজ্ঞানৰ এমআৰআই আৰু চৌম্বকিক কার্ডিঅ’গ্রাফীকে ধৰি বিভিন্ন ডিজিটেল সঁজুলিক অধিক সক্ষম কৰি তুলিব

নিয়মীয়া বাৰ্তা, ১৫ মার্চ: সমগ্র বিশ্বকে সলনি কৰিব পৰা এটা নতুন অতিপৰিবাহী পদার্থ উদ্ভাৱন কৰিছে বিজ্ঞানীয়ে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্কৰ ৰোচেষ্টাৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক, বিজ্ঞানী ৰংগা ডায়াছৰ নেতৃত্বত এটা বিজ্ঞানীৰ দলে এক নতুন অতিপৰিবাহী পদার্থ উদ্ভাৱন কৰিছে৷ যিয়ে বিশ্বৰ শক্তি তথা বিদ্যুৎ আৰু ইলেক্ট্র’নিক্ছ (বৈদ্যুতিন) জগতখনক ৰূপান্তৰিত কৰিব৷ বিজ্ঞানভিত্তিক প্রখ্যাত জার্নেল নেচাৰত বিজ্ঞানীৰ দলটোৰ নতুন উদ্ভাৱনৰ বিষয়ে সবিশেষ প্রতিবেদন প্রকাশ কৰা হৈছে৷ হাইড্র’জেন, নাইট্র’জেন আৰু লুটেটিয়ামৰ পৰা এই নতুন অতিপৰিবাহী পদার্থবিধ উদ্ভাৱন কৰা হৈছে৷ নতুন উদ্ভাৱিত পদার্থবিধৰ নাম ৰেডমেটাৰ(Reddmatter) ৰখা হৈছে৷ এই পদার্থবিধ মাত্র ৬৯ ডিগ্রী ফাৰেনহাইট আৰু ১ গিগাপাছকেলৰ চাপতেই অতিপৰিবাহী হৈ উঠে৷ ই হৈছে পৃথিৱীৰ ভূপৃষ্ঠৰ বায়ুমণ্ডলৰ চাপৰ প্রায় ১০ হাজাৰ গুণ৷

লক্ষণীয় যে পূর্বৰ যিকোনো অতিপৰিবাহী পদার্থতকৈ বহু কম৷ প্রতিবেদনত বিজ্ঞানী ডায়াছে প্রকাশ কৰা মতে, হাইড্র’জেন, নাইট্র’জেন আৰু লুটেটিয়ামক একত্রিত কৰি দুটা হীৰা এনভিলৰ মাজত চাপ দি এই নতুন পদার্থবিধ উদ্ভাৱন কৰা হৈছে৷ মন কৰিবলগীয়া যে পদার্থটো উদ্ভাৱনৰ সময়ত ৰং নীলাৰ পৰা ৰঙালৈ ৰূপান্তৰিত হৈছিল৷ যাৰ বাবে বিজ্ঞানীৰ দলটোৱে পদার্থটোক ৰেডমেটাৰ নামকৰণ কৰাৰ এটা শব্দ বিচাৰি পাইছিল৷ বিজ্ঞানী ডায়াছৰ মতে, এই পদার্থবিধে অতিপৰিবাহিতা আৰু প্রয়োগমূলক প্রযুক্তিৰ নতুন আৰম্ভণি ঘটাব৷ অতিপৰিবাহী ব্যৱহূত ইলেক্ট্রনিক্ছ, বিদ্যুৎ স্থানান্তৰৰ লাইন, পৰিবহণ আৰু চুম্বকীয় আবদ্ধতাৰ সংযোজনৰ সপোন বাস্তৱ হৈ উঠিব৷ নতুন উদ্ভাৱিত পদার্থবিধৰ এনে কিছু অতিপৰিবাহী গুণ আছে যে ইয়ে পৰৱর্তী সময়ত ৰে’লৰ পৰা চিকিৎসা খণ্ডলৈকে অভূতপূর্ব পৰিৱর্তন আনিব৷ এই পদার্থবিধৰ বাবে বিদ্যুৎ তাঁৰৰ প্রতিৰোধৰ ক্ষমতা প্রতি ঘণ্টাত ২০ কোটি মেগাৱাটলৈ ক্ষতি নোহোৱাকৈ  প্রেৰণ কৰাৰ ক্ষমতাসম্পন্ন হ’ব৷ উচ্চ গতিসম্পন্ন, উৰন্ত তীব্রবেগী ৰে’লে ঘর্ষণবিহীনভাৱে চলাচল কৰিব পাৰিব৷

চিকিৎসা খণ্ডত ইমেজিং আৰু স্কেনিং কৌশল বিশেষকৈ এমআৰআই আৰু চুম্বকীয় কার্ডি’গ্রাফী অধিক সুলভ হৈ পৰিব৷ ডিজিটেল ল’জিক আৰু মেম’ৰী ডিভাইচ প্রযুক্তিৰ কাৰণে ইলেক্ট্র’নিক্ছ অধিক কার্যক্ষম হৈ উঠিব৷ নতুন পদার্থবিধে শক্তি আৰু চিকিৎসা খণ্ডৰ উপৰি আন ক্ষেত্রতো কার্যক্ষম হোৱাৰ সম্ভাৱনা উজ্জ্বল বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷

You might also like