নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯-২১ এপ্রিলৰ ভিতৰত মেট্রিকৰ ফলাফল

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ এপ্ৰিলঃ অহা ১৯-২১ এপ্রিলৰ ভিতৰত প্রকাশ পাব এই বছৰৰ মেট্রিক পৰীক্ষাৰ ফলাফল৷ এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সৰুপথাৰৰ নির্বাচনী সমাৱেশৰ ভাষণৰ মাজতেই মুখ্যমন্ত্রী ড০ শর্মাই এই কথা উল্লেখ কৰি কয় যে অহা ১৯, ২০ বা ২১ এপ্রিলত এইবাৰৰ মেট্রিক পৰীক্ষাৰ ফলাফল প্রকাশ পাব৷ এইবাৰ মেট্রিকত উত্তীর্ণ ছাত্রীসকলৰ বিনামূলীয়া নামভর্তিৰ লগতে তেওঁলোকৰ একাউণ্টত চৰকাৰৰ তৰফৰ পৰা ১০ হাজাৰ টকাকৈ প্রদান কৰা হ’ব৷ সেইদৰে এইবাৰ স্নাতক শ্রেণীত নামভর্তি কৰা ছাত্রীসকলৰ একাউণ্টত ১২,৫০০ টকাকৈ আৰু বিশ্ববিদ্যালয়ত নামভর্তি কৰা ছাত্রীসকলৰ একাউণ্টত ২৫ হাজাৰ টকাকৈ প্রদান কৰা হ’ব বুলিও ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

You might also like