নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকটৰ নামত হাৱালাৰে ৫ কোটি লৈছিল জিতেন্দ্র সিঙে

🎯নির্বাচনৰ প্রাক্ক্ষণত দুলু আহমেদৰ মহাবিস্ফোৰণ
🎯গুৱাহাটী সমষ্টিৰ বাবে দুই কোটি লৈ বঞ্চিত কৰিলে ৰমেন বৰঠাকুৰক
🎯লখিমপুৰৰ প্রার্থী উদয় শংকৰ হাজৰিকাৰ পৰা ৩ কোটি সংগ্রহ
🎯ছ’চিয়েল মিডিয়াত আহমেদে শ্বেয়াৰ কৰিলে ধন দিয়া চেক
🎯ধন লৈ বৰপেটা সমষ্টিত কংগ্রেছে দুর্বল প্রার্থী দিয়াৰ অভিযোগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ এপ্ৰিলঃ কংগ্রেছ দলত নির্বাচনত টিকট দিয়াৰ নামত ব্যাপক ধনৰ লেনদেন হয় বুলি প্রায় প্রতিটো নির্বাচনৰ ক্ষেত্রতে গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এইবাৰ লোকসভা নির্বাচনতো প্রার্থী বাছনিৰ ক্ষেত্রত ধনবলক অধিক প্রাধান্য দিয়াৰ বিষয়ে ইতিপূর্বে সাংসদ আব্দুল খালেকৰ পৰা আৰম্ভ কৰি প্রাক্তন সাংসদ দ্বিজেন শর্মায়ো ৰাজহুৱাকৈ অভিযোগ কৰিছে৷ দলটোত চলি অহা এনেধৰণৰ দুর্নীতি আৰু অৰাজকতাৰ বাবে ইতিমধ্যে ইজনৰ পাছত সিজন নেতাই কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদানৰ ধাৰা এতিয়াও অব্যাহত আছে৷ ইয়াৰ মাজতে প্রাক্তন কংগ্রেছ নেতা তথা প্রাক্তন অজাপৰ নেতা দুলু আহমেদে এইবাৰ লোকসভা নির্বাচনত ২–৩ কোটি টকাৰ বিনিময়ত দলীয় টিকট দিয়াৰ গুৰুতৰ অভিযোগ কৰাই নহয়, এনেধৰণে বৃহৎ পৰিমাণৰ ধন আদায় লৈ একাংশ কংগ্রেছ নেতাক শেষ মুহূর্তত টিকটৰ পৰা বঞ্চিত কৰাৰো অভিযোগ কৰে৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে মহা বিস্ফোৰণ ঘটাই প্রাক্তন কংগ্রেছী নেতা তথা বৰপেটা সমষ্টিৰ নির্দলীয় প্রার্থী দুলু আহমেদে কয় যে অসম প্রদেশ কংগ্রেছ কমিটীৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে টিকটৰ বিনিময়ত হাৱালাৰ জৰিয়তে লৈছিল ৫ কোটি টকা৷ আহমেদে প্রকাশ কৰা অনুসৰি গুৱাহাটী লোকসভা আসনৰ বাবে জিতেন্দ্র সিঙে ৰমেন চন্দ্র বৰঠাকুৰৰ পৰা ২ কোটি টকা লৈছিল৷ কিন্তু শেষ মুহূর্তত বৰঠাকুৰক টিকটৰ পৰা বঞ্চিত কৰে৷ একে সময়তে লখিমপুৰ লোকসভা সমষ্টিৰ প্রার্থী উদয় শংকৰ হাজৰিকাৰ পৰাও দলীয় পুঁজিৰ নামত ৩ কোটি টকা জিতেন্দ্র সিঙে সংগ্রহ কৰিছিল বুলি আহমেদে ছ’চিয়েল মিডিয়াযোগে প্রকাশ কৰিছে৷ ফেচবুক পেজত অজাপৰ সদ্যপ্রাক্তন নেতা দুলু আহমেদে এইদৰে কয়– গুৱাহাটী লোকসভা আসনখনৰ বাবে জিতেন্দ্র সিঙে ২ কোটি টকা দলীয় প্রার্থিত্ব দিয়াৰ নামত ৰমেন চন্দ্র বৰঠাকুৰৰ পৰা হাৱালাৰ জৰিয়তে লৈছিল আৰু শেষ মুহূর্তত তেওঁক দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত কৰিছিল৷ সেই কথা আজি প্রমাণ হ’ল৷ যোৱা ১৬ ফেব্রুৱাৰী তাৰিখে ৰমেন বৰঠাকুৰে ২ কোটি টকা ইয়’ৰ ছেল্ফ বুলি লিখি তেওঁৰ নিজৰ একাউণ্টৰ পৰা জিতেন্দ্র সিঙে ঠিক কৰি দিয়া আন এটা একাউণ্টলৈ প্রেৰণ কৰিছিল আৰু সেই ২ কোটি টকা জিতেন্দ্র সিঙক দিয়াইছিল৷ কংগ্রেছ নেতৃত্বৰ তদন্ত কৰিবলৈ সাহস হ’বনে? নে সেই টকাৰ ভাগ কোনোবা ৰাজ্যিক নেতায়ো পাইছিল? এইধৰণৰ কথাৰ বাবে কংগ্রেছ দল তৃণমূল কর্মী আৰু ৰাইজৰ মনৰ পৰা নাইকিয়া হৈ গৈছে৷ ইয়াৰ সমান্তৰালভাৱে দুলু আহমেদে যোৱা ২ ফেব্রুৱাৰীত ৰমেন বৰঠাকুৰে ২ কোটি টকা আদায় দিয়া এখন চেক টুইটাৰ একাউণ্টত আপলোড কৰিছে৷ আনহাতে, ধনৰ বিনিময়ত বৰপেটা সমষ্টিত কংগ্রেছে দুর্বল প্রার্থী প্রক্ষেপ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে অজাপৰ প্রাক্তন নেতাজনে৷ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে অজন্তা মার্কেটৰ এজন অনা–সমীয়া ব্যৱসায়ীৰ জৰিয়তে ধন লোৱাৰ সবিশেষ জিতেন্দ্র সিং গুৱাহাটীলৈ আহিলেই প্রকাশ কৰা হ’ব৷ কেৱল লোকসভা নির্বাচনতেই নহয়, বিধানসভা নির্বাচনতো জিতেন্দ্র সিঙে টিকট প্রদানৰ নামত ধন লোৱা বুলি দুলু আহমেদে অভিযোগ কৰিছে৷ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়– টিকট প্রদানৰ নামত জিতেন্দ্র সিঙে মানস বৰাৰ পৰা তাজ ভিভাণ্টাত ২ কোটি টকা লৈছিল৷ বিধানসভাই হওক অথবা লোকসভাই হওক কংগ্রেছৰ বাবে ২ কোটি টকা নির্ধাৰিত৷ হাজোৰ টিকট দিম বুলি মানস বৰাৰ পৰা তাজ ভিভাণ্টাত ধন লৈছিল৷ পাছত যিগৰাকী প্রার্থীয়ে টিকট লাভ কৰিলে তেওঁৰ পৰাও ডেৰ কোটিমান টকা লৈছে৷ তেওঁৰ পেট্র’ল পাম্প সকলো বিক্রী গ’ল৷ তাত আকৌ মুছলিম প্রার্থী প্রক্ষেপ কৰাৰ বিনিময়ত বিজয়া চক্রৱর্তীৰ পৰাও এটা মোটা অংকৰ ধন আহিছে৷ প্রায় ৭ কোটি টকা তাত সংগ্রহ কৰিছে৷ লোকসভাৰ গুৱাহাটী আৰু লখিমপুৰ সমষ্টিৰ বাবে ধন লোৱাৰ তথ্য ৰাজহুৱা কৰি দুলু আহমেদে এইদৰেও কয় যে কেইদিনমান পাছত দুগৰাকী শীর্ষ নেতাৰ ক’ৰ পৰা কিমান টকা লৈছে তাৰ টেলিফোনিক বার্তালাপৰ তথ্যও প্রকাশ পাব৷ এই বিস্ফোৰক অভিযোগৰ পাছতে লোকসভা নির্বাচনৰ প্রাক্ক্ষণত কংগ্রেছ দলত ধুমুহাৰ সৃষ্টি হৈছে৷ কিয়নো শেহতীয়াকৈ প্রার্থিত্ব প্রদানৰ নামত সৃষ্টি হোৱা খেলিমেলিত বহুকেইজন নেতা আৰু দলীয় কর্মী অসন্তুষ্ট হৈ দলত্যাগ কৰিছে৷ কেৱল দলীয় মঞ্চতেই নহয়, কংগ্রেছ দলৰ কার্যকলাপে বিৰোধী ঐক্যমঞ্চৰ মিত্রদলসমূহৰ মাজতো প্রতিক্রিয়াৰ সৃষ্টি কৰি আহিছে৷ ইয়াৰ মাজতে দুলু আহমেদৰ অভিযোগে কংগ্রেছত বিধানসভা অথবা লোকসভা নির্বাচনৰ টিকট প্রদানৰ নামত ধনৰ লেনদেন সঁচাকৈয়ে হয় নেকি সেয়া পুনৰ এবাৰ চর্চিত হৈছে৷ ইফালে, এই অভিযোগৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত ৰমেন বৰঠাকুৰে নতুনকৈ দলত যোগদান কৰা একাংশ নেতাক প্রার্থিত্ব প্রদানক লৈ অসন্তুষ্টি প্রকাশ কৰিছে৷ এই বিষয়সমূহক লৈ শ্ব’কজ দিলে দল ত্যাগ কৰাৰ হুংকাৰ দি ৰমেন বৰঠাকুৰে কয়– সকলো নতুন মানুহক দলৰ পুৰস্কাৰ দি দিব৷ কংগ্রেছৰ কেনেদৰে ভৱিষ্যতে ভাল হ’ব? অজিত ভূঞাৰ মতে বোকাখাত দিব৷ মনজিৎ মহন্তক আসন দিব৷ এয়া কেনেকুৱা কথা৷ আনহাতে, টিকটৰ নামত ধন দিয়াৰ কথা অস্বীকাৰ কৰিছে লখিমপুৰ সমষ্টিৰ কংগ্রেছ প্রার্থী উদয় শংকৰ হাজৰিকাই৷ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়– মই কেতিয়াও মন্ত্রী অথবা বিধায়ক হোৱা নাই৷ ঠিকাদাৰো মই নহয়৷ তেনেকুৱা এজন মানুহৰ হাতলৈ ৩ কোটি টকা ক’ৰ পৰা আহিব? তেওঁ কিয় কৈছে মই নাজানো৷ দলে টিকট ল’বলৈ মোক আমন্ত্রণ কৰিছে৷ মই টিকট বিচাৰি গুৱাহাটীলৈও যোৱা নাই, দিল্লীলৈও যোৱা নাই৷ মই ঘৰতে বহি আছোঁ৷ ঘৰত বহি থাকোঁতে টকা কোনফালেৰে যাব৷ অৱশ্যে মন্ত্রী পীয়ূষ হাজৰিকাই ইয়াৰ তদন্ত হ’ব লাগে বুলি প্রতিক্রিয়া প্রকাশ কৰিছে৷ আজি সংবাদ মাধ্যমৰ সন্মুখত সাংবাদিকে টিকটৰ নামত কংগ্রেছত ধনৰ লেনদেন হোৱাৰ অভিযোগ সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত মন্ত্রী হাজৰিকাই কয়– যদি সঁচা হয়, এইটো এটা ডাঙৰ কেলেংকাৰি৷ সাধাৰণতে শুনা যায় যে কংগ্রেছ এনে কেলেংকাৰিত লিপ্ত হয়৷ টিকট দিয়াৰ নামত কংগ্রেছে টকা লয়৷ এইটো কংগ্রেছৰ বিৰুদ্ধে ডাঙৰ অভিযোগ৷ সঁচা–মিছা মই নাজানো, যদি সঁচাই হৈছে তেনেহ’লে অত্যন্ত গুৰুত্বপূর্ণ৷ ইয়াৰ নিশ্চয় তদন্ত হ’ব লাগে৷ ইয়াৰ বিপৰীতে মুকলি অথবা গোপনে যিধৰণেই নিদিয়ক কিয় চান্দা ল’বই বুলি প্রকাশ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁ কয়– বহু বিষয়া আৰু ব্যৱসায়ীয়ে মুকলিকৈ চান্দা দিব নোখোজে৷ মনে মনে দিলেও ল’ম, মুকলিকৈ দিলেও ল’ম৷

You might also like