নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবাসীক মাধমাৰ: অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ মাজতে এইবাৰ ঔষধৰ দাম বৃদ্ধি

  • ১ এপ্রিলৰ পৰা ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি পাব
  • বিষনাশক, এণ্টিবায়োটিক, এণ্টিইনফেক্টিভ আৰু হূদৰোগৰ ঔষধৰ দাম ১২ শতাংশকৈ বৃদ্ধি পাব

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ:  ইন্ধনকে ধৰি ঘৰুৱা অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰা দেশবাসীক পুনৰ এক মাধমাৰ৷ অহা ১ এপ্রিলৰ পৰা ঔষধৰ মূল্য বৃদ্ধি পাব ১২ শতাংশ৷ অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে দেশবাসীক ত্রাহি–মধুসূদন সোঁৱৰাৰ সময়তে অত্যাৱশ্যকীয় ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধিৰ সিদ্ধান্তই দেশৰ জনগণক আন এক মাধমাৰ শোধালে৷ ২০২৩ চনৰ ১ এপ্রিলৰ পৰা ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি কৰাৰ পূর্বে ঔষধৰ মূল্য ২০২২ চনত ১০.৭৭ শতাংশ বৃদ্ধি কৰা হৈছিল৷ ইয়াৰ পূর্বে ২০২১ চনত ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছিল ৮.৬৬ শতাংশ৷ অর্থাৎ তিনি বছৰত ঔষধৰ মূল্যবৃদ্ধি হ’ল ৩১.৪৩ শতাংশ৷ কার্যতঃ ৩১ শতাংশ ঔষধৰ মূল্যবৃদ্ধিৰে দেশৰ জনগণৰ ঘৰুৱা বাজেটত প্রচণ্ড প্রভাৱ পেলাইছে৷ নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটীয়ে অহা ১ এপ্রিলৰ পৰা ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি পাব বুলি ঘোষণা কৰিছে৷

নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটীক কেন্দ্রীয় চৰকাৰে ঔষধৰ মূল্য ১২ শতাংশকৈ বৃদ্ধি কৰাৰ অনুমতি প্রদান কৰাৰ পাছতেই অথৰিটীয়ে ১ এপ্রিলৰ পৰা এই মূল্যবৃদ্ধি বলৱৎ কৰিব৷ প্রকাশিত তথ্য মতে, ১ এপ্রিলৰ পৰা বিষনাশক, এণ্টিবায়োটিক, এণ্টিইনফেক্টিভ আৰু হূদৰোদৰ ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি পাব৷ এই মূল্যবৃদ্ধিয়ে দেশৰ ৰোগীৰ বাবে অত্যাৱশ্যকীয় হাৰত ব্যৱহূত হৈ থকা ৮০০তকৈ অধিক অত্যাৱশ্যকীয় ঔষধ আৰু চিকিৎসা সঁজুলিতো প্রভাৱ পেলাব৷ জ্বৰ, সংক্রমণ সংক্রান্তীয় ৰোগ, হূদৰোগ, উচ্চ ৰক্তচাপ, ছালৰ ৰোগ, এনিমিয়াকে ধৰি বিভিন্ন ৰোগৰ ঔষধৰ মূল্য বৃদ্ধি পাব৷

লক্ষণীয় যে প্রতি বছৰে ১ এপ্রিলত ঔষধৰ পাইকাৰী মূল্যসূচক পুনৰীক্ষণ কৰি বৃদ্ধি কৰা প্রক্রিয়া এটা চলি আহিছে যদিও বিগত তিনি বছৰত ঔষধৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ ২০২১ৰ পূর্বে ৫ বছৰত ঔষধৰ মূল্য ১ৰ পৰা ২ শতাংশৰ মাজত বৃদ্ধি পাইছিল৷ কিন্তু ঔষধ প্রস্তুতকাৰী ৰাসায়নিক পদার্থৰ মূল্যবৃদ্ধি হোৱাৰ গইনা লৈ বিগত তিনি বছৰত অভাৱনীয়ভাৱে ঔষধৰ মূল্যবৃদ্ধিৰ শতাংশ বৃদ্ধি কৰি আছে নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটী (এনপিপিএ)য়ে৷ কম মূল্যৰ ঔষধত শতাংশ হাৰত মূল্যবৃদ্ধিয়ে গ্রাহকৰ কিম্বা ৰোগীৰ ক্ষেত্রত প্রভাৱ সামান্য পেলায় যদিও উচ্চ মূল্যৰ ঔষধত শতাংশ হাৰত বৃদ্ধিয়ে প্রচণ্ড প্রভাৱ পেলায়৷

You might also like