নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৰবৰীয়া বজাৰ দখলৰ ষড়যন্ত্র মেঘালয়ৰ

অসম–মেঘালয় সীমান্তৰ গামেৰীমূৰাত উত্তেজনা

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ মেঘালয়ে অসমৰ ওপৰত ধাৰাবাহিকভাৱে আগ্রাসনৰ ন ন ষড়যন্ত্র ৰচি অসমৰ মানচিত্রৰ প্রতি কেৱল ভাবুকি কঢ়িয়াহ অনাই নহয়, দুয়ো ৰাজ্যৰ পৰিস্থিতি অশান্ত কৰি তোলাত সীমান্তবাসীৰ জীৱন–সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে৷ এনে এক আতংকময় পৰিৱেশৰ মাজতে আজি পুৱাহ বকো আৰক্ষী থানাৰ এলেকাধীন গামেৰীমূৰাৰ শুকুৰবৰীয়া সাপ্তাহিক বজাৰ মেঘালয়ৰ একাংশ লোকে বেদখল কৰি মেঘালয়ৰ শিলডুবিত স্থাপন কৰাৰ ষডযন্ত্র ৰচনা কৰে৷ এহ কুটিল ষড়যন্ত্রৰ অংশ হিচাপেহ অসমবিদ্বেষী মেঘালয়ৰ চক্রটোৱে বজাৰখনৰ ব্যৱসায়ীৰ সৈতে যোগাযোগ কৰি আছে৷ পাছত অসমৰ সীমামূৰীয়া গামেৰীমূৰা অঞ্চলৰ বাসিন্দাসকলৰ লগতে গামেৰীমূৰা আঞ্চলিক বজাৰ উন্নয়ন কমিটীয়ে বিশেষ তৎপৰতাৰে মেঘালয়ৰ এহ চক্রান্ত ব্যর্থ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷

ইপিনে, অসমবিদ্বেষী মেঘালয়ৰ এহ চক্রটোৰ ষড়যন্ত্রৰ বলি হৈ একাংশ ব্যৱসায়ীয়ে গামেৰীমূৰা আঞ্চলিক বজাৰ এৰিব লোৱা পৰিস্থিতি সৃষ্টি হয় যদিও বজাৰ উন্নয়ন কমিটীয়ে ব্যৱসায়ীসকলক বাধা দিছে৷ এনে পৰিস্থিতিৰ মাজতে একাংশ মেঘালয়ৰ সমর্থনকাৰীয়ে অসমৰ সমর্থনকাৰীক মাৰপিট কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ উল্লেখ্য যে অসমৰ গাতে লাগি থকা অসমবিদ্বেষী মেঘালয়ৰ লোকে আজিৰে পৰা স্থাপন কৰা শিলডুবি বজাৰত বজাৰ কৰিবলৈ যোৱাৰ সময়ত সংঘটিত হয় এহ মাৰপিটৰ ঘটনা৷ মাৰপিটত আহত হয় প্রিটিচ চাংমা নামৰ অসমৰ বাসিন্দা এজন৷ সম্প্রতি অসমবিদ্বেষী মেঘালয়ৰ লোকৰ এনে সন্ত্রাসে সীমান্তৰ অসমবাসী লোকসকলক শংকিত কৰি তোলা পৰিলক্ষিত হৈছে৷

You might also like