নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মেট্রিকৰ ফলাফল

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বাতিল হোৱা মেট্রিক আৰু হাইমাদ্রাছা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব৷ অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)–এ আজি দিনৰ ১১ বজাত ফলাফলসমূহ ঘোষণা কৰিব৷ বিদ্যালয় মূল্যায়ন কমিটী আৰু জিলাভিত্তিক পুনৰীক্ষণ কমিটীয়ে যুটীয়াভাৱে কৰা মূল্যায়নৰ ভিত্তিত ফলাফলসমূহ ঘোষণা কৰা হ’ব৷

পি ডি এফ ফর্মেটত ফলাফল পুস্তিকাসমূহ উপলব্ধ হ’ব৷ এইবাৰ মুঠ ৭,৩০১খন বিদ্যালয়ৰ ৪,৩৮,৮২৮জন পৰীক্ষার্থীৰ ফলাফল ঘোষণা কৰা হ’ব৷ ইয়াৰে ৪,২৬,৫৫৩জন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু ১২,২৭৫জন অসম হাইমাদ্রাছা চূড়ান্ত পৰীক্ষাৰ প্রার্থী৷

ইপিনে আজি পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ লগে লগে প্রার্থীসকলে মার্কশ্বীটসমূহ ডিজিটেল ফর্মেটৰ জৰিয়তে সংশ্লিষ্ট ৱেবছাইট আৰু ম’বাইল এপৰ পৰা ডাউনলোড কৰিব পাৰিব৷ এই ডিজিটেল মার্কশ্বীটৰ জৰিয়তে ছাত্র–ছাত্রীসকলে একাদশ শ্রেণীত নামভর্তি কৰিব পাৰিব৷ অৱশ্যে মার্কশ্বীট আৰু উত্তীর্ণৰ প্রমাণ–পত্রসমূহ বিতৰণ কৰাৰ পূর্বে জাননী জাৰি কৰা হ’ব৷

ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটসমূহ
https://sebaonline.org, www.sebaresults.in, resultsassam.nic.in, www.results.shiksha, www.assam.shiksha, www.assamonline.in, www.indiaresults.com, exametc.com, www.schools9.com, assamjobalerts.com, assamresult.in, https:// iresults.net, necareer.com আৰুwww.jagarnjosh.com

You might also like