নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী–গৃহমন্ত্ৰীৰ হস্তক্ষেপত সমাধানৰ দিশে সীমা বিবাদঃ ৫ আগষ্টত আইজললৈ যাব মন্ত্রী অতুল বৰা–অশোক সিংঘল

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত সীমা বিবাদক কেন্দ্র কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ প্রতিক্রিয়া এতিয়াও মাৰ যোৱা নাই৷ সীমান্তৱর্তী অঞ্চলটোত ক্রমাৎ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিবলৈ আৰম্ভ কৰিছে যদিও এতিয়াও অব্যাহত আছে চেপা উত্তেজনা৷ লাইলাপুৰত নিৰপেক্ষ বাহিনী হিচাপে চি আৰ পি এফে পহৰা দি পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা কৰিছে৷

ইয়াৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ হস্তক্ষেপত সীমা বিবাদ নিষ্পত্তি হোৱাৰ দিশে আগবাঢ়িছে৷ সীমান্তত বিবাদ দূৰ কৰি আলোচনাৰ প্রক্রিয়া আগবঢ়াই নিয়াৰ বাবে এক পৰিৱেশ গঢ়ি তুলিবলৈ প্রচেষ্টা আৰম্ভ কৰিছে মিজোৰাম আৰু অসমৰ মুখ্যমন্ত্রীয়েও৷

সোমবাৰে দুয়োগৰাকী মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট ৰাজ্যৰ আৰক্ষীক সীমা বিবাদক কেন্দ্র কৰি ৰুজু কৰা গোচৰ প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিছে৷ যোৱা ২৬ জুলাইত মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্রীসহ একাংশ আৰক্ষী বিষয়া আৰু প্রশাসনিক বিষয়াৰ লগতে ২০০ আৰক্ষী জোৱানৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্রত্যাহাৰ কৰিবলৈ কালি নির্দেশ দিছে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই৷

এক টুইটযোগে মিজোৰামৰ মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি ৰাজ্যখনৰ কোলাচিব জিলাৰ ভাইৰেংটিত দাখিল কৰা এজাহাৰ প্রত্যাহাৰ কৰিবলৈ তেওঁ নির্দেশ দিছে৷ এই প্রসংগত টুইটত জোৰামথাংগাই কয়– ‘অসম–মিজোৰামৰ সীমা বিবাদৰ এক শান্তিপূর্ণ সমাধানৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰাৰ বাবে আৰু ৰাজ্যখনৰ নাগৰিকসকলে সন্মুখীন হোৱা যন্ত্রণা দূৰ কৰাৰ বাবে মিজোৰাম আৰক্ষীক এজাহাৰখন প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিয়া হৈছে৷’

উল্লেখ্য যে কোলাচিব জিলাত দাখিল কৰা এজাহাৰত চাৰিগৰাকী শীর্ষস্থানীয় আৰক্ষী বিষয়াৰ লগতে কাছাৰ জিলাৰ উপায়ুক্ত, ডি এফ অ’ আৰু আন ২০০জন জোৱানক অভিযুক্ত কৰা হৈছিল৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া প্রকাশ কৰি তদন্তত তেওঁ সহযোগিতা কৰিবলৈ সাজু আছে বুলি উল্লেখ কৰাৰ লগতে ৰাজ্যখনৰ বিষয়াসকলক বিপদৰ সন্মুখীন হ’ব দিব নোৱাৰে বুলি স্পষ্ট কৰি দিছিল৷ ইয়াৰ পাছতে মিজোৰামৰ মুখ্য সচিবে প্রকাশ কৰিছিল যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নাম এজাহাৰৰ পৰা প্রত্যাহাৰ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্রত্যাহাৰ কৰিবলৈ অসম আৰক্ষীক নির্দেশ দিছে৷ সমান্তৰালভাৱে জোৰামথাংগাই যোৱা ২৬ জুলাইত দাখিল কৰা এজাহাৰ প্রত্যাহাৰ কৰিবলৈ মিজো আৰক্ষীক দিয়া নির্দেশৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই অসম আৰক্ষীক কোলাচিব জিলাৰ উপায়ুক্ত আৰু ভাইৰেংটিৰ এছ ডি পি অ’ৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিছে৷

এক টুইটযোগে মুখ্যমন্ত্রী ড০ শর্মাই এই কথা সদৰী কৰিছে৷ একে সময়তে সীমা বিবাদ দূৰ কৰাৰ বাবে অহা ৫ আগষ্টত আইজললৈ যাব কৃষিমন্ত্রী অতুল বৰা আৰু মন্ত্রী অশোক সিংঘল৷ টুইটযোগে মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি অসমৰ সীমান্তত শান্তিপূর্ণ পৰিস্থিতি অব্যাহত থকাটো বিচাৰে অসমে৷ যাতে উত্তৰ–পূর্বাঞ্চল বিকাশৰ পথেৰে আগবাঢ়ি যাব পাৰে৷ সেয়েহে এই সীমা সমস্যা শীঘ্রে সমাধানৰ বাবে দুয়োগৰাকী মন্ত্রীক তেওঁক আইজললৈ প্রেৰণ কৰিব বুলিও সদৰী কৰিছে টুইটত৷

উল্লেখ্য যে অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই কৰা আক্রমণৰ ফলত অসম আৰক্ষীৰ ৬জন জোৱান শ্বহীদ হোৱাৰ লগতে অর্ধশতাধিক জোৱান আহত হৈছিল৷ এই ঘটনাৰ পাছতে দেশজুৰি প্রতিক্রিয়া সৃষ্টি হৈছিল৷

ইপিনে,  এই বিষয়টোক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে মিজোৰামৰ ৰাজ্যপাল কে হৰিবাবুৱে৷ প্রধানমন্ত্রীক সাক্ষাতৰ পাছত সংবাদ মাধ্যমৰ আগত মিজোৰামৰ ৰাজ্যপালগৰাকীয়ে সীমান্তত সংঘটিত ঘটনাক দুর্ভাগ্যজনক আখ্যা দিয়ে৷ তেওঁ লগতে কয়– ‘কেন্দ্রীয় গৃহমন্ত্রীয়ে এই সমস্যা সমাধানৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে৷ অসম আৰু মিজোৰামৰ মুখ্যমন্ত্রীয়েও সীমা বিবাদ দূৰ কৰি শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে নিজৰ দায়বদ্ধতা প্রকাশ কৰিছে৷’

You might also like