নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি–চাৰি দিনতে অজাপ-ৰাইজৰ দলৰে বিপিএফৰ মিত্রতা

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মিত্রতাকেন্দ্রিক সমীকৰণসমূহেও ব্যাপক চর্চা লাভ কৰিছে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট আৰু কংগ্রেছ নেতৃত্বৰ মহাজোঁটৰ সমান্তৰালভাৱে আঞ্চলিক দলসমূহেও ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ প্রস্তুতি চলাইছে৷ দোধোৰ–মোধোৰ অৱস্থা এৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে নির্বাচনকেন্দ্রিক মিত্রতা গঢ়িবলৈ আগবাঢ়িছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল৷ এই সন্দর্ভত আনুষ্ঠানিক ঘোষণা নহ’লেও হাগ্রামা মহিলাৰীয়ে ইয়াৰ স্পষ্ট ইংগিত দিছে৷

নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে আলোচনা চলি থকা বুলি মন্তব্য কৰি তেওঁ কয় যে অহা তিনি–চাৰি দিনৰ ভিতৰত বিপিএফে কোন দলৰ সৈতে মিত্রতা কৰিব সেই সন্দর্ভত আনুষ্ঠানিক ঘোষণা কৰিব৷ কিন্তু নির্বাচনত বিপিএফ দলে বিটিএডিৰ বাহিৰৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকিব৷ তেওঁলোকে বিটিএডিৰ ১২টা সমষ্টিত প্রতিদ্বদ্বিতা কৰিব আৰু আন সমষ্টিসমূহত মিত্রদলক সমর্থন জনাব৷ স্পষ্টকৈ নক’লেও হাগ্রামা মহিলাৰীৰ মন্তব্যই আঞ্চলিক দলৰ সৈতে হ’বলগীয়া মিত্রতাৰ ইংগিতেই প্রদান কৰিছে৷

উল্লেখ্য যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে পৃথকে পৃথকে বিপিএফৰ সৈতে আলোচনা অব্যাহত ৰাখিছিল৷ প্রাৰম্ভিক আলোচনা ইতিবাচক দিশত আগবাঢ়ে যদিও হঠাৎ বিপিএফৰ স্থিতি সলনি হ’বলৈ ধৰে৷ আনুষ্ঠানিক মিত্রতাৰ সলনি বিটিএডিৰ ১২টা সমষ্টিত নতুন অঞ্চলিক দলে প্রতিদ্বন্দ্বিতা নকৰিলে আন সমষ্টিসমূহত বিপিএফে সমর্থন দিব বুলি নতুন চর্ত আৰোপ কৰে৷ কিন্তু শেহতীয়াকৈ বিপিএফৰ বিৰুদ্ধে বিজেপিয়ে আগ্রাসী নীতি গ্রহণ কৰাত তেওঁলোকৰ সন্মুখত আহি পৰে প্রবল প্রত্যাহ্বান৷ হাগ্রামা মহিলাৰীকো নতুন মিত্রশক্তিৰ প্রয়োজন হয়৷ এনে পৰিস্থিতিত তেওঁৰ সন্মুখত খোলা আছিল দুখন দুৱাৰ৷

এফালে কংগ্রেছ নেতৃত্বাধীন মহাজোঁট, আনফালে দুই আঞ্চলিক দলৰে মিত্রতা৷ বিপিএফৰ জ্যেষ্ঠ নেতাসকলৰ পৰামর্শৰ ভিত্তিতে হাগ্রামা মহিলাৰীয়ে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰে মিত্রতা গঢ়াৰ দিশত আগবাঢ়িছে যদিও বিপিএফ ১২টা সমষ্টিত প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্তত এতিয়ালৈকে অটল আছে৷ কিন্তু শেষ মুহূর্তত বিটিএডিৰ আন জাতি–জনগোষ্ঠীৰ লোকৰ সমর্থন লাভৰ স্বার্থতে এটাকৈ সমষ্টি মিত্রদল দুটাক এৰি দিয়াৰ সম্ভাৱনা আছে৷ সকলো আলোচনা সঠিক দিশত আগবাঢ়িলে অজাপ আৰু ৰাইজৰ দলৰ সৈতে একেখন মঞ্চত দেখা যাব বিপিএফকো৷

You might also like