নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূতা-কম্বল দি প্ৰলোভনৰ ৰাজনীতি কৰাৰ দিন উকলিল : মন্ত্ৰী কেশৱ মহন্ত

বঢ়মপুৰ সমষ্টিত ৫,৬০৪ খন ৰেচন কাৰ্ড বিতৰণ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০২৩ৰ অধীনত নৱগঠিত ৫৯নং বঢ়মপুৰ বিধানসভা সমষ্টিত আজি ৫,৬০৪খন ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই৷ ইতিপূৰ্বে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচঁনিৰে ঢুকি নোপোৱা ৰাজ্যৰ লাখ লাখ লোকক এই আচঁনিৰ জৰিয়তে বিনামূলীয়াকৈ চাউল লাভ কৰিবলৈ সক্ষম হব বুলি মন্ত্ৰী কেশৱ মহন্তই ভাষন প্ৰসংগত উল্লেখ কৰাৰ লগতে উক্ত ৰেচন কাৰ্ডখন লাভ কৰা লোক সকলে উজ্জ্বলা গেছ আৰু পাঁচ লাখ টকাৰ চিকিৎসাৰ বাবে আয়ুস মান কাৰ্ড লাভ কৰিব বুলি ভাষন প্ৰসংগত উল্লেখ কৰে৷ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৰেচন কাৰ্ড বিতৰণৰ সভা খনত মুখ্য অতিথি হিচাপে মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি ভাষন প্ৰসংগত কয় যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ আগত চৰকাৰে মহিলাসকলক সূতা কম্বল আঁঠুৱা দি প্ৰলোভনৰ ৰাজনীতি কৰিছিল ৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পিছত মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ অৰুণোদয় আচঁনিৰ জৰিয়তে হওক বা বৰ্তমান মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আচঁনিৰ জৰিয়ত মহিলা সকলক গোটসমুহৰ জৰিয়তে দহ হাজাৰ টকা অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বৰ্তমান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতবৰ্ষৰ ভিতৰত অসমক এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে ৷ আজি অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ সভাখনত বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী উপস্থিত থাকি ভাষন প্ৰসংগত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বঢ়মপুৰ সমষ্টি উন্নয়নৰ এক নতুন দিগন্ত সুচনা কৰিছে ৷ নৱগঠিত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বৰ্তমান ৫,৬০৪ খন ৰেচন কাৰ্ড জৰিয়তে মুঠ ৩৫,১৮৬ হিতাধিকাৰীয়ে বিনামূলীয়া চাউল লাভ কৰিব বুলি বিধায়ক জনে ভাষন প্ৰসংগত উল্লেখ কৰাৰ লগতে পৰৱৰ্তী সময়ত আৰু বহু লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হব বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে ৷ আজি অনুষ্ঠিত সভাখনত নগাঁও জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা পুৰণিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিন্টু শৰ্মাকে ধৰি বহু কেইজন বিজেপি আৰু এজিপি নেতা উপস্থিত থাকে ৷ অশুংমান গোস্বামীয়ে আতঁ ধৰা উক্ত সভা খনত নগাঁও জিলা খাদ্য অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক সতিন্দ্ৰ নাথ বৈশ্য, যোগান বিভাগৰ পৰিদৰ্শক শান্তুনু বৰদলৈ লগতে পৰিদৰ্শক ৰাজীৱ মৰানকে ধৰি বহুকেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like