নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত মথাউৰিৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ৮ মে’ : “আমি চৈধ্যটাৰ এঘাৰটা সমষ্টিত এশ শতাংশই জিকিম, সেয়া নিশ্চিত৷ তাৰোপৰি আৰু এটাত আশা পঞ্চাশ-পঞ্চাশ হৈ আছে৷ সেইটোতো জিকিব পাৰো। অৰ্থাত বাৰটা সমষ্টিত জয়লাভ কৰিম বুলি নিঃসন্দেহে কব পাৰি৷ কিন্তু আগতে যিকোনো দলে মাত্ৰ সাত আঠখন আসনহে পাইছিল৷ গতিকে এইবাৰ আমাৰ ফলাফল খুব ভাল হব” এই মন্তব্য ৰাজ্য চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ। আজি বজালীত উপস্থিত হৈ সাংবাদিকেৰে হোৱা কথোপকথনত যোৰাহাট সমষ্টি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে যোৰহাটতো বিজেপি নিশ্চিতভাৱে অতি ভাল ভোটৰ ব্যৱধানত জয়লাভ কৰিব৷ একাংশ যোৰহাটৰ বাহিৰৰ লোকে ফেচবুকৰ লাইক শ্বেয়াৰ দেখি যোৰহাটত হৰা জিকা কথা কয় বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয় যে প্ৰকৃত ছবি কিন্তু সেয়া নহয়। আনহাতে বদৰুদ্দিন আজমল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “বদৰুদ্দিন আজমলে হাহে – কান্দে বা বদৰুদ্দিন হৰা জিকালৈ মোৰ কোনো ইচ্ছু নাই৷ আমাৰ কথা হৈছে এইবাৰ আমি অতি কমেও বাৰটা লোকসভা সমষ্টিত জয়লাভ কৰিব লাগে আৰু অহা বিধান সভা নিৰ্বাচনত আমি কমেও ১০০ সমষ্টিত জয়লাভ কৰিব লাগে৷ তাকে কংগ্ৰেছকো হৰুৱাব লাগিব, এ আই ইউ ডি এফকো হৰুৱাৰ লাগিব৷ কাৰণ কংগ্ৰেছ-এ আই ইউ ডি এফ প্ৰকৃততে ভাই ভাই আৰু তেওঁলোকৰ সতে আমাৰ কোনো মতলবো নাই৷ আনহাতে ধুবুৰীৰ প্ৰাৰ্থীসকলৰ বিষয়েও তেওঁ কয় যে নিজৰ সমষ্টিত মানুহ নাপালে ধুবুৰী যোৱাটো একো ডাঙৰ কথা নহয়। “আমি হিচাপ কৰো নিজৰ সমষ্টিত কিমান মানুহ হয়, কিছুমান নেতাই আকৌ বেলেগৰ সমষ্টিৰ মানুহহে হিচাপ কৰে৷ কাৰণ তেওলোকে নিজৰ সমষ্টিত ২০০ মানুহ পায়, কিন্তু ধুবুৰীলৈ গ’লে ২০০০ মানুহ পায়” বুলি তাৎপয্যপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে অসমত লোকসভা নিৰ্বাচনৰ সামৰণি পৰাৰ লগে লগে আজি বজালীত চলি থকা জিও টিউব পাইলট প্ৰজেক্টৰ কাম পৰিদৰ্শন কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী হাজৰিকাই কয়, “নতুন কাম আৰম্ভ কৰিছো, কিমান সফল হও সেয়া সময়ে কব৷ এইবাৰ বজালীত যাতে বানপানী নহয় তাৰ কাৰণে আহিছো” বুলি মন্তব্য কৰি ঠিকাদাৰক সকীয়নি প্ৰদান কৰি কয় যে ঠিকাদাৰসকলে সময় মতে কাম কৰিব লাগিব৷ তেওঁ কয়, “উঠি অহা অসমীয়া লৰা মৰম কৰো। ময়ো অসমীয়া লৰা, কাম কৰিবৰ মন আছে যদি ভালদৰে কৰা, নহলে পিছত বিধায়কে ক’লেও কাম নিদিও” বুলি ৰাজহুৱাভাবে ঠিকাদাৰক সকীয়নি প্ৰদান কৰি হাজৰিকাই কয় যে বজালীৰ পহুমৰা নৈৰ মথাউৰিৰ কাম সম্পুৰ্ণ নোহোৱালৈকে তেওঁ পহুমৰাতে লাগি থাকিব৷ কাৰন এটা মথাউৰি প্ৰতি বছৰে বাৰিষা আহিলেই ভাঙে আৰু বদনাম হয় বিভাগীয় মন্ত্ৰীগৰাকীৰ। গতিকে এইবাৰ এটা নতুন কাৰিকৰীৰ সহায়ত দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ সেয়েহে কামটো এই বছৰ সম্পুৰ্ণ নহবও পাৰে৷ কিন্তু যাতে বাৰিষাৰ পূৰ্বে অৰ্থাৎ অহা ৩১ মে’ৰ পূৰ্বে যাতে অন্তত ৭০ শতাংশ কাম সম্পুৰ্ণ হয় তাৰ বাবে ঠিকাদাৰক নিৰ্দেশ দিয়া হৈছে৷ আনহাতে কাজিৰঙাৰ গড় সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গঁড় হত্যা বন্ধ হৈছে। “কাজিৰঙাতটো এতিয়া গড় হত্যা কৰিব নোৱাৰা হ’ল, গড় হত্যাকাৰী পলাবলৈ বাধ্য হ’ল৷ আৰু পুৰ্বে কাৰ দিনত গড় হত্যা হৈছিল সেয়া ৰাইজে জানেই” বুলি কাৰো নাম উল্লেখ নকৰাকৈ তেওঁ মন্তব্য কৰে৷ আজি মন্ত্ৰী হাজৰিকাই বজালীৰ শান্তিপুৰ-দলৈগাঁও, হকাৰটুপ, গহিনপাৰা, ঘাথাৰটাৰী আৰু কটহবাৰীত চলি থকা পহুমৰা নদীৰ জিও টিউব মথাউৰিৰ কাম পৰিদৰ্শন কৰা সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সৈতে ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, জলসম্পদ বিভাগৰ বজালীৰ কাৰ্যবাহী অভিযন্তা কমলজিত গায়ন, সহকাৰী কাৰ্যবাহী অভিযন্তা নিবিড় ভূঞা আদিকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে জিঅ’ মেগা টিউবৰ জৰিয়তে অসমত প্ৰথমবাৰৰ বাবে মথাউৰি সুৰক্ষাৰ কাম হাতত লোৱা হৈছে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি(RIDF)ৰ অধীনত ২৫ কোটি টকা ব্যয় সাপেক্ষে বজালীত গহীনপাৰা অঞ্চলত পহুমাৰা নদীৰ দুয়োপাৰে মুঠ ৭.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণকাৰ্য চলি থকাৰ লগতে বজালীৰ কটাহবাৰী অঞ্চলত মথাউৰিৰ সুৰক্ষাৰ বাবে ৪৫ লাখ টকা ব্যয় সাপেক্ষে এটা প্ৰকল্পৰ কাম চলি আছে।

প্ৰেৰক কল্যাণ কলিতা৷

You might also like