নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ মহিলা চক্ৰ বিষয়াৰ

নিয়মীয়া বাৰ্তা, ৮ মে’ : নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাই জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। মানসিকভাৱে হাৰাশাস্তি দি থকাৰ অভিযোগ কৰি নলবাৰী সদৰ থানাত কালি নিশা এজাহাৰ দিয়ে চক্ৰবিষয়া অৰ্পণা শৰ্মাই। এজাহাৰত অভিযোগ কৰা মৰ্মে কালি চক্ৰবিষয়া অৰ্পণা শৰ্মাক Metarial cellত তাৎক্ষণিকভাৱে এটি ৱাটচাপ মেছেজযোগে দায়িত্ব দিয়া হয়। কিন্তু এই ক্ষেত্ৰত কোনোধৰণৰ আগতীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হোৱা নাছিল। যেতিয়া ৪০নং টিহু বিধানসভা সমষ্টিৰ লাগটিয়াল ইভিএম মেচিনকে ধৰি অন্যন্য নথি-পত্ৰসমুহ Metarial Cellৰ কাউন্টাৰলৈ আহি পায় সেই সময়ত পৰ্যাপ্ত শ্ৰমিকৰ অভাৱত সেইবোৰ তাৎক্ষণিকভাৱে ষ্ট্ৰং ৰূমলৈ নিব পৰা নাছিল। তেনে সময়তে জিলা আয়ুক্তগৰাকীয়ে বাৰে বাৰে আহি তেওঁ‌ক হেচা দিয়ে আৰু মানসিকভাৱে অত্যাচাৰ কৰা বুলি এজাহাৰত উল্লেখ কৰে। তেওঁ‌ৰ অভিযোগ পত্ৰ মতে, ইতিমধ্যে জিলা আয়ুক্তগৰাকীয়ে পূৰ্বেও তেওঁ‌ক একাধিকবাৰ মানসিক অত্যাচাৰ কৰিছে। যোৱা ২৪ জানুৱাৰী ২০২৪ত গণৰাজ্য দিৱস উপলক্ষে ৬২খন গামোচা যোগাৰ কৰি দিব নোৱাৰাত জিলা আয়ুক্ত বৰ্ণালী ডেকাই তেওঁ‌ক জবাবদিহি কৰিছে। অভিযোগকাৰীয়ে লিখা মৰ্মে আয়ুক্তগৰাকীৰ মানসিক অত্যাচাৰত বিতত হৈ যোৱা মাৰ্চ মাহত উক্ত চাকৰিৰ পৰা ইস্তাফা দিবলৈ ওলাইছিল যদিও সহকৰ্মী আৰু গুণমুগ্ধসকলৰ অনুৰোধত তেওঁ‌ এই সিদ্ধান্ত বাতিল কৰে বুলি জানিবলৈ দিয়ে। অভিযোগনামাত উল্লেখ কৰা মৰ্মে, যোৱা ৭ মে’ অৰ্থাৎ কালি মাজ নিশা জিলা আয়ুক্তগৰাকীৰ আচৰণত ভয় খাই তেওঁ‌ নিজকে বচাবলৈ সমগ্ৰ ঘটনাৱলী ম’বাইলত ৰেকডিং কৰিছিল। তাকে দেখি আয়ুক্তগৰাকীয়ে চো মাৰি আহি তেওঁ‌ৰ ম’বাইলটো কাঢ়ি নিবলৈ উপক্ৰম হৈছিল। তাকে দেখি তেওঁ‌ মাৰণাস্ত্ৰৰে আক্ৰমণ কৰিব বুলি ভয় খাই নিজৰ লগতে তেওঁ‌ৰ কণমানি ছোৱালীজনীৰ নিৰাপত্তা চাই তেওঁ‌ আইনসন্মত ব্যৱস্থা গ্ৰহণৰ বাবে এজাহাৰ দাখিল কৰিছে বুলি উল্লেখ কৰে। ইপিনে জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে স্বয়ং মহিলা এগৰাকী বিষয়াই এজাহাৰ দাখিল কৰা ঘটনাটিয়ে জিলাখনৰ সৰ্বস্তৰতে ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। আৰক্ষী তথা আইনৰ তৰফৰ পৰা কি ব্যৱস্থা বা পদক্ষেপ গ্ৰহণ কৰে ই লক্ষণীয় হৈ পৰিছে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like