নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গংগাধৰ নৈৰ খহনীয়াৰ বুজ ল’বলৈ কাইলৈ ধুবুৰীলৈ মন্ত্ৰী পীযুষ হাজৰীকা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ কাইলৈ গংগাধৰ নদীৰ গৰাখহনীয়াৰ বুজ ল’বলৈ ধুবুৰীৰ বিন্নাচৰাত উপস্থিত হ’ব মন্ত্ৰী পীযুষ হাজৰীকা। জানিব পৰা মতে, কাইলৈ গুৱাহাটীৰ পৰা পোনে পোনে আহি দুপৰীয়া ধুবুৰী বিধানসভা সমষ্টিৰ দুৰ্গম বিন্নাচৰা অঞ্চলত উপস্থিত হৈ গংগাধৰ নৈৰ খহনীয়াৰ পৰা লোকনিৰ্মাণ বিভাগৰ পথ সুৰক্ষা ব্যৱস্থাৰ বুজ ল’ব৷ কাইলৈ মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ গোলকগঞ্জৰ বেলগুৰি গাঁৱৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ বুজ লোৱাৰো সম্ভাৱনা থকা বুলিও প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like