নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ অধিকাৰ খৰ্ব-কিশোৰী নিৰ্যাতন : ইউটিউবাৰ মোস্তাফিজুৰক যোগীঘোপাত গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষীয়ে কালি অসমৰ অন্যতম ধনী আৰু জনপ্ৰিয় ইউটিউবাৰ হিচাপে পৰিচিত গোৱালপাৰাৰ মোস্তাফিজুৰ ৰহমানক  আটক কৰে। যোগীঘোপাত নিৰ্মীয়মান  মাল্টি মডেল লজিষ্টিত পাৰ্ক এলেকাত কেইগৰাকীমান শিশুক লৈ ভিডিঅ প্ৰস্তুত কৰি থকা সময়তে যোগীঘোপা আৰক্ষীয়ে ইউটিউবাৰ মোস্তাফিজুৰক আটক কৰে। বঙাইগাঁও জিলাৰ শিশু সুৰক্ষা বিষয়াৰ এজাহাৰৰ ভিত্তিত  যোগীঘোপা আৰক্ষীয়ে ৮২/২০২৩ নম্বৰ এটা  গোচৰ পঞ্জীয়ন কৰি নিশা গ্ৰেপ্তাৰ কৰিছিল মোস্তাফিজুৰ ৰহমানক। অৱশ্যে আজি বিয়লি যোগীঘোপা থানাৰ পৰা জামিন লাভ কৰে মোস্তাফিজুৰে। কিন্তু জামিন লাভৰ পিছতে গোৱালপাৰা আৰক্ষীয়ে ইউটিউবাৰ গৰাকীক পুণৰ আটক কৰে। গোৱালপাৰা সদৰ থানাত কিশোৰী নিৰ্যাতনৰ এজাহাৰৰ ভিত্তিত ইউটিউবাৰ মোস্তাফিজুৰক আটক কৰে গোৱালপাৰা আৰক্ষীয়ে। উল্লেখ যে ইউটিউবাৰ মোস্তাফিজুৰ ৰহমানে মঙলবাৰে বিয়লি ভাগত কেইগৰাকীমান শিশুক লগত লৈ যোগীঘোপাৰ মাল্টিমডেল লজিষ্টিক পাৰ্ক এলেকাত উপস্থিত হৈছিল। তাত তেও শিশুকেইগৰাকীক লৈ ভিডিও শ্বুটিং কৰি থকা সময়তে গোৱালপাৰা জিলাৰ দুজন যুৱকৰ তৎপৰতাত যোগীঘোপা আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰা আটক কৰিছিল মোস্তাফিজুৰ ৰহমানক। শিশুৰ অধিকাৰ খৰ্ব কৰি শিশুক ভিডিও প্ৰস্তুত কৰাত ব্যৱহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে ইউটিউবাৰ গৰাকীক আটক কৰাৰ পিচত নিশা বঙাইগাও জিলাৰ শিশু সুৰক্ষা বিষয়া যোগীঘোপা থানাত উপস্থিত হৈ ইউটিউবাৰ মোস্তাফিজুৰৰ বিৰদ্ধে এখন এজাহাৰ দাখিল কৰিছিল। ইপিনে আজি বিয়লি  ভাগত যোগীঘোপা থানাৰ পৰা উক্ত গোচৰত জামিন লাভৰ পিচতে থানাত গোৱালপাৰা আৰক্ষীৰ এটা দল উপস্থিত হৈ মোস্তাফিজুৰক থানাৰ পৰাই আটক কৰি গোৱালপাৰালৈ নিয়ে। উল্লেখ্য যে গোৱালপাৰা চহৰৰ বাসিন্দা মোস্তাফিজুৰ ৰহমান অসমৰ এগৰাকী অতি ধনী আৰু সফল ইউটিউবাৰ হিচাপে পৰিচিত। তেও কোটিটকীয়া  বিলাসী বাহনৰ লগতে আন বহুকেইখন বাহনৰ গৰাকী। সামাজিক মাধ্যমত সদায় চৰ্চাত থকা ইউটিউবাৰ মোস্তাফিজুৰ ৰহমানৰ গ্ৰেপ্তাৰৰ বাতৰিয়ে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like