নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী কৰ্মচাৰীয়ে ২৭ ফেব্ৰুৱাৰীতেই পাব মাৰ্চৰ দৰমহা

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ সুখবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত কৰা এক পোষ্ট অনুসৰি চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ। ২৭ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ পাবলগীয়া দৰমহা লাভ কৰিব। এই ব্যৱস্থা হৈছে হোলীৰ আগতে চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ উপহাৰৰৰূপে।

চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগে জনাইছে যে সকলো কৰ্মচাৰীয়ে নিজৰ দৰমহা নিৰ্ধাৰিত সময়ত লাভ কৰিব আৰু কোনো ধৰণৰ বিলম্ব নহয়। এই পদক্ষেপৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলৰ উৎসাহ আৰু আৰ্থিক সুবিধা আগবঢ়োৱা।

ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী

You might also like