নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত মাতৃৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ অনন্ত কাকতিৰ সন্ধান লাভ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ মাতৃৰ পিণ্ডদান দিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হৈ থকা দুই ভাতৃৰ অৱশেষত আনজনৰ সন্ধান উলাল।দিগন্ত কাকতিৰ ভায়েক অনন্ত কাকতিৰ মৃতদেহ আজি ওপঙি থকা অৱস্থাত ব্ৰহ্মপুত্ৰ নদীৰ পিণ্ড দিয়া স্থানৰ সমিপতে উদ্ধাৰ হোৱাৰ পাছতে সকলোৱে স্বস্তিৰ নি:শ্বাস পেলাই যদিও পৰিয়ালত কান্দোনৰ ৰোল উঠে। উল্লেখ্য যে যোৱা ৮ নৱেম্বৰত সংঘটিত হৈছিল শোকাবহ হৃদয় বিদাৰক ঘটনাটো।মাতৃ সাবিত্ৰী কাকতিৰ ছয়মহীয়া পিণ্ড দিবলৈ গৈ প্ৰথমেই নদীৰ বুকুত উটি গৈছিল অনন্ত কাকতি।ভাতৃৰ মৰণ কাতৰ চিঞৰত ভাতৃক উদ্ধাৰ কৰিবলৈ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাপ দিছিল জ্যেষ্ঠ ভাতৃ দিগন্ত কাকতি।কিন্তু নিয়তীৰ কি নিষ্ঠুৰ পৰিহাস!দুই ভাতৃ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হৈ গৈছিল চিৰদিনৰ বাবে।যি সমগ্ৰ দৃশ্যৰ সাক্ষী হিচাপে আছিল দিগন্ত কাকতিৰ ছয়বছৰীয়া কন্যা।ছয়বছৰীয়া কন্যাৰ জৰিয়তে স্থানীয় ৰাইজে জানিব পাৰি সন্ধান কৰে যদিও কোনো শুংসুত্ৰ পোৱা নাছিল।এচডিআৰএফ আৰু এনডিআৰএফে ঘটনাৰ বহু পাছত অভিযান চলাইছিল যদিও কোনো সন্ধান লাভ কৰা নাছিল।আত্মীয় আৰু স্থানীয় ৰাইজে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছিল ব্ৰহ্মপুত্ৰৰ উক্ত পিণ্ড দিয়া স্থানত।অৱশেষত ঘটনা সংঘটিত হোৱা ছয়টা দিনৰ পাছত জেষ্ঠ ভাতৃ তথা দুই কন্যাৰ পিতৃ দিগন্ত কাকতিৰ মৃতদেহ উক্ত স্হানত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল।আনহাতেদি আজি চৈধ্যটা দিনৰ অন্তত অৰ্ধগলিত হৈ উপঙি থকা অৱস্থাত অনন্ত কাকতিৰ মৃতদেহটো স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছত আৰক্ষীয়ে উদ্বাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে।২৫ বছৰৰ পূৰ্বে নিজ পিতৃক হেৰুৱাই তিনিজন সন্তানৰ জেষ্ঠজন গুপ্ত ঘাটকৰ দিনত হত্যাৰ বলি হোৱাৰ পাছত অৱশেষত দুই ভাতৃ মাতৃৰ পিণ্ডদান দিবলৈ গৈ চিৰদিনৰ বাবে কালৰ বুকুত হেৰাই গ’ল।দুই কন্যা পিতৃহাৰা হোৱাৰ লগতে এগৰাকী পত্নী স্বামীহাৰা হ’ল।ঘটনাটোৱে সমগ্ৰ জিলাখনতে গভীৰ ৰেখাপাত কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like