নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰাই যে কংগ্ৰেছত থাকিব তাৰ কি গেৰাণ্টী আছে : ড০ হিমন্ত বিশ্ব শৰ্মা

নিৰ্বাচনত বিজেপিৰ বিজয় নিশ্চিত

নিৰ্বাচন নিশ্চিত বিজয় হেতু ৰাইজৰ কামতহে আমাৰ জোৰ বেছি

ৰকি-ৰেকিব-জাকিৰ-নুৰুল আদি নেতাহে কংগ্ৰেছত থাকিব

বিশেষ বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ “আমাৰ হাতত এঘাৰখন আসন আছে। আমি এঘাৰখন আসন পাম। এঘাৰটা ছীটত আমি জিকিম। বাকী এটা ছীটতো জিকিব পাৰো। আমাৰ বিজয় যিহেতু নিশ্চিত সেয়েহে নিৰ্বাচনতকৈয়ো উন্নয়নমূলক কামতহে আমি গুৰুত্ব আৰোপ কৰিছো। ৰাইজৰ বাবে প্ৰয়োজনীয় কামবিলাকতহে বেছিকৈ জোৰ দিছো।” আজি নগাঁৱলৈ দিনজোৰা কাৰ্যসূচীৰে অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা কথা-বতৰাত এই মন্তব্য কৰে। তেওঁ আৰু কয়, “মই ভাবো কংগ্ৰেছত ৰকিবুল হুছেইন,ৰেকিবুদ্দিন আহমেদ,জাকিৰ হুছেইন শিকদাৰ, নুৰুল হুদা,ৰশ্বিদ এনেকুৱা কেইজনমানক বাদ দি আৰু কোনো নাথাকে। সেইটো নিশ্চিত। মই নাম কোৱাকেইজনহে থাকিব।” মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে আৰু কয়,”প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যে কংগ্ৰেছত থাকিব কি গেৰান্টি আছে। কাৰো গেৰান্টি ল’ব নোৱাৰে।” অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মাতৃ হেমপ্ৰভা শইকীয়াৰ কথা মতেহে কংগ্ৰেছ দলত থকা বুলি তেওঁ সদৰি কৰা কথাষাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত মুখ্যমন্ত্ৰী ড° শৰ্মাই অতি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয়,”তেওঁৰ মাতৃৰ লগত লাগিলে কথা পাতি ল’ম। মোৰ লগততো তেওঁৰ আটাইতকৈ ভাল। মাতৃয়ে কথাটো বদলায়ো দিব পাৰে।” সমাগত লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে কেইখন আসন লাভ কৰিব বুলি প্ৰশ্ন কৰাত তেওঁ কয়, “আমাৰ হাতত এঘাৰখন আসন আছে।আমি এঘাৰ খন আসন পাম। এঘাৰটা চীটত আমি জিকিম। বাকী এটা চীটতো জিকিব পাৰো।” তেওঁ কয়,”আমাৰ বিজয় যিহেতু নিশ্চিত সেয়েহে নিৰ্বাচনকৈয়ো উন্নয়নমূলক কামতহে আমি গুৰুত্ব আৰোপ কৰিছো। ৰাইজৰ বাবে প্ৰয়োজনীয় কাম বিলাকতহে বেছিকৈ জোৰ দিছো।” নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব বুলি বিভিন্ন মহলত চৰ্চিত খবৰৰ সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৌশলী মন্তব্যৰে কয়,”নগাঁৱৰ বৰ্তমানৰ সাংসদ কোন ধৰিব দিগদাৰ। নগাঁও নামটো আছে সমষ্টিটো বদলি হৈ গ’ল। যেনেকৈ নগাঁও সমষ্টিত আগৰ হোজাই, লামডিং,যমুনামুখ, বঢ়মপুৰ আদি নাই ঠিক একেদৰে চামগুৰি,ৰূপহী,ধিং নগাঁৱলৈ আহিল। গতিকে পুৰণা নগাঁও আৰু পুৰণা কলিয়াবৰ সমষ্টিৰ কোনো চিনমোকাম নাই।এটা নতুন পৰিৱেশ। নতুন পৰিৱেশত আমি নতুনকৈ চিন্তা কৰিম,কংগ্ৰেছৰো নতুনকৈ চিন্তা কৰাৰ অধিকাৰ আছে। পুৰণিকো আঁকোৱালি লোৱাৰ অধিকাৰ আছে। তেওঁ লোকৰ ৰাজনীতি তেওঁ লোকৰ লগত আৰু আমাৰ ৰাজনীতি আমাৰ লগত থাকিব।” আনহাতে ৰাণা গোস্বামীয়ে কংগ্ৰেছ এৰাৰ কোনো খবৰ তেওঁৰ হাতত নাই বুলি কয়। মুছলিম মেৰিজ এক্টৰ বাবে মুছলিম মহিলা সকল অত্যাচাৰৰ বলি হৈ আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে,ইমান দিনে মুছলিম মা সকলৰ ওপৰত যি অত্যাচাৰ চলি আছিল সেই অত্যাচাৰ নাইকিয়া কৰিবৰ কাৰণে আইন প্ৰণয়ণ কৰা হৈছে। মুছলিম মেৰিজ এক্টৰ বিলুপ্তিৰ পাছত সেয়ে মুছলিম মহিলা সকল উৎফুল্লিত হৈছে। এতিয়া চৰকাৰে বলবৎ কৰা আইন খনৰ কাৰণে তালাক ইমান সহজ নহব বুলিও তেওঁ কয়। আনহাতে লোকসভা নিৰ্বাচনৰ পিছতেই পুনৰ বাল্যবিবাহ কৰোতাৰ বিৰুদ্ধে যোৰদাৰ অভিযান আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয়। আনহাতে সুদখোৰৰ বিৰুদ্ধে চৰকাৰ অতি কঠোৰ হ’ব বুলি তেওঁ কয়। তেওঁ কয়,”মানুহৰ পৰা এ টি এম, গণনা বোৰো সুদখোৰে ৰাখি থয়। কোনোবাই যদি আঢ়ৈ লাখ টকা ধাৰ লৈছিল তেওঁ বিশ লাখ টকা ঘূৰাই দিও ঋণমুক্ত নহয়। গতিকে এইবিলাক মানি ল’ব নোৱাৰি।”

প্ৰেৰক কনক হাজৰিকা

You might also like