নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-ভূটান সীমান্ত অঞ্চলত কালৰূপী ধুমুহাৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিল : মঙলবাৰে নিশা অহা ধুমুহা-বৰষুণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি হয়। প্ৰকৃতিৰ ৰুষ্টৰূপ ধাৰণত ৰাজ্যৰ কেইবাটাও স্থানত কেইবাজনো নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছি, বগৰীতল, সোণাজুলি, শুক্লাই, ৰজাগড়, দক্ষিণ কালিখোলাকে ধৰি কেইবাটাও অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে। ইফালে দক্ষিণ কালিখোলাত এটা পৰিয়ালৰ তিনিগৰাকী ব্যক্তিৰ কথমপি প্ৰাণ ৰক্ষা পৰে। দক্ষিণ কালিখোলা গাঁৱৰ ক্ষিৰোদ দাস, ৰিতুমনি দাস আৰু ফুলমতী দাসে ঘৰত শুই থকা অৱস্থাতেই প্ৰকাণ্ড নাৰিকল গছ বাগৰি পৰি সম্পূৰ্ণৰূপে দুটাকৈ বাসগৃহ চুড়মাৰ কৰাৰ ফলত গৃহহাৰা হৈ পৰে । আনহাতে খগেন দাস, জয়ধৰ দাস, চিনন্দ দাস, ৰৱেন্দ্ৰ দাস আৰু ইন্দ্ৰ মণ্ডল নামৰ পৰিয়াল কেইটাৰো ধুমুহাৰ লগতে অহা শিল বৰষুণত ঘৰৰ টিনপাত ফুটি বিস্তৰ ক্ষতি কৰে। ইফালে বৃহত্তৰ অঞ্চলত বহুকেইটা পৰিয়ালৰ বতাহ-ধুমুহাত ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ উপৰি খেতি-বাতি, সা-সম্পত্তি, তামোল-নাৰিকলৰ গছ উভালি পৰে। ইফালে পথত প্ৰকাণ্ড প্ৰকাণ্ড গছ ,বাহঁৰ চোপ, বিদ্যুত খুটা উভালি পৰাত অঞ্চলটোত বৰ্তমানো বিদ্যুত ব্যাহত হৈ আছে ৷ ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়াল সমুহৰ লোকে ক্ষতিপূৰণ দিবলৈ বিটিআৰ তথা অসম চৰকাৰক দাবী জনায় ৷

প্ৰেৰক পিংকু কলিতা

You might also like