নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭–৮ মার্চত দুদিনীয়া ভ্রমণসূচীৰে উত্তৰ–পূবলৈ মোদীঃ মঙলবাৰে অসম মন্ত্রীসভাৰে প্রধানমন্ত্রীৰ বৈঠক

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: অহা ৭ আৰু ৮ মার্চত দুদিনীয়া ভ্রমণসূচীৰে উত্তৰ–পূবলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ মূলতঃ চুবুৰীয়া তিনি ৰাজ্য নাগালেণ্ড, মেঘালয় আৰু ত্রিপুৰাত নতুন চৰকাৰ গঠনৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণৰ বাবেই প্রধানমন্ত্রী মোদী উত্তৰ–পূবলৈ আহিব৷ অৱশ্যে ইয়াৰ মাজতে অহা ৭ মার্চত প্রধানমন্ত্রী মোদীয়ে অসম চৰকাৰৰ মন্ত্রীসকলৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ কথা৷ উল্লেখ্য যে অহা ৭ মার্চৰ দিনাখন মেঘালয় আৰু নাগালেণ্ডত নতুন চৰকাৰে শপতগ্রহণ কৰিব৷ মেঘালয়ত কনৰাড চাংমাৰ নেতৃত্বত আৰু নাগালেণ্ডত নেফিউ ৰি’ৰ নেতৃত্বত হ’বলগীয়া নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানত প্রধানমন্ত্রী মোদী উপস্থিত থাকিব৷ সেইদৰে ৮ মার্চত ত্রিপুৰাত নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানতো প্রধানমন্ত্রী মোদী উপস্থিত থাকিব৷

৭–৮ মার্চত গুৱাহাটীত ড্র’ন উৰণ নিষিদ্ধ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উত্তৰ–পূব ভ্রমণৰ পৰিপ্রেক্ষিতত অহা ৭ আৰু ৮ মার্চৰ দিন দুটাত গুৱাহাটীত ড্র’ন উৰণ নিষিদ্ধ কৰিছে প্রশাসনে৷ কামৰূপ মহানগৰ জিলা প্রশাসনে আজি এক জাননীযোগে উক্ত দুয়োটা দিনতে গুৱাহাটীত ড্র’ন উৰণ নিষিদ্ধ জ’ন হিচাপে ঘোষণা কৰে৷

You might also like