ডিজিটেল ডেস্ক, ১৮ এপ্রিল : প্রাণৰ শিল্পী জুবিন গার্গবিহীন ব’হাগক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে শোকত বিহ্বল হোৱাৰ সময়তে শিল্পীগৰাকীৰ সৃষ্টিৰাজিক বিহুৰ মঞ্চত বিকৃত ৰূপত উপস্থাপন কৰাৰ দুঃসাহস কৰিলে বংগৰ তথাকথিত গায়িকা মর্মিতা মিত্রই৷ উল্লেখ্য যে মহানগৰীৰ এখন বিহুমঞ্চত শেহতীয়াকৈ গায়িকাগৰাকীয়ে জুবিন গার্গৰ বাঁহী বাঁহী শীর্ষক গীতটো নিজস্ব শৈলীৰে গাবলৈ গৈ বিকৃত ৰূপত উপস্থাপন কৰিছিল৷
সামাজিক মাধ্যমত উক্ত গীতৰ পৰিৱেশনৰ দৃশ্যাৱলী ভাইৰেল হৈ পৰাৰ পিছতেই ৰাজ্যজুৰি বিভিন্নজনে সমালোচনাৰে গায়িকাগৰাকীক থকা-সৰকা কৰিছে৷ বিশিষ্ট শিল্পী খগেন গগৈয়ে সামাজিক মাধ্যমযোগে গায়িকা মিত্রৰ এই দুঃসাহসক সমালোচনা কৰাৰ লগতে সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মায়ো এই সন্দর্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ জুবিন গার্গৰ গীত নিজৰ শৈলীৰে গাবলৈ গৈ এইদৰে বিকৃত কৰাটো অসমৰ লাখ লাখ জুবিনপ্রেমীয়ে কোনো কাৰণতে মানি ল’ব নোৱাৰে বুলি মন্তব্য কৰিছে আছু সভাপতি উৎপল শর্মাই৷
সমান্তৰালকৈ এই ঘটনাৰ পিছত এখনৰ পাছত আনখন বিহু মঞ্চৰ অনুষ্ঠান বাতিল হৈছে মৰ্মিতা মিত্ৰৰ। এইবাৰ কাজিৰঙাত বাতিল মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান। ৮ মে’ত কাজিৰঙাৰ ৩৬ সংখ্যক কঁহৰা বসন্ত উৎসৱত আছিল মৰ্মিতা মিত্ৰৰ অনুষ্ঠান। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত বিকৃতকৰণৰ পিছত সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে প্রাণৰ শিল্পীৰ গীত বিকৃতভাৱে পৰিৱেশন কৰা বাবে গোলাঘাটৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনে অহা ৩০ এপ্রিলত হ’বলগীয়া গায়িকা মর্মিতা মিত্রৰ অনুষ্ঠান বাতিল কৰিছে৷
অৱশ্যে ইয়াৰ মাজতে ৰাজ্যজুৰি বিভিন্নজনৰ সমালোচনা–প্রতিক্রিয়াৰ পাছত নিজৰ ভুল স্বীকাৰ কৰিছে গায়িকা মর্মিতা মিত্রই৷ সামাজিক মাধ্যমযোগে নিজে কৰা ভুল স্বীকাৰ কৰি মর্মিতা মিত্রই কয় যে অসমবাসীয়ে মনত আঘাত পোৱা কোনো কাম মই কেতিয়াও নকৰোঁ৷