নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি কিয়? সৰিয়হ খেতি কৰি তিনিমাহত উপাৰ্জন ৯ লাখ টকা

  • জালুকবাৰী সমষ্টিৰ পছৰিয়াৰ কৃষি পথাৰত সৰিয়হতোলা পৰ্বত অংশগ্ৰহণ- ৰঞ্জিত ভট্টাচাৰ্য্যৰ

নিয়মীয়া বাৰ্তা, ফেব্ৰুৱাৰী: জালুকবাৰী সমষ্টিৰ পছৰীয়াৰ কেইজন মান উদ্যমী কৃষকেৰে গঠিত পছৰীয়া কৃষি শ্ৰমিক সমবায় সমিতিয়ে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ সহযোগত তিনিমাহ পূৰ্বে ১০০ বিঘা ভূমিত সৰিয়হৰ খেতিৰে কৃষি বিপ্লৱ আৰম্ভ কৰিছিল। আৰু আজি তেওঁলোকৰ সপোনে পূৰ্ণতা লাভ কৰিছে। এই সকল উদ্যমী কৃষকে কষ্টৰে খেতিৰ সৰিয়হতোলা কাৰ্যসূচী আৰম্ভ হৈছে। আজি কৃষক সকলক উৎসাহ যোগাবলৈ পছৰীয়াৰ কৃষি পথাৰত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টি কিষান মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য। ভট্টাচাৰ্য্যই কয়- আমিও কৃষকৰ সন্তান কষ্টৰে কৰা খেতিদৰা যেতিয়া নদন বদন হৈ পৰে তাতকৈ আৰু সুখৰ কথা একো হব নোৱাৰে। উল্লেখযোগ্য যে এই কৃষক সকলে ২লাখ ৭৫ হাজাৰ টকা খৰচ কৰি মাত্ৰ তিনিমাহত উপাৰ্জন কৰিবলৈ সক্ষম হল ৯ লাখ টকা। আজি এই সকল উদ্যমী কৃষকৰ চকুত সন্তুষ্টি আৰু সম্ভাৱনীয়তাৰ দৃশ্য দেখি আনন্দিত হৈছে বুলি মন্তব্য ভট্টাচাৰ্য্যৰ। তেওঁ কয়- অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমৰ কৃষকে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হব। আগন্তুক দিনটো এই সকল কৃষকৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰিলে ৰঞ্জিত ভট্টাচাৰ্য্যই।

You might also like