নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খটখটীত ২৪ কোটি টকাৰ হেৰʼইনসহ ট্ৰাক জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

  • খটখটীত স্নিফাৰ ডগৰ সহায়ত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বিগত সময়চোৱাত কাৰ্বি আংলং জিলা আৰক্ষীয়ে এলানি অভিযান চলাই অহাৰ সময়তে শেহতীয়াকৈ জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই কেইবা কোটি টকাৰ হেৰʼইন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, বহিঃ ৰাজ্যৰ পৰা কাৰ্বি আংলঙৰ মাজেৰে বুজন পৰিমাণৰ হেৰʼইন সৰবৰাহৰ সম্পৰ্কে আৰক্ষীয়ে আগতীয়া নিশ্চিত তথ্য লাভ কৰাৰ পিছত যোৱানিশা খটখটীত অভিযান চলাই এন এল -০১-এডি-৮৭২৮ নম্বৰৰ ট্ৰাকখন জব্দ কৰি তালাচী চলায়। আৰক্ষীয়ে তালাচীত কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰাত সফলতা লাভত সক্ষম নহʼল যদিও আৰক্ষীৰ তথ্য নিশ্চিত হোৱাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ চি আই ডি শাখাৰ পৰা স্নিফাৰ ডগ আনি তালাচী চলোৱাৰ ব্যৱস্থা কৰে। সেই অনুসৰি, চি আই ডিৰ স্নিফাৰ ডগ ‘ডেনীʼয়ে আজি সন্ধিয়া ট্ৰাকখনত তালাচী চলাই বাহনখনৰ কেবিনৰ দুৱাৰৰ চৌকাঠত কৌশলেৰে লুকুৱাই অনা অৱস্থাত ৪.১০৯ কিঃগ্ৰাঃ সন্দেহজনক হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই আজি এক সংবাদ মেলৰ আয়োজন কৰি এই বিষয়ে জানিবলৈ দিয়ে। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় ২৪ কোটি টকা। এই সন্দৰ্ভত আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে, মণিপুৰৰ থৌবাল জিলাৰ লিলং আৰক্ষী থানাৰ অন্তৰ্গত উচইপকপি গাঁৱৰ মহম্মদ ইকবাল (২৬) আৰু লিলং আইফাম গাঁৱৰ ছইব আখতাৰ (২২) বুলি চিনাক্ত কৰা হৈছে। জব্দ হোৱা হেৰʼইনখিনি মণিপুৰৰ পৰা অনা হৈছিল বুলি সন্দেহ কৰা হৈছে। প্ৰসংগক্ৰমে উল্লেখ্য যে, নাগালেণ্ড সীমান্তৰে সংলগ্ন হৈ থকা কাৰ্বি আংলং জিলাত আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক কঠোৰ অভিযান অব্যাহত ৰখাৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ এনে তৎপৰতা বাৰুকৈয়ে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
প্ৰেৰকঃ প্ৰাণদ্বীপ চেতিয়া, বোকাজান
You might also like