নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ মূৰত ৰামটাঙোন শোধাই বাঢ়িল মিঠাতেলৰ দাম 

🔹 ৰাজ্যত প্রতিলিটাৰত বাঢ়িল ২০-৩০ টকালৈ

বিশেষ বাৰ্তা, ২১ জুলাই : অত্যাৱশ্যকীয় বিভিন্ন সামগ্রীৰ দামবৃদ্ধিয়ে সর্বসাধাৰণ লোকক বহু সময়ত জুৰুলা কৰি অহাৰ সময়তে এইবাৰ ৰামটাঙোন শোধালে মিঠাতেলৰ দামবৃদ্ধিয়ে৷ এমাহ পূর্বে ক্রয় কৰা বিভিন্ন ব্রেণ্ডৰ মিঠাতেলৰ ন্যূনতম পাইকাৰী দাম ২০ টকাৰ পৰা ৩০ টকা পর্যন্ত বর্তমান বৃদ্ধি হৈছে৷

গৃহিণীৰ আখলৰ অন্যতম উপাদান মিঠাতেল৷ সুস্বাদু ভজা ব্যঞ্জনৰ পৰা আৰম্ভ কৰি মছলাযুক্ত ৰন্ধনলৈকে মিঠাতেলে জুতি বৃদ্ধি কৰাত গুৰুত্বপূর্ণ ভূমিকা লয়৷ কিন্তু শেহতীয়াকৈ বিভিন্ন উন্নত ব্রেণ্ডৰ মিঠাতেলৰ পাইকাৰী মূল্যৰ বর্ধিত দামে খুচুৰা বিক্রেতাসকলৰ ওপৰত ব্যাপক প্রভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত ধাৰা ব্রেণ্ডৰ মিঠাতেলৰ খুচুৰা দাম সম্প্রতি প্রতি লিটাৰত ১৯৫ টকা হোৱাৰ লগতে উন্নত মানৰ বুলি গ্রাহকৰ মাজত পৰিচিত ইঞ্জিন ব্রেণ্ডৰ মিঠাতেল ২১০ টকা, পতঞ্জলি মিঠাতেল ১৯৫ টকাকৈ বজাৰত বিক্রী হৈ আছে৷ একেদৰে সাধাৰণ ৰাইজে প্রায়ে ব্যৱহাৰ কৰা নিভাজ ব্রেণ্ডৰ মিঠাতেলৰ দামো বর্তমান প্রতি লিটাৰত ১৮০ টকাকৈ ঠাইভেদে খুচুৰা মূল্যত বিক্রী হৈ আছে৷

মহানগৰীৰ একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিয়া মতে, পাইকাৰী মূল্য বৃদ্ধি পোৱাৰ বাবেই মিঠাতেলৰ খুচুৰা দাম বাঢ়িছে৷ ব্যৱসায়ী সূত্রটোৱে সদৰী কৰা মতে, সম্প্রতি পাইকাৰী বজাৰত ধাৰা প্রতি লিটাৰত ১৮০ টকা, ইঞ্জিন ১৯৫ টকা, পতঞ্জলি ১৭৫ টকা আৰু নিভাজ ১৭৮ টকাকৈ বিক্রী হৈ আছে৷ এপষেক পূর্বে ধাৰা ব্রেণ্ডৰ মিঠাতেল প্রতি লিটাৰত ১৫৫ টকা, ইঞ্জিন ১৭৫ টকা, নিভাজ ১৭৫ টকা আৰু পতঞ্জলি ১৫৫ টকাকৈ উপলব্ধ হৈছিল৷ অৱশ্যে হঠাতে কি কাৰণত একেকোবে ২০ৰ পৰা ৩০ টকা পর্যন্ত মিঠাতেলৰ দাম বাঢ়িল, সেই সন্দর্ভত অজ্ঞতা প্রকাশ কৰিছে ব্যৱসায়ীসকলে৷ ব্যৱসায়ীসকলৰ মতে, উৎসতে মিঠাতেলৰ দাম বাঢ়ি যোৱাৰ বাবে খুচুৰা বজাৰতো দাম বঢ়াবলগীয়া হৈছে৷

ইণ্টাৰনেটৰ শেহতীয়া তথ্য মতে, আজিৰ তাৰিখত ১০ কিলোগ্রাম সৰিয়হৰ দাম ৬৫০ টকা হৈছে৷ সেইমতে যদি চোৱা যায়, তেতিয়াহ’লে ১ কিলোগ্রাম সৰিয়হৰ দাম হ’ব ৬৫ টকা৷ একেদৰে সৰিয়হৰ পৰা পেৰি উলিওৱা মিঠাতেলৰ দাম প্রতি ১০ কিলোগ্রামত ১,০৭২ টকা হোৱাৰ লগতে এক কিলোগ্রামত এই দাম হৈ পৰিছে ১০৭.২০ টকা৷ অৱশ্যে এই দৰ মিলৰ পৰা পেৰি উলিওৱাৰ সময়তহে নির্ধাৰণ কৰা দাম৷ পৰিবহণকে ধৰি বিভিন্ন ব্যয় উক্ত মূল্যত যোগ কৰিলে স্বাভাৱিকতে এই দাম আৰু অধিক বৃদ্ধি হ’ব৷ উক্ত তথ্য অনুসৰি এই সময়ছোৱাত চাহিদাৰ পৰিৱর্তে ঘৰুৱা যোগান সীমিত হৈ পৰাৰ পৰিপ্রেক্ষিততে সাধাৰণতে প্রতিবাৰে মিঠাতেলৰ দাম বৃদ্ধি হয়৷ অৱশ্যে এই তথ্য ৰাজ্যভেদে ভিন্ন৷ খুচুৰা ব্যৱসায়ীসকলৰ মতে, এক লিটাৰ অথবা ১০ লিটাৰ নহয়, পাইকাৰী বজাৰৰ পৰা মিঠাতেল কুইণ্টলৰ কার্টন হিচাপত ক্রয় কৰা হয়৷ উক্ত সামগ্রী ক্রয় কৰি পাইকাৰী বজাৰৰ পৰা দোকান পোৱালৈকে পৰিবহণ তথা শ্রমিকৰ ব্যয় মিলি প্রায় ৫–১০ টকাকৈ পৰে৷ যাৰ বাবে খুচুৰা হিচাপত বিক্রী কৰা সময়ত তেওঁলোকে পাইকাৰী দৰৰ তুলনাত কিছু বেছি দৰত গ্রাহকক যোগান ধৰিবলগীয়া হয়৷ অৱশ্যে কিছু মাহ পাছতে এই মূল্য পুনৰ কমি যাব বুলি আশা প্রকাশ কৰিছে ব্যৱসায়ী মহলে৷

মিঠাতেলৰ এইধৰণৰ অপ্রত্যাশিত দাম বৃদ্ধিৰ ফলত সম্প্রতি সাধাৰণ শ্রেণীৰ ৰাইজৰ তুলনাত মধ্যবিত্তসকল অধিক প্রভাৱান্বিত হৈছে৷ দামী ব্রেণ্ডেই নহয়, সাধাৰণতে যিবোৰ মিঠাতেল অতি ন্যূনতম বুলি ধাৰণা কৰি চাকি জ্বলোৱা কামত ব্যৱহাৰ কৰা হয়, সেই ব্রেণ্ডসমূহৰো বর্তমান দাম প্রায় ৫ টকাকৈ বৃদ্ধি হৈছে৷ ব্যৱসায়ী মহলৰ মতে, বহুসংখ্যক গ্রাহকে দামী ব্রেণ্ড এৰি বর্তমান অত্যন্ত কম দামী ব্রেণ্ডৰ মিঠাতেল নিজৰ আখলত ব্যৱহাৰ কৰিবলৈ ধৰিছে৷ যিয়েই নহওক, মিঠাতেলৰ ব্রেণ্ডৰ ওপৰতে বিশুদ্ধতা নির্ভৰ হয়৷ গতিকে উন্নতমানৰ ব্রেণ্ডৰ দাম বৃদ্ধি হোৱা মানে সাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে৷

You might also like