নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইপানীত  ‘মোৰ দেশ মোৰ মাটি’ কাৰ্যসূচী

🔹 গায়ন-বায়ন, ঝুমুৰেৰে কেইবাশৰ অমৃত কলহ যাত্ৰা

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : তিতাবৰ মহকুমাৰ চৰাইপানী গাঁও পঞ্চায়তৰ উদ্যোগত এক উৎসৱমুখৰ পৰিৱেশত ‘মোৰ দেশ মোৰ মাটি’ কাৰ্যসূচী সম্পন্ন হয়। চৰাইপানী অঞ্চলটোৰ কেইবাশ লোকে কাৰ্যসূচীত গায়ন-বায়নেৰে অমৃত কলহ যাত্ৰা ৰূপায়ণ কৰে। চাহ জনগোষ্ঠীৰ ভালেসংখ্যক লোকেও কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ লৈ ঝুমুৰ নাচি আনন্দ কৰা পৰিলক্ষিত হয়। চৰাইপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী বন্তি শইকীয়াৰ প্ৰচেষ্টাত ৰূপায়িত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিতাবৰৰ কাৰ্যবাহী দণ্ডাধীশ অম্লান ফুকন। দণ্ডাধীশগৰাকীয়েও পদযাত্ৰাত অংশগ্ৰহণ কৰি ৰাইজক উৎসাহিত কৰে। পদযাত্ৰাৰ পিছতে দহটা ৱাৰ্ডৰ পৰা সংগৃহীত মাটি মিহলিকৰণ কাৰ্যসূচী সম্পন্ন হয়। লগে লগে অনুষ্ঠিত হয় এখন সভা। পঞ্চায়তখনৰ সচিব জিতেন বৰাই আঁত ধৰা সভাত কাৰ্যবাহী দণ্ডাধীশ অম্লান ফুকন, পঞ্চায়ত সভানেত্ৰী বন্তি শইকীয়াৰ লগতে শিক্ষক মহেন্দ্ৰ শইকীয়া, সমাজকৰ্মী গণেশ শইকীয়া আদি উপস্থিত থাকে। জাতীয় সংগীতেৰে আৰম্ভ হোৱা সভাত পঞ্চপ্ৰাণ সংকল্প পাঠ, মুখ্যমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তা শ্ৰৱণ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিটো কাৰ্যসূচীত জীৱিকা সখী শ্যামলী বৰা, জি পি চি জ্যোতিষ মিলি, জি আৰ এছ ৰঞ্জিত কুৰ্মী, অভিযন্তা ৰূপেন হাজৰিকা, কেইবাটাও আত্মসহায়ক গোট, কেইবাগৰাকী স্থানীয় সচেতন ব্যক্তিয়ে সহযোগিতা আগবঢ়ায়। চৰাইপানী পঞ্চায়তৰ সভানেত্ৰী বন্তি শইকীয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে অমৃত কলহ যাত্ৰা সফলভাৱে ৰূপায়ণ কৰি তেওঁলোক যথেষ্ট আনন্দিত হৈছে। চৰকাৰৰ আহ্বানলৈ চৰাইপানী পঞ্চায়তৰ ৰাইজেও স্বত্বঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। প্ৰতিটো কাৰ্যসূচীত সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়োৱা সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে সভানেত্ৰীগৰাকীয়ে।

প্ৰেৰক অজয় শইকীয়া

You might also like