নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’ এন জি চিৰ প্ৰতিষ্ঠা কালৰ কৰ্মচাৰী মকবুৰ ৰহমানৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ প্ৰতিষ্ঠা কালৰ সুদক্ষ কৰ্মচাৰী মকবুৰ ৰহমান ওৰফে মইনা ( ৮০)ৰ যোৱানিশা ১২.৩০ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত পৰলোকপ্ৰাপ্তি হোৱাৰ খবৰে সমগ্ৰ শিৱসাগৰতে গভীৰ শোঁকৰ ছা পেলাইছে ৷ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত মেটেকা আমগুৰি গাঁৱৰ নিৱাসী বিশিষ্ট সমাজকৰ্মী, তথা আমগুৰি বৰ মছজিদ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মকবুৰ ৰহমানৰ মৃত্যুৰ সংবাদ বিয়পি পৰাৰ পিছতেই অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধা নিবেদনৰ বাবে তেওঁৰ বাসগৃহত ভিৰ কৰে ৷ উল্লেখ্যে যে ৬০ দশকৰ মাজভাগত শিৱসাগৰ আমগুৰি গাঁৱত প্ৰথমটো তৈলখাদ খননেৰে ৰাছিয়ান অভিযন্তাৰ সৈতে প্ৰথমবাৰৰ বাবে খাৰুৱা তেল উদঘাটন কৰা দলটোৰ সৈতে থকা মকবুৰ ৰহমান আছিল অ’ এন জি চিৰ খনন-উৎপাদনৰ কাৰিকৰী দিশৰ এগৰাকী অভিজ্ঞ কৰ্মচাৰী ৷ কোনোধৰণৰ অভিযান্ত্ৰিক শিক্ষা নোহোৱাকৈয়ে দীৰ্ঘ সময় নিগমত দক্ষতাৰে সেৱা আগবঢ়াই অহা মকবুৰ ৰহমানে কেইবাবাৰো অ’ এন জি চিৰ পৰা লাভ কৰিছিল পাৰদৰ্শিতাৰ পদক ৷ এগৰাকী অধীক্ষক অভিযন্তা হিচাপে ২০০৩ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা মকবুৰ ৰহমানে দীৰ্ঘ সময় ধৰি বৰ মছজিদ পৰিচালনা সমিতিৰ বিভিন্ন দায়িত্ব পালন কৰাৰ লগতে সভাপতিৰ পদো অলংকৃত কৰিছিল ৷ এগৰাকী সুদক্ষ বক্তা তথা ৰংপুৰ আঞ্চলিক কবৰস্থান, শিৱসাগৰ জিলা মছজিদ সমন্বয়ৰক্ষী সমিতি, বইতুল মাল, দৰবাৰ ফিল্ড কেন্দ্ৰীয় কবৰস্থান পৰিচালনা সমিতি, ৰংপুৰ আঞ্চলিক ঈদগাহ সমিতি, ৪৪০নং ৰংপুৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ আয়োজক সমিতিৰ উপ-সভাপতিৰ লগতে অঞ্চলটোৰ প্ৰতিটো সামাজিক, স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল মকবুৰ ৰহমান ৷ উল্লেখ্য যে অ’ এন জি চিৰ প্ৰাক্তন কৰ্মচাৰী সন্থাৰ অন্যতম বিষয়ববীয়া মকবুৰ ৰহমান বিগত ১৭ মাহ ধৰি ৰক্তচাপত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ আছিল ৷ ইহসংহাৰত পত্নী, চাৰিগৰাকী পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ এটা বৃহত পৰিয়াল এৰি যোৱা মকবুৰ ৰহমানৰ জানাজা আজি বিয়লি দুই বজাত বহু গুণমুগ্ধৰ উপস্থিতিত আমগুৰি গাঁও ৰাজহুৱা জানাজা ময়দানত সম্পন্ন কৰা হয় ৷ তেওঁৰ মৃত্যুত জিলাখনৰ অৰ্ধশতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like