🔹 যৌতুকজনিত কাৰণত হ*ত্যাৰ অভিযোগ পিতৃ পৰিয়ালৰ
নিয়মীয়া বাৰ্তা, ১০ জুলাই : নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়া মহিশখুঁটিত দুই সন্তানৰ মাতৃৰ ৰহস্যজনক মৃত্যু। স্বামী পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে হ*ত্যাৰ অভিযোগ। মহিলাগৰাকীক হ*ত্যা কৰি চৰম পথ লোৱাৰ ৰূপ দিয়াৰ অভিযোগ উঠিছে স্বামী জিন্নত আলী আৰু পৰিয়ালৰ বিৰুদ্ধে। ঘটনাস্থলীত উত্তপ্ত হৈ পৰে পৰিস্থিতি, দুই ফৈদৰ মাজত হতাহতিও লাগে।
গাঁওখনৰ জিন্নত আলীৰ সৈতে প্ৰায় ৬ বছৰ পূৰ্বে ৰঙাপানী গাঁৱৰ আয়নাল হকৰ কন্যা তাছমিনা বেগমৰ প্ৰেম বিবাহ হৈছিল। উত্থাপিত অভিযোগ অনুসৰি বিয়াৰ পাছৰে পৰা যৌতুক বিচাৰি হেনো অকথ্য নিৰ্য্যাতন চলাইছিল স্বামী জিন্নত আলীয়ে। মহিলাগৰাকীক প্ৰায়ে মাৰপিটো কৰিছিল হেনো স্বামীয়ে | যোৱানিশা হঠাৎ মহিলাগৰাকীৰ মৃ*ত্যুৰ খবৰ দিয়ে পিতৃ পৰিয়ালক। মহিলাগৰাকীয়ে চৰম পথ লোৱা বুলি পিতৃ পৰিয়ালক অৱগত কৰে স্বামী পৰিয়ালৰ লোকে | পিছে মহিলাগৰাকীৰ এই মৃ*ত্যুক সহজভাৱে ল’ব পৰা নাই পিতৃ পৰিয়ালৰ লোকে। তেওঁলোকৰ মতে, এয়া পৰিকল্পিত হত্যাকাণ্ড। হ*ত্যা কৰি চৰম পথ লোৱাৰ ৰূপ দিব বিচাৰিছে হেনো স্বামী জিন্নত আলী আৰু পৰিয়ালৰ লোকে ! যৌতুকৰ বাবেই মহিলাগৰাকীক অকথ্য নিৰ্য্যাতন চলাই হ*ত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে পিতৃ পৰিয়ালৰ লোকে | শীঘ্ৰেই ঘটনাৰ তদন্ত মৰ্মে দোষীক শাস্তিৰ দাবী জনাইছে মৃত মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে।
ইফালে, ঘটনাস্থলীত মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। মহিলাগৰাকীৰ পিতৃ পৰিয়াল আৰু স্বামী পৰিয়ালৰ মাজত হতাহতিৰ ঘটনাও সংঘটিত হয়। পাছত আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস