নিয়মীয়া বাৰ্তা, ১০ জুলাই : লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত দলৈগাঁও গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য শ্বৰিফুল ইছলাম আৰু ৭নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা ছামচুন নেহাৰৰ সদস্য পদ খাৰিজ । লাহৰীঘাট সম-জিলাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰমোদ শৰ্মাৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত জিলা আয়ুক্তই খাৰিজ কৰে দুয়োৰে সদস্য পদ। মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে নিৰ্দেশযোগে দুয়োগৰাকী সদস্যৰ পদ খাৰিজ কৰে।
প্ৰেৰক তাৰিকুল ইছলাম