🔹 ছিপাঝাৰৰ নাৰিকলিত ৰহস্যজনক হত্যাকাণ্ড
নিয়মীয়া বার্তা, ছিপাঝাৰ, ১২ ছেপ্টেম্বৰ : ‘ত্রিপল মার্ডাৰ’ৰ এক শিহৰণকাৰী ঘটনাই জোকাৰি যায় ছিপাঝাৰৰ নাৰিকলি অঞ্চল৷ গাঁওখনৰ দীপক নাথ, তেওঁৰ পত্নী প্রতিমা নাথ আৰু একমাত্র সন্তান ধৃতিৰাজক নিজ ঘৰৰ চৌহদতে দুর্বৃত্তই নৃশংসভাৱে হত্যা কৰে৷ সন্ধিয়া দীপক নাথৰ মৃতদেহ চোতালত আৰু পত্নী–পুত্রৰ মৃতদেহ ঘৰৰ মজিয়াত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হয়৷
জানিব পৰা মতে, দীপক নাথে পিতৃগৃহৰ পৰা প্রায় আঠশ মিটাৰ দূৰত্বত সুকীয়াকৈ ঘৰ পাতি পত্নী–পুত্রসহিতে বিগত প্রায় দহ বছৰ ধৰি বসবাস কৰি আহিছিল ৰাষ্ট্রীয় ঘাইপথৰ ঐতিহাসিক নাৰিকলি মন্দিৰৰ প্রায় সমীপত৷ নৃশংস ঘটনাটো প্রথমে পোহৰলৈ অনা দীপক নাথৰ কনিষ্ঠ ভাতৃ তাৰিণী নাথে প্রকাশ কৰা অনুসৰি কালি দিনৰ দুইমান বজাত বৌৱেক অর্থাৎ দীপক নাথৰ পত্নীলৈ ফোন কৰিও তেওঁ যোগাযোগ কৰিব পৰা নাছিল৷ বৌৱেক ঘৰুৱা কিবা কামত ব্যস্ত থকা বুলি ভাবি ফোন আৰু কৰা নাছিল যদিও সন্ধিয়া গাখীৰ আৰু মন্দিৰৰ প্রসাদ লৈ তেওঁ আহিছিল জ্যেষ্ঠ ভাতৃৰ ঘৰলৈ৷ কিন্তু ঘৰৰ চৌহদৰ প্রৱেশদ্বাৰত ভিতৰৰ পৰা তলা মাৰি থোৱা প্রত্যক্ষ কৰি তেওঁ আচৰিত হয়৷ পিছত ককায়েকৰ ঘৰত সততে কাম–বন কৰি থকা এগৰাকী মহিলাক মাতি ককায়েক–বৌৱেকৰ বিষয়ে সুধি কোনো সদুত্তৰ নাপাই লোৰ গেটৰ ওপৰেৰে পাৰ হৈ তেওঁ চোতালত প্রত্যক্ষ কৰে ককায়েকৰ মৃতদেহ৷ পিছত ঘৰৰ দুৱাৰ খোলা থকাত ভিতৰত সোমাই মজিয়াত প্রত্যক্ষ কৰে বৌৱেক আৰু ভতিজাকৰ মৃতদেহ৷ দুয়োটা মৃতদেহ আছিল ৰক্তাক্ত অৱস্থাত আৰু গোট খাইছিল তেজৰ চেকুৰা৷ এনেদৰে পৰিয়ালটোৰ তিনিওজনকে মৃত অৱস্থাত প্রত্যক্ষ কৰি হতচকিত হৈ পৰে ভাতৃ৷
ইতিমধ্যে ওচৰ–চুবুৰীয়া আহি সমৱেত হয় যদিও বর্তমান পর্যন্ত প্রকৃত ঘটনা পোহৰলৈ অহা নাই৷ বিশেষকৈ ভিতৰৰ পৰা পদূলিৰ লোৰ গেটত তলা লগোৱাটোৱে বিভিন্ন প্রশ্ণৰ উদ্রেক কৰিছে৷ ঘটনাৰ আঁৰত কি উদ্দেশ্য আছে বা ঘটনাটো কেতিয়া সংঘটিত হ’ল, সেয়াও ৰহস্যৰ আৱর্তত৷ কনিষ্ঠ ভাতৃয়ে বৌৱেকলৈ কৰা ফোন ৰিচিভ নোহোৱাৰ সময়তে আচলতে এই ঘটনা সংঘটিত হৈছিল নেকি সেয়াও ৰাইজৰ মাজত চর্চা চলিছে৷ আনহাতে, নৃশংস হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছতো কিন্তু চুবুৰীয়া কোনো লোকে শুনা নাছিল কোনো হুলস্থূল৷ ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশৰ লগতে দৰঙৰ উচ্চপদস্থ আৰক্ষী আহি তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে দীপক নাথ পেছাত আছিল ভূমিলেখ্য বিভাগৰ কর্মচাৰী৷ উত্তৰ গুৱাহাটী ৰাজহ চক্রত কর্মৰত আছিল৷ আনহাতে, নৃশংস হত্যাৰ বলি হোৱা দম্পতীটোৰ একমাত্র কিশোৰ সন্তান ধৃতিৰাজ নাথ আছিল সপ্তম শ্রেণীৰ ছাত্র৷