🔹 ঘৰৰ ছাদত উদ্ধাৰ হত্যাত ব্যৱহৃত খুকুৰী–ম’বাইল
🔹 পাৰিবাৰিক কিবা সংঘাত আছিল নেকি দীপকৰ ?
ৰণজিত কুমাৰ নাথ, ছিপাঝাৰ, ১৩ ছেপ্টেম্বৰ : ৰাজ্য কঁপোৱা ছিপাঝাৰৰ শিহৰণকাৰী ট্রিপল মার্ডাৰৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে যদিও ৰহস্যঘন এই ঘটনাৰ যৱনিকা পৰাৰ দিশে গতি কৰিছে৷ একেটা পৰিয়ালৰে তিনিগৰাকী সদস্যৰ মৃতদেহ পৰহি নিশা নিজৰ ঘৰতে উদ্ধাৰ হোৱাৰ শিহৰণকাৰী এই ঘটনা সন্দর্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো তথ্য প্রকাশ কৰা নাই যদিও তিনিওটা মৃতদেহৰ অৱস্থান আৰু কালি পুৱাৰ ভাগত হত্যাকাণ্ডত ব্যৱহূত এখন খুকুৰি, এযোৰ ছেণ্ডেল আৰু এটা ম’বাইল ফোন একেলগে উদ্ধাৰ হোৱাৰ পাছত ক্রমশঃ ৰহস্য ভেদ হোৱাৰ দিশে গতি কৰিছে আৰু দীপক নাথেই এহ ঘটনা সংঘটিত কৰা বুলি আৰক্ষীও একপ্রকাৰৰ নিশ্চিত হৈছে৷
মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন আৰু ফৰেনছিক পৰীক্ষাৰ প্রতিবেদন নোপোৱা পর্যন্ত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো তথ্য প্রকাশ কৰিব নুখুজিলেও আৰক্ষী ইতিমধ্যে নিশ্চিত হৈছে যে সমগ্র এই ঘটনাৰ আঁৰত আছে দীপক নাথ৷ উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া ছিপাঝাৰৰ নাৰিকলিৰ দীপক নাথ, পত্নী প্রতিমা নাথ আৰু একমাত্র সন্তান ধৃতিৰাজ নাথৰ মৃতদেহ নিজৰ ঘৰতে উদ্ধাৰ হৈছিল৷ দীপক নাথৰ মৃতদেহ চোতালত আৰু পত্নী–পুত্রৰ মৃতদেহ ঘৰৰ মজিয়াত ৰক্তাক্ত অৱস্থাত শোৱনী কোঠাৰ মজিয়াত উদ্ধাৰ হৈছিল৷ একেটা পৰিয়ালৰে তিনিগৰাকী সদস্যৰ মৃতদেহ এনেদৰে উদ্ধাৰ হোৱাৰ পাছত স্বাভাৱিকতে নিশা সৃষ্টি হয় তীব্র চাঞ্চল্য৷ কিন্তু ঘটনাটো কিয় আৰু কেনেদৰে সংঘটিত হৈছিল তাৰ কোনো সদুত্তৰ নাছিল আৰক্ষীৰ হাতত৷
আনহাতে, স্থানীয় ৰাইজ আৰু দীপক নাথৰ আত্মীয়–স্বজনো আছিল অন্ধকাৰত৷ ইফালে, ঘটনাৰ খবৰ পোৱা মাত্রকে ছিপাঝাৰৰ আৰক্ষী, দণ্ডাধীশ, দৰঙৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হোৱাৰ লগতে নিশাৰ ভাগতে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দল স্নিফাৰ ডগসহ উপস্থিত হৈ সম্পন্ন কৰিছিল তদন্ত৷ এই সকলো সম্পন্ন হোৱাৰ পাছত নিশা প্রায় এক বজাত তিনিওটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছিল৷ তাৎপর্যপূর্ণভাৱে নিশা আৰক্ষীয়ে ঘটনা সম্পর্কত কোনো তথ্য প্রকাশ কৰা নাছিল৷ অৱশ্যে দীপক নাথৰ পত্নীয়ে ব্যৱহাৰ কৰা ম’বাইল ফোনটো উদ্ধাৰ কৰিছিল৷ কিন্তু কি পৰিস্থিতিত পৰিয়ালটোৰ তিনিজনকৈ লোকৰ মৃত্যু হ’ল সেয়া সকলোৰে বাবে কৌতূহলৰ বিষয় হৈয়েই আছিল যদিও দীপক নাথৰ মৃতদেহৰ অৱস্থান আৰু কালি হত্যাত ব্যৱহূত হোৱা খুকুৰিখন উদ্ধাৰ হোৱাৰ পাছত আৰক্ষী একপ্রকাৰ নিশ্চিত হৈছে যে পত্নী আৰু পুত্রক ঘপিয়াই হত্যা কৰি দীপকে ঘৰৰ ছাদৰ ওপৰৰ পৰা জঁপিয়াহ আত্মহত্যাৰ পথ বাছি লয়৷
ইফালে, একেটা পৰিয়াল নিঃশেষ হৈ যোৱা এই কৰুণ ঘটনাই নাৰিকলি–পুণিয়াৰ প্রতিগৰাকী লোককে শোকস্তব্ধ কৰি তুলিলেও দীপক নাথৰ মৃতদেহ আৰু পত্নী–পুত্রৰ মৃতদেহৰ অৱস্থানে সন্দেহৰ উদ্রেক কৰিছে স্থানীয় ৰাইজৰ মনতো৷ বিশেষকৈ দীপক নাথৰ শৰীৰত কোনোধৰণৰ বাহ্যিক আঘাতৰ চিন পৰিলক্ষিত হোৱা নাছিল৷ মূৰৰ পিছপিনে সামান্য জখমৰ চিন আৰু মুখেৰে ওলোৱা তেজ গোটমৰা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ৷ আনহাতে, পিন্ধনত আছিল পেণ্ট–ছার্ট৷ কিন্তু ইয়াৰ বিপৰীতে পুত্র আৰু পত্নীৰ মৃতদেহৰ ডিঙি তথা মূৰৰ কেইবাঠাহতো উপর্যুপৰি ঘপিওৱাৰ চিন স্পষ্ট হৈ আছিল৷ শৰীৰৰ পৰা নির্গত তেজ মজিয়া পর্যন্ত বৈ গৈছিল৷ মাতৃ–পুত্র দুয়োৰে পিন্ধনত আছিল নিশা শোৱাৰ সাজ৷ তেনে ক্ষেত্রত ঘাতক মাতৃ–পুত্রৰ ক্ষেত্রত ইমান নৃশংস কিয় হৈ পৰিছিল বা দীপকৰ ক্ষেত্রত কিয় নমনীয় হৈছিল সেয়াও প্রশ্ণৰ বিষয় হৈ পৰিছে৷ যাৰ বাবে পাৰিবাৰিক কিবা সংঘাতৰ পৰিণতিতেই নিজকে ঘাতকৰ শাৰীলৈ অৱনমিত কৰিছিল নেকি দীপকে, সেয়াও হৈ পৰিছে ৰাইজৰ প্রশ্ণ৷
ঘটনা বুধবাৰে নিশাৰ ভাগতে সংঘটিত হৈছিল
ইফালে, পৰহি সন্ধিয়া দীপকৰ ভাতৃয়ে মন্দিৰৰ প্রসাদ আৰু গাখীৰ দিবলৈ আহি শিহৰণকাৰী এই ঘটনা পোহৰলৈ আনিছিল যদিও সমগ্র ঘটনা কিন্তু বহু পূর্বেই সংঘটিত হোৱাৰ সন্দেহ ঘনীভূত হৈছে৷ বিশেষকৈ মাতৃ–পুত্রৰ শৰীৰৰ পৰা ওলোৱা তেজ প্রায় গোট মাৰিছিল৷ তদুপৰি পৰহি দিনৰ ভাগত হোৱা হ’লে চিঞৰ–বাখৰৰ শব্দ নিশ্চয় ওচৰ–চুবুৰীয়াই শুনা পালেহেঁতেন৷ এনে ক্ষেত্রত নিশাৰ ভিতৰতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷ কাৰণ পৰহি দীপক নাথৰ সন্তান তথা বাইহাটা চাৰিআলিৰ ডিপিএছৰ সপ্তম শ্রেণীৰ ছাত্র ধৃতিৰাজ নাথ বিদ্যালয়লৈ যোৱাও নাছিল৷ তদুপৰি ঘৰৰ সন্মুখেৰে অহা–যোৱা কৰা লোকে দিনৰ ভাগতো ঘৰৰ গেট ভিতৰৰ পৰা মাৰি থোৱা অৱস্থাতে প্রত্যক্ষ কৰিছিল৷ কিন্তু দিনৰ ভাগত কোনো লোক ঘৰখনলৈ নহাৰ বাবেই ঘটনাক্রম অহা নাছিল পোহৰলৈ৷
পাৰিবাৰিক কিবা সংঘাত আছিল নেকি দীপকৰ ?
আর্থিক দৈন্যৰ বাবে সৰুৰে পৰা মোমায়েকৰ ঘৰত থাকি পঢ়া–শুনা কৰি লাট মণ্ডলৰ চাকৰিত নিযুক্ত হৈছিল দীপক নাথ৷ অঞ্চলটোত দীপক মণ্ডল হিচাপেহে পৰিচিত আছিল৷ এই মণ্ডলৰ চাকৰিটো যেন দীপকৰ বাবে হৈ উঠিছিল আলাউদ্দিনৰ চাকি৷ মাটি–বাৰীকে ধৰি প্রাসাদপোম অট্টালিকা নির্মাণ কৰি এগৰাকী চহকী ব্যক্তি হিচাপে প্রতিষ্ঠা লাভ কৰিছিল দীপকে৷ এই লৈ অলপ ভেম থাকিলেও পত্নী–পুত্র তথা পিতৃ–মাতৃ, ভাতৃ–ভগ্ণীৰ প্রতি দায়িত্ব পালনত ত্রুটি ৰখা নাছিল৷ পত্নীৰ লগত মুকলি কোনো সংঘাত নাথাকিলেও নাৰীৰ প্রতি যেন কিছু দুর্বল আছিল দীপক নাথ৷ বিবাহৰ পূর্বে বা বিবাহৰ পাছতো নাৰীকেন্দ্রিক সৰু–সুৰা ঘটনা সংঘটিত হৈছিল যদিও পত্নীৰ লগত আনে দেখাত কোনো সংঘাত নাছিল৷
কিন্তু এতিয়া সন্দেহ হৈছে- এনেধৰণৰ কিবা ঘটনাৰ বাবে শেহতীয়াকৈ পাৰিবাৰিক কিবা সংঘাত আহিছিল নেকি, যাৰ ফলত হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল দীপকে। আনহাতে, আজি কিছুদিনৰ পৰা দীপকক পূর্বতকৈ বহু উদাসীন দেখিছিল চুবুৰীয়াই৷ আনকি এসপ্তাহমান পূর্বে মুকলিকৈ হতাশাগ্রস্ততাৰ পৰিচয় দাঙি ধৰিছিল এগৰাকী চুবুৰীয়াৰ ওচৰত৷ ‘ইমান কষ্ট কৰি এই বৃহৎ ঘৰটো নির্মাণ কৰিলোঁ, ভগৱানে আমাক এই ঘৰটোত জীৱন কটোৱাৰ সুবিধা দিবনে’ বুলি এক তাৎপর্যপূর্ণ মন্তব্য প্রকাশ কৰিছিল চুবুৰীয়া এগৰাকীৰ ওচৰত৷ তেনে ক্ষেত্রত কিবা অজ্ঞাত কাৰণত কিছুদিনৰ পৰা চৰম হতাশাত দিন পাৰ কৰিছিল নেকি দীপকে? অৱশ্যে চুবুৰীয়াই প্রকাশ কৰা মতে, কাৰোৰে লগত কাজিয়া বা সংঘাত নাছিল দীপকৰ৷ অন্তৰ খোলা লোক হিচাপে কাৰোবাক কিবা খং কৰিলেও নিমিষতে আকৌ সেইবোৰ পাহৰি পেলাইছিল৷ তেনে ক্ষেত্রত দীপক নাথে এনে ধৰণৰ ঘটনা সংঘটিত কৰাটো মনেৰে মানি ল’ব নোৱাৰিলেও কালি দিনৰ ভাগৰ ঘটনাক্রমে দীপকেই এই ঘটনা সংঘটিত কৰা বুলি ইতিমধ্যে চর্চিত হৈছে৷
উল্লেখ্য যে পিতৃগৃহৰ পৰা প্রায় আঠশ মিটাৰ দূৰত্বত সুকীয়াকৈ ঘৰ পাতি পত্নী–পুত্রসহ বিগত প্রায় দহ বছৰ ধৰি দীপক নাথে বসবাস কৰি আহিছিল ৰাষ্ট্রীয় ঘাইপথৰ ঐতিহাসিক নাৰিকলি মন্দিৰৰ সমীপত৷ আটোমটোকাৰিকৈ সজাইছিল ঘৰখন৷ তিনি সদস্যৰ পৰিয়ালৰ এই ঘৰখন আছিল আপাত দৃষ্টিত এখন সুখৰ ঘৰ৷ কিন্তু এই সুখৰ ঘৰখন যেন অভিশপ্ত হৈ পৰিছিল বৃহস্পতিবাৰে নিশা৷ তিনিটা মৃতদেহেৰে মৰিশালিত পৰিণত হৈ পৰিছিল ঘৰখন৷ সকলো সপোন সকলো আশা চূর্ণ–বিচূর্ণ হৈ পৰিছিল৷ এটা পৰিয়াল নিঃশেষ হৈ পৰিল এই ঘৰখনতে৷
লক্ষণীয় যে দীপকৰ মাতৃৰ বিয়োগৰ পাছত পিতৃয়ে দ্বিতীয় বিবাহ কৰাইছিল৷ কিন্তু মাহীমাক আৰু মাহীমাকৰ পুত্র–কন্যাৰ লগত অতি মিলা–প্রীতি আছিল৷ চিন–ভেদ নোহোৱাকৈ ভাতৃ–ভগ্ণী আটাইৰে দায়িত্ব পালন কৰিছিল দীপকে৷ যাৰ কাৰণে ভাতৃ–ভগ্ণী সকলোৰে বাবে দীপক আছিল আদর্শ৷ কিন্তু সেইগৰাকী স্নেহময়ী জ্যেষ্ঠ ভাতৃৰ জীৱন পৰিক্রমা এনেদৰে অভিশপ্ত হৈ পৰাৰ পিছত এতিয়া যেন শোকত ভাগি পৰিছে আটায়ে৷ দীপক নাথৰ মনৰ মাজত কিবা সংঘাত চলি থাকিলেও ভু–কে যেন নাপালে পৰিয়ালটোৱে৷ সকলোৱে আশা কৰিছে সমগ্র ৰাজ্য জোকাৰি যোৱা এই ঘটনাৰ প্রকৃত তথ্য পোহৰলৈ আহক৷ আৰক্ষীয়ে তদন্তত কি লাভ কৰে সেয়াও পোহৰলৈ আনি ৰাইজ তথা পৰিয়ালটোক উৎকণ্ঠাৰ পৰা মুক্ত কৰক৷ সঁচাকৈয়ে দীপকেই হত্যাকাৰী নে আন কোনো লোকে হত্যাকাণ্ড সংঘটিত কৰি দীপকক কাললৈ বুলি অভিশপ্ত কৰিবলৈ খুব শীতলভাৱে এই ঘটনা সংঘটিত কৰিলে সেয়াও পোহৰলৈ আহক৷