নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

S I পদৰ ৰহস্যঃ ২০ তাৰিখৰ পৰীক্ষা হৈছিল ১৯ত, গণেশগুৰিৰ লজত উদ্ধাৰ এডমিট-প্ৰশ্নকাকত, চাঞ্চল্য

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ ষড়যন্ত্রকাৰীসকলক চিনাক্ত কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কালি নিশা কৰায়ত্ত কৰিবলৈ কঠোৰ নির্দেশ দিয়াৰ পিছতে আজি গুৱাহাটীৰ গণেশগুৰিৰ থেংক ইউ লজত আৰক্ষীয়ে চলাই অভিযান।

অভিযানত অসম আৰক্ষীৰ এছ আই পদৰ পৰীক্ষা ১৯ ছেপ্টেম্বৰতেই অনুষ্ঠিত হোৱাৰ কথা পোহৰলৈ আহে। লজটোৰ পৰা ১৯ ছেপ্টেম্বৰতে পৰীক্ষাত অৱতীৰ্ণ হোৱা ৩০গৰাকী প্ৰাৰ্থীৰ এডমিড কাৰ্ড উদ্ধাৰ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, বামুন্দিৰ পৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা পিছত চিআইডিয়ে গণেশগুৰিৰ এই লজটোত অভিযান চলাইছিল। চাঞ্চল্যৰ সৃষ্টি কৰা এই অভিযানৰ পিছত লজটোৰ মালিকক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

উল্লেখ্য, নতুন দিল্লীৰ পৰা উভতি আহিয়েই নিজৰ চৰকাৰী বাসভৱনত আয়োজিত এক বৈঠকত মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ দ্বাৰা অনুষ্ঠিত এছআই পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ ঘটনাৰ সবিশেষ বুজ লৈছিল কালি।

You might also like