নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা বছৰ গৰকিলে নগাঁও চিকিৎসা মহাবিদ্যালয়ে…

🔹 প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে চিকিৎসা মহাবিদ্যালয় চৌহদত বিভিন্ন  কাৰ্যসূচী পালন

বিশেষ বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে মঙলবাৰে চিকিৎসা মহাবিদ্যালয় চৌহদত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। প্ৰথম বাৰ্ষিকী উপলক্ষে পুৱা প্ৰায় ৭ বজাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলৰ সহযোগত চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডিফলুলৈকে এক পদযাত্ৰা উলিওৱা হয়। ইয়াৰ ঠিক পাছতেই চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অধ্যক্ষ মিহিৰ কুমাৰ গোস্বামীয়ে পতাকা উত্তোলন কৰে। পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ সভাগৃহত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভ কৰা হয় এখন মুকলি সভাৰ। সভাৰ প্ৰথমতেই মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয় সংগীত আৰু সৰস্বতী বন্দনা পৰিৱেশন কৰে। সভাৰ আদৰণী ভাষণ আগবঢ়াই জ্যেষ্ঠ চিকিৎসক ডা: প্ৰসান্ত কুমাৰ বৰুৱাই কয় যে কলংপৰীয়া ৰাইজৰ সপোনৰ এই অনুষ্ঠানটোৱে নিচেই চালুকীয়া অৱস্থাতে মধ্য অসমৰ এক বিশাল অঞ্চলৰ ৰোগাক্ৰান্ত ৰাইজৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: মিহিৰ কুমাৰ গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে মধ্য অসমৰ প্ৰতিজন লোকৰ বাবে আজিৰ দিনটো এটা চিৰস্মৰণীয় দিন। প্ৰথম বৰ্ষটোতে এই মহাবিদ্যালয়ে ৰাইজৰ বাবে বহুখিনি কৰিছে আৰু অনাগত সময়ত আন্ত:গাঁথনিকে আদি কৰি বিছনাৰ সংখ্যা বঢ়োৱাৰ ক্ষেত্ৰতো চিন্তাচৰ্চা কৰি থকা হৈছে। অনুষ্ঠানত উপস্থিত থাকে নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ ডা: বাবুল কুমাৰ বেজবৰুৱা, মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অধ্যক্ষ নগাঁও মহাবিদ্যালয়, অট’নমাচ, ড: শৰৎ বৰকটকী। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাকে ধৰি চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ।

প্ৰেৰক কনক হাজৰিকা

You might also like