নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ বছৰ পিছতো নহ’ল পবিতৰা অভয়াৰণ্যৰ সীমা নির্ধাৰণ

🔹 অসম চৰকাৰক ৪ সপ্তাহত শপতনামা দাখিলৰ শেষ সুযোগ উচ্চতম ন্যায়ালয়ৰ

বিশেষ বার্তা, ২৭ ফেব্রুৱাৰী : ২৫ বছৰ পিছতো পবিতৰা অভয়াৰণ্যৰ সীমা নির্ধাৰণ হোৱা নাই৷ বাৰম্বাৰ জাননী জাৰি কৰাৰ পিছতো অসম চৰকাৰে দিয়া নাই কোনো উত্তৰ কিম্বা শপতনামা৷ ইয়াৰ বাবে কালি উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে অসম চৰকাৰ৷ ন্যায়াধীশ বি আৰ গাবাই আৰু ন্যায়াধীশ সন্দীপ নাথেৰে গঠিত খণ্ড বিচাৰপীঠে সমগ্র বিষয়টোক লৈ কালি অসম চৰকাৰক সকীয়নি প্রদান কৰি চাৰি সপ্তাহৰ ভিতৰত পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ সীমা নির্ধাৰণ সন্দর্ভত শপতনামা দাখিল কৰিবলৈ শেষ সুযোগ দিয়ে৷ নির্ধাৰিত সময়সীমাৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ ব্যর্থ হ’লে কঠোৰ পৰিণাম ভুগিব লাগিব বুলিও বিচাৰপীঠে অসম চৰকাৰক সকীয়াই দিয়ে৷ উল্লেখ্য যে ১৯৯৮ চনৰ ১৭ মার্চত পবিতৰাক বন্যপ্রাণী অভয়াৰণ্যৰ মর্যাদা প্রদান কৰা হৈছিল৷ ন্যায়াধীশ গাবাইৰ বক্তব্য– ‘জাননী জাৰি কৰাৰ পিছত ২৫ বছৰ পাৰ হৈ গ’ল, কিন্তু অভয়াৰণ্যখনৰ সীমা এতিয়াও নির্ধাৰণ নহ’ল৷ আমি আশা কৰিছোঁ- ৰাজ্য চৰকাৰে বিষয়টোৰ গুৰুত্ব অনুভৱ কৰি জৰুৰীকালীনভাৱে বিহিত ব্যৱস্থা গ্রহণ কৰিব৷ লগতে আমি এই বুলিও জাননী জাৰি কৰিছোঁ যে নির্ধাৰিত সময়ৰ ভিতৰত ব্যৱস্থা গ্রহণ নকৰিলে ইয়াৰ কঠোৰ পৰিণাম ভুগিব লাগিব৷’ ন্যায়ালয়ৰ এই কঠোৰ নির্দেশনাৰ পিছত ৰাজ্য চৰকাৰক প্রতিনিধিত্ব কৰা অধিবক্তা নলীন কোহলিয়ে দুই সপ্তাহৰ ভিতৰত পবিতৰা অভয়াৰণ্যৰ সীমা নির্ধাৰণ কৰিবলৈ কিমান সময় লাগিব সেই সন্দর্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিবৃতি প্রদান কৰা হ’ব বুলি ন্যায়ালয়ক আশ্বস্ত কৰে৷ উল্লেখ্য যে বিশিষ্ট পৰিৱেশবিদ ৰোহিত চৌধুৰীয়ে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে ইয়াৰ পূর্বেও অসম চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নির্দেশ প্রদান কৰিছিল৷ চৌধুৰীৰ অভিযোগ– ২৫ বছৰ পিছতো পবিতৰা এলেকাত থকা খাচ মাটি জিলা প্রশাসনে এতিয়াও ৰাজ্যৰ বন বিভাগক হস্তান্তৰ কৰা নাই৷ পবিতৰা অভয়াৰণ্যৰ সীমা নির্ধাৰণ কৰিব পৰা নাই ৰাজ্যৰ বন বিভাগে৷ সমগ্র বিষয়টো ২০১৮ চনৰ ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে প্রদান কৰা সংশ্লিষ্ট নির্দেশনা উলংঘন কৰা বুলি চৌধুৰীয়ে নিজৰ শপতনামাত উল্লেখ কৰিছে৷

You might also like