নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ কথাশিল্পী হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যুবার্ষিকী

বিশেষ বাৰ্তা, ১১ মেঃ কথাশিল্পী হোমেন বৰগোহাঞিৰ কাইলৈ দ্বিতীয় মৃত্যুবার্ষিকী৷ অনবদ্য অৱদানেৰে অসমৰ সাহিত্য জগতক চহকী কৰি যোৱা কথাশিল্পীগৰাকীক দ্বিতীয় মৃত্যুবার্ষিকীত ৰাজ্যবাসীয়ে স্মৰণ কৰিব৷ ৰাজ্যৰ ভিন্ন প্রান্তত কাইলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ সাহিত্যিকগৰাকীৰ দ্বিতীয় মৃত্যুবার্ষিকীত কৰুণাধাৰাৰ উদ্যোগত হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে৷ গুৱাহাটীৰ ডাঃ ভুবনেশ্বৰ বৰুৱা কর্কট প্রতিষ্ঠানৰ প্রেক্ষাগৃহত বিয়লি ৪ বজাত এই অনুষ্ঠান অনুষ্ঠিত হ’ব৷ এইবাৰৰ হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠানৰ বিষয় হৈছে– ‘মানৱতাবাদ আৰু মানৱীয় প্রমূল্যবোধেই সামাজিক শান্তি আৰু সম্প্রীতিৰ আধাৰ৷’ অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত তথা প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এই বক্তৃতা প্রদান কৰিব৷ উল্লেখ্য যে ২০২১ বর্ষৰ ১২ মে’ত বৰগোহাঞিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল৷ কেইবাদিনো ধৰি ক’ভিডত আক্রান্ত হোৱাৰ পিছত তেওঁ সুস্থ হৈ উঠিছিল যদিও ইয়াৰ ফলত সৃষ্টি হোৱা শাৰীৰিক জটিলতাৰ বাবেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯৩২ চনৰ ৭ ডিচেম্বৰত লখিমপুৰৰ ঢকুৱাখানাত জন্মগ্রহণ কৰা বিশিষ্ট সাহিত্যিকগৰাকীক ১৯৭৮ চনত ‘পিতা–পুত্র’ নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি সন্মানেৰে সন্মানিত হৈছিল৷ কেইবাখনো আগশাৰীৰ অসমীয়া বাতৰি কাকতত সম্পাদক আৰু মুখ্য সম্পাদক হিচাপে দায়িত্ব পালন কৰা বিশিষ্ট কথাশিল্পীগৰাকীয়ে সাহিত্য অকাডেমিৰ উপৰি অসম সাহিত্য উপত্যকা বঁটা, অসম সাহিত্য সভাৰ নীলমণি ফুকন বঁটা আদিকে ধৰি কেইবাটাও বঁটাৰে সন্মানিত হৈছিল৷

You might also like