নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উল্কাপিণ্ডৰ পর্যবেক্ষক–আৱিষ্কাৰকঃ নাছাৰ ৱেবছাইটত অসমৰ ৪ শিক্ষাগুৰু

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ  আমেৰিকাৰ মহাকাশ গৱেষণা প্রতিষ্ঠান ‘নাছা’ ৱেবছাইটত উল্কাপিণ্ডৰ পর্যবেক্ষক তথা আৱিষ্কাৰক হিচাপে নাম অন্তর্ভুক্ত হৈছে অসমৰ চাৰিগৰাকীকৈ শিক্ষকৰ৷ ক’ভিড মহামাৰীয়ে বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰাৰ সময়তে আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত জিলিকা অসমৰ এই চাৰিগৰাকী শিক্ষক ক্রমে যোৰহাট জিলাৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কংকণ কিশোৰ দত্ত, ৰবীন্দ্র বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰাজীৱ ৰঞ্জন ধৰ, গংগাচৰণ ধনদা বিদ্যাশ্রম মধ্য ইংৰাজী বিদ্যালয়ৰ দেৱস্মিতা পাল আৰু সর্বশিক্ষা মিছন গুৱাহাটীৰ কুলদীপ শেনচোৱা৷

আমেৰিকাৰ মহাকাশ গৱেষণা প্রতিষ্ঠান ‘নাছা’ৰ অন্তর্গতInternational Asteroid Search Campaign চমুকৈIASCৰ গ্রহাণু বা উল্কাপিণ্ড অনুসন্ধান অভিযানত অংশগ্রহণ কৰি সফলতাৰে চাৰিটাকৈ উল্কাপিণ্ড চিহ্ণিত কৰি ‘নাছা’ৰ ৱেবছাইটত উল্কাপিণ্ডৰ পর্যবেক্ষক–আৱিষ্কাৰ্ হিচাপে নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হয় এই চাৰিজন শিক্ষক৷

আমেৰিকাৰ হাৱাইত থকাPan STARRS টেলিস্কোপৰ পৰা মহাকাশৰ ফটো সংগ্রহ কৰি বিশেষ কম্পিউটাৰ প্র’গ্রেমৰ সহায়ত বিশ্লেষণ কৰিছিল এইকেইগৰাকী শিক্ষকে৷ ইয়াৰ পিছতে বিশ্লেষণ কৰি পোৱা প্রতিবেদনIASCক দাখিল কৰিছিল৷

ভাৰত চৰকাৰৰ অন্তর্গত স্বতন্ত্র সংস্থা বিজ্ঞান প্রচাৰ[VIPNET]ৰ হৈ এইকেইজন শিক্ষকে দলীয়ভাৱে কাম কৰি এই সফলতা লাভ কৰিছে৷ শিক্ষককেইগৰাকীৰ এই সফলতাক সমগ্র অসমৰ বিদ্বান মহলে আদৰণি জনাইছে৷

You might also like