নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদৰ আর্হিৰে গুৱাহাটীত নলা নিষ্কাশন

গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী অশোক সিংহলৰ ঘোষণা

নিয়মীয়া বাৰ্তা ১৬ জুনঃ গুৱাহাটী মহানগৰীৰ অন্যতম সমস্যা হিচাপে বিবেচিত কৃত্রিম বান নিয়ন্ত্রণৰ ক্ষেত্রত গুৱাহাটী উন্নয়ন বিভাগে ন ন পৰিকল্পনা প্রস্তুত কৰিছে৷ বান নিয়ন্ত্রণৰ বাবে নলা নিষ্কাশনৰ নামত ৰাজকোষৰ ধন যাতে সৎ ব্যৱহাৰ কৰি মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিব পৰা যায় তাৰ বাবে গুৱাহাটী উন্নয়ন বিভাগে ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিব৷ বিভাগীয় মন্ত্রী অশোক সিংহলে আজি সংবাদ মাধ্যমৰ আগত মহানগৰীৰ কৃত্রিম বান নিয়ন্ত্রণ সন্দর্ভত ল’বলগীয়া কেতবোৰ প্রয়োজনীয় ব্যৱস্থাৰ কথা সদৰী কৰে৷ বিশেষকৈ বিজ্ঞানসন্মতভাৱে নলা নিষ্কাশনৰ ওপৰত মন্ত্রীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে৷ মন্ত্রীগৰাকীয়ে কয় যে আওপুৰণি পদ্ধতিৰে নলা নিষ্কাশন কৰাৰ বিপৰীতে অত্যাধুনিক প্রযুক্তিৰ ব্যৱহাৰ কৰা হ’ব৷ অত্যাধুনিক প্রযুক্তি তথা মেচিনৰ জৰিয়তে আহমেদাবাদৰ আর্হিত গুৱাহাটী মহানগৰীৰ নলা–নর্দমা নিষ্কাশন কৰা হ’ব৷

মেচিনেৰে নলাৰ পৰা নিয়মীয়াকৈ জাৱৰ নিষ্কাশন কৰি সেই জাৱৰ নির্দিষ্ট ঠাইলৈ স্থানান্তৰ কৰা হ’ব৷ অৱশ্যে বাৰিষা অথবা বৰষুণৰ সময়ছোৱাত নলা নিষ্কাশনৰ বিপৰীতে খৰালিত এই কাম সম্পন্ন কৰিব লাগিব৷ ইতিমধ্যে পৌৰ নিগমক বহিঃৰাজ্যৰ পৰা চাৰিটা মেচিন ক্রয় কৰিবলৈ মন্ত্রীগৰাকীয়ে নির্দেশ দিয়া বুলি উল্লেখ কৰে৷

প্রতিবছৰে ছেপ্টেম্বৰ মাহৰ পৰা নলা নিষ্কাশনৰ কাম আৰম্ভ হ’ব আৰু বাৰিষাৰ পূর্বে এই কাম সম্পন্ন কৰিব৷ ইপিনে পৌৰ নিগমে পূর্বে নলা নিষ্কাশনৰ বাবে ৭১গৰাকী ঠিকাদাৰক আবণ্টন দিয়া ঠিকা বাতিল কৰা বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰি কয় যে ৰাজকোষৰ ধনৰ সদ্ব্যৱহাৰৰ ওপৰত এইবাৰ গুৰুত্ব আৰোপ কৰা হৈছে৷ বাৰিষাৰ সময়ছোৱাত নলা নিষ্কাশন কৰা অর্থহীন৷ এফালৰ পৰা ঠিকাদাৰসকলে নলাৰ পৰা বোকা আৱর্জনা নিষ্কাশন কৰি পথৰ দাঁতিত দ’মাই থয় আনফালে বৰষুণে পুনৰ সেই বোকা নলাত পেলায়৷ গতিকে এই পদ্ধতিৰ সংস্কাৰ কৰিব নোৱাৰিলে কৃত্রিম বান নিয়ন্ত্রণ সম্ভৱ হৈ নুঠিব৷ সেয়েহে এইবাৰ গুৱাহাটী উন্নয়ন বিভাগে অত্যাধুনিক প্রযুক্তিৰ সহায় ল’ব বুলি মন্ত্রীগৰাকীয়ে সদৰী কৰে৷

You might also like