নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মহত্যা নহয়, দলবদ্ধ ধর্ষণৰ বলি হৈছিল অভয়াকুটিৰ দুই কিশোৰী; কেনেকৈ ধৰা পৰিল হত্যাকাৰী?

বলাৎকাৰৰ পিছত হত্যা কৰি ওলমাই থৈছিল গছত

নিয়মীয়া বাৰ্তা ১৬ জুনঃ কোকৰাঝাৰৰ অভয়াকুটিত আমগছৰ একেটা ডালতে সন্দেহজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা দুই কিশোৰী ধর্ষণ আৰু হত্যাকাণ্ডৰ বলি হৈছিল৷ আৰক্ষীয়ে চলোৱা ক্ষিপ্র তদন্তত এই তথ্য পোহৰলৈ আহিছে৷ লক্ষণীয়ভাৱে মঙলবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে সেই ঘটনাৰ মূল তথ্য প্রকাশ কৰি এইবুলি উল্লেখ কৰে– কোকৰাঝাৰৰ দুই জনজাতি কিশোৰীৰ ধর্ষণ আৰু হত্যাৰ ঘটনা সমাধান কৰা হৈছে৷ বিটিআৰৰ আইজিপিয়ে মোক তদন্তৰ ফলাফলৰ বিষয়ে অৱগত কৰি ফোন কৰিছে৷

যোৱা দেওবাৰে মই তেওঁলোকৰ বাসগৃহলৈ গৈছিলোঁ৷ অপৰাধীসকলক চিনাক্ত কৰাত অত্যন্ত সন্তুষ্টি অনুভৱ কৰিছোঁ৷ উল্লেখ্য যে যোৱা ১৩ জুনত ১৪ বছৰীয়া আৰু ১৫ বছৰীয়া দুগৰাকী কিশোৰী গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সমগ্র কোকৰাঝাৰতে সৃষ্টি কৰিছিল চাঞ্চল্য৷ কিশোৰী দুগৰাকীৰ পৰিয়ালে মুকলিকৈ অভিযোগ কৰিছিল যে হত্যা কৰি ওলমাই ৰখা হৈছিল দুই কিশোৰীক৷ ঘটনাৰ সবিশেষ ল’বলৈ যোৱা দেওবাৰে অভয়াকুটিত উপস্থিত হৈছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

মুখ্যমন্ত্রীগৰাকীয়ে উক্ত স্থানৰ পৰাই এই ঘটনাৰ প্রকৃত ৰহস্য ফাদিল কৰিবলৈ আৰক্ষীক নির্দেশ দিছিল৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈছিল চিআইডি আৰু ফৰেনছিকৰ দল৷ আৰক্ষীয়ে প্রাথমিক অনুসন্ধানতেই ঘটনাৰ যথেষ্ট তথ্য উদ্ধাৰ কৰাৰ লগতে গ্রেপ্তাৰ কৰিছিল সাতজনকৈ যুৱকক৷ গ্রেপ্তাৰ কৰা এই যুৱককেইজন হ’ল– ধুবুৰীৰ চাপৰ নিউহাতীখুঁটাৰ হানিফ শ্বেখ (২০), কোকৰাঝাৰৰ শালবাৰীৰ জাহানুৰ ইছলাম (২৩), কোকৰাঝাৰৰ ছুটীপাৰাৰ শংকৰদেৱ বর্মন (২৭), কোকৰাঝাৰৰ আতব আলী (২৬), মুজাম্মিল শ্বেখ (২০), নাচিবুল আলী শ্বেখ (১৯) আৰু ফৰিজুল ৰহমান (২২)৷

সমগ্র ঘটনা সন্দর্ভত তীব্র অভিযান চলোৱা আৰক্ষীয়ে কালি তিনিজনক গ্রেপ্তাৰ কৰাৰ পিছত আজিৰ ঘটনাৰ লগত জড়িত আন চাৰিজনক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত প্রত্যক্ষভাৱে জড়িত আছিল মুজাম্মিল শ্বেখ, নাজিবুল আলী শ্বেখ আৰু ফৰিজুল ৰহমান৷ ইফালে আজি সন্ধিয়া কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য দাঙি ধৰে৷ সঞ্চালকপ্রধানগৰা কয়– ১১ জুনত আবেলিৰ ভাগত দুই কিশোৰীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুত্বসহকাৰে তদন্ত প্রক্রিয়া আৰম্ভ কৰে৷ ইয়াৰ পিছতেই ১২ জুনত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ অধ্যক্ষতাত এছ আই টি গঠন কৰা হয় আৰু তদন্ত প্রক্রিয়া আগুৱাই নিয়া হয়৷

আৰক্ষীয়ে বৰপেটাস্থিত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অভিজ্ঞ চিকিৎসক দলৰ দ্বাৰা ঘটনাৰ ১২টা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্রদান কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে৷ আনহাতে আৰক্ষীয়ে ম’বাইল ফোনৰ কল লিষ্ট পৰীক্ষা কৰি তদন্ত আগুৱাই নিয়াত প্রথম তিনিজন অভিযুক্ত ধৰা পৰে৷ ঘটনাৰ লগত জড়িত তথা আৰক্ষীক বিপথে পৰিচালনা কৰাৰ বাবে আন চাৰিজনক গ্রেপ্তাৰ কৰা হয়৷

কেনেকৈ ধৰা পৰিল হত্যাকাৰী?

১১ জুনত অভয়াকুটিত ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা কিশোৰী দুগৰাকীৰ ম’বাইল ফোনৰ কল লিষ্ট অনুসৰণ কৰিয়ে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত তিনিজন যুৱক মুজাম্মিল শ্বেখ, নাচিবুল আলী শ্বেখ আৰু ফৰিজুল ৰহমানক আটক কৰি সোধা–পোছা কৰে৷ ইয়াৰে এজন অভিযুক্তই কিশোৰী দুগৰাকীৰ সৈতে হোৱা ফোনৰ মেছেজ ডিলিট কৰিছিল যদিও আন দুজন অভিযুক্তৰ ম’বাইলৰ কল লিষ্ট আৰু মেছেজ পৰীক্ষা কৰাত বহু তথ্য পোহৰলৈ আহে৷ আৰক্ষীৰ জেৰাত অভিযুক্তকেইজনে কিশোৰী দুগৰাকীক কিদৰে ঘৰৰ পৰা মাতি লৈ গৈ বলাৎকাৰ কৰি হত্যা কৰিছিল, সেয়া স্বীকাৰ কৰে৷ আৰক্ষীয়ে আজি অভিযুক্ত তিনিজনক ঘটনা সংঘটিত স্থানলৈ নি দণ্ডাধীশৰ উপস্থিতিত উক্ত ঘটনা কেনেদৰে সংঘটিত কৰিছিল, তাৰ হুবহু বর্ণনা দিয়াৰ লগতে ক্রাইমচিন ৰিক্রিয়েট কৰি ভিডি’গ্রাফী কৰে৷

হত্যাৰ পূর্বে নির্যাতনৰ সন্মুখীন হৈছিল দুই কিশোৰী

তিনিজনকৈ নৰপিশাচে বলাৎকাৰ কৰি হত্যা কৰা দুই কিশোৰীৰ ওপৰত চলাইছিল শাৰীৰিক নির্যাতন৷ অভয়াকুটিৰ ঘটনাৰ তদন্তৰ নেতৃত্ব দিয়া বি টি আৰৰ আইজিপি এল আৰ বিষ্ণয়ে আজি এই তথ্য দাঙি ধৰিলে৷ শীর্ষ আৰক্ষী বিষয়াগৰাকীৰ মতে, ঘটনাৰ মূল অভিযুক্তৰ সৈতে কিশোৰী দুগৰাকীৰ পূর্বৰ পৰা সম্পর্ক আছিল৷ হত্যাকাণ্ডৰ দিনা কিশোৰী দুগৰাকীক ঘটনা সংঘটিত কৰা স্থানলৈ মূল অভিযুক্তই মাতি নিছিল৷ পূর্বৰে পৰা থকা চিনাকিৰ সূত্রে দুয়ো কিশোৰী উক্ত স্থানত উপস্থিত হোৱাৰ পিছতেই বিভিন্ন অজুহাতেৰে তিনি অভিযুক্তই বলাৎকাৰ কৰাৰ লগতে শাৰীৰিক নির্যাতনো চলায়৷ বলাৎকাৰৰ পিছতেই কিশোৰী দুগৰাকীয়ে পৰিয়াল তথা ৰাইজক সমগ্র ঘটনা অৱগত কৰাৰ ভাবুকি দিয়াত ভীতিগ্রস্ত হৈ মূল তিনি অভিযুক্তই তাৎক্ষণিক সিদ্ধান্ত গ্রহণ কৰি কিশোৰী দুগৰাকীক উক্ত স্থানতে হত্যা কৰে৷ হত্যা সংঘটিত কৰি আত্মহত্যাৰ ৰূপ দিবলৈ এগৰাকী কিশোৰীৰ এখন ওৰণি দুফাল কৰি দুয়োজনকে আমগছত ওলমাই ৰাখে৷ উল্লেখ্য যে ঘটনা সন্দর্ভত অভিযান চলাই ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, আৰক্ষী অধীক্ষক ভাস্কৰজ্যোতি মহন্তই জানিবলৈ দিয়া মতে, এই হত্যাকাণ্ডৰ বিচাৰ ফাষ্টটেক আদালতত কৰাৰ বাবে আহেদন জনাব৷

You might also like