নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত ভঁৰালত পচিছে লাখ টকাৰ ঔষধ

ব্যক্তিগত খণ্ডৰ ফার্মাচীৰ সৈতে গোপন বুজাবুজিৰ অভিযোগঃ ৰোগীয়ে নাপায় বিনামূলীয়া ঔষধ

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ দৰিদ্র ৰোগীৰ বাবে একমাত্র ভৰসাথলী গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সম্প্রতি ভৰসা হেৰাইছে দৰিদ্র জনতাৰ৷ ৰাজ্য চৰকাৰে বৃহৎ বৃহৎ বেনাৰ, হর্ডিং লগাই যিমানেই বিনামূলীয়া চিকিৎসা সেৱাৰ কথা নকওক কিয়, এইখন চিকিৎসালয়ত বিনামূলীয়া এটা ঔষধ বিচাৰি হাবাথুৰি খাবলগীয়া হয় দৰিদ্র ৰোগী৷ সততে বিতর্কৰ মাজত সোমাই পৰা শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বিতর্কই গা লৰাব নোৱাৰে চিকিৎসালয়খনৰ অধ্যক্ষ অথবা যুটীয়া স্বাস্থ্য সঞ্চালকক৷

কিয়নো দিছপুৰৰ আশীর্বাদপুষ্ট এই বিষয়াসকলে দৰিদ্র ৰোগীৰ বেদনা অনুভৱ কৰিব নোৱাৰে সেয়েহে গুদামতে পচিছে লাখ লাখ ৰাজহুৱা ধন খৰচ কৰি চৰকাৰে দৰিদ্র ৰোগীৰ বাবে যোগান ধৰা বিনামূলীয়া ঔষধ৷ গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ অন্তর্গত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থকা ঔষধ ভঁৰালত কার্টন কার্টনে ঔষধ পচিছে, কিছু কিছু কার্টনৰ ঔষধৰ ম্যাদো উকলি গৈছে৷

উল্লেখ্য যে গোলাঘাট জিলাখনৰে দৰিদ্র ৰোগীৰ একমাত্র উন্নত চিকিৎসাথলীত দৰিদ্র ৰোগীক চৰকাৰে যোগান ধৰা ঔষধ প্রদান নকৰাৰ ফলতে লাখ লাখ টকাৰ ঔষধ ম্যাদ উকলি গৈছে বুলি চর্চিত হৈছে৷ এক সূত্রৰ পৰা জানিব পৰা মতে, ঔষধৰ ভঁৰাল কর্তৃপক্ষ, চিকিৎসালয় কর্তৃপক্ষৰ লগত ব্যক্তিগত খণ্ডৰ ফার্মাচীৰ সৈতে থকা গোপন বুজাবুজিৰ ফলতে দৰিদ্র ৰোগীয়ে বিনামূলীয়া ঔষধ লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে দৰিদ্র ৰোগীৰ অভিভাৱকে গৰু–ছাগলী মাটি–বাৰী বিক্রী কৰি ঔষধ ক্রয় কৰা উদাহৰণ আমাৰ ওচৰত অসংখ্য আছে ৷ গোলাঘাট জিলাৰ অভিভাৱক মন্ত্রী তথা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ নেতৃত্বত এনেদৰেই চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ এনেক্ষেত্রত স্বাস্থ্যমন্ত্রীগৰাকীয়্ কি ব্যৱস্থা গ্রহণ কৰে সেয়া পৰৱর্তী সময়ত লক্ষণীয় হ’ব৷

You might also like