নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিলৰ দ্বিতীয় ভাগত তুংগত উঠিব ক’ভিডৰ দ্বিতীয় জোৱাৰ

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ দেশজুৰি ভয়াৱহ ৰূপত বর্ধিত হৈছে৷ প্রতিদিনে দেশৰ প্রান্তে প্রান্তে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ চলিত বর্ষত এদিনতে প্রথমবাৰৰ বাবে ৫০ সহস্রাধিক লোক আক্রান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত হৈছে ৫৩,৪৭৬জন আৰু আক্রান্ত হৈ প্রাণহানি হৈছে ২৫১জনৰ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি সংবাদ মেলযোগে সদৰী কৰা মতে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ পাছত যোৱা ২৪ ঘণ্টাত এদিনত সর্বাধিক ৫৩,৪৭৬জন লোক আক্রান্ত হৈছে৷ এনেদৰে ২৪ ঘণ্টাত সর্বাধিক ২৫১জনৰ মৃত্যু হৈছে৷ ইয়াকে লৈ দেশত মুঠ আক্রান্তৰ সংখ্যা ১,১২,৩১,৬৫০লৈ বৃদ্ধি হৈছে৷ লক্ষণীয় যে দেশৰ ১৮খন ৰাজ্যত নতুন প্রকৰণ ক’ৰোনা চিনাক্ত হোৱাৰ পাছতে উদ্বিগ্ণ কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক ক’ভিড–১৯ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰাৰ ক্ষেত্রত বিবেচনা কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷

বিগত পষেক ধৰি দেশজুৰি আক্রান্ত হোৱা লোকৰ ভিতৰত মহাৰাষ্ট্রকে ধৰি ছয়খন ৰাজ্যত এই আক্রান্তৰ সংখ্যা ৮১ শতাংশ৷ মহাৰাষ্ট্রৰ প্রায়বোৰ প্রধান চহৰত নৈশ সান্ধ্য আইনৰ লগতে সপ্তাহান্তিক লকডাউন বলৱৎ কৰা হৈছে৷ মহাৰাষ্ট্রৰ উপৰি পঞ্জাব–কেৰালা–কর্ণ প্রতিদিনে আক্রান্তৰ সংখ্যা বর্ধিত হৈ আছে৷ তেনেদৰে তেলেংগানাত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত বিদ্যালয়–মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে৷ মধ্যপ্রদেশতো কেইবাখনো চহৰত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ ইপিনে, দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে এপ্রিলৰ দ্বিতীয় ভাগত সংক্রমণৰ মাত্রা তুংগত উঠিব বুলি ষ্টেট বেংক অৱ ইণ্ডিয়াই (এছ বি আই) প্রতিবেদনত প্রকাশ কৰিছে৷ এছ বি আইৰ প্রতিবেদন মতে, ফেব্রুৱাৰীৰ পৰা প্রতিদিনে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বর্ধিত হৈ আছে আৰু ইয়ে স্পষ্টভাৱে প্রমাণিত কৰিছে যে দেশত দ্বিতীয় জোৱাৰ চলি আছে৷ এই দ্বিতীয় জোৱাৰ ১০০ দিন ধৰি চলি থকাৰ সম্ভাৱনা আছে বুলিও প্রতিবেদনত প্রকাশ পাইছে৷ যোৱা ২৩ মার্চলৈ আক্রান্তৰ সমীক্ষাৰ আধাৰত দ্বিতীয় জোৱাৰত দেশত ২৫ লাখ লোক আক্রান্ত হোৱাৰ সম্ভাৱনা আছে৷ ২৪ পৃষ্ঠাৰ প্রতিবেদনত এই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে স্থানীয় লকডাউন অথবা প্রতিবন্ধকতা কার্যকৰী হোৱা নাই, গতিকে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ একমাত্র আশা হৈছে গণ টিকাকৰণ৷
ভগামুখত ক’ভিড–১৯ত আক্রান্ত তিনি নিৰাপত্তাৰক্ষী জোৱান
অসমৰ প্রথম পর্যায়ৰ নির্বাচনৰ বাবে যোৰহাট জিলাৰ ভগামুখত মোতায়েন কৰা ঝাৰখণ্ডৰ নিৰাপত্তাৰক্ষীৰ এটা দলৰ তিনিজনকৈ সেনা জোৱান ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ভগামুখ আৰক্ষীৰ সূত্রে জানিব পৰা মতে, ক’ভিড–১৯ত আক্রান্ত তিনিওগৰাকী জোৱানকে ইতিমধ্যে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰিছে৷ অৱশ্যে স্থানীয় স্বাস্থ্য বিভাগে এই সন্দর্ভত অজ্ঞতা প্রকাশ কৰিছে৷ উল্লেখ্য যে নির্বাচনৰ আইন–শৃংখলাজনিত দিশ চোৱাচিতা কৰাৰ বাবে কেইদিনমান পূর্বে ভগামুখলৈ প্রেৰণ কৰা নিৰাপত্তাৰক্ষীৰ দলটো ভগামুখ থানাত বাহৰ পাতিছিল৷ দলটো অসমলৈ অহাৰ পূর্বে ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু এই পৰীক্ষাৰ ফলাফলত আজি দলটোৰ তিনিজন ক’ৰোনাত আক্রান্ত হোৱা বুলি নিশ্চিত হৈছে৷

You might also like