নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাত চুকাফাৰ ৭৫ ফুট উচ্চ প্রতিমূর্তি উন্মোচন

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ  ‘কংগ্রেছৰ কার্যকালত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত এগৰাকী মহিলাই সর্বাধিক পাঁচ হাজাৰ টকা লাভ কৰিছিল৷ কিন্তু বিজেপিৰ এই পাঁচ বছৰীয়া কার্যকালত কনকলতা মহিলা সবলীকৰণ আঁচনি হৈ পৰিছে দৰিদ্র মহিলাসকলৰ বাবে ত্রাণকর্তাস্বৰূপ৷ অসমৰ দৰিদ্র মহিলাসকলক সবলীকৰণেৰে দৰিদ্রতা নির্মূলৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই আঁচনিখন বিজেপি চৰকাৰৰ দিনত ৭ লাখ ৭৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷’ –এই মন্তব্য ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, বিত্ত আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ শিৱসাগৰৰ কুঁজীবালি হাহচৰাত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সৌজন্যত আৰু শিৱসাগৰ জিলা প্রশাসন তথা শিৱসাগৰ জিলা পৰিষদৰ সহযোগত মহিলা সমাৰোহ, ২০২১ শীর্ষক বৃহৎ সভাত মন্ত্রী ড০ শর্মাই আৰু কয় কয় যে আগন্তুক বিধানসভা নির্বাচনত বিজেপিৰ মিত্রজেজাটে অসমত নিৰংকুশ সংখ্যাগৰষ্ঠিতা লাভ কৰাটো নিশ্চিত৷

শিৱসাগৰ জিলাখনৰ কেইবাসহস্র আত্মসহায়ক গোটৰ লগতে কেইবাহাজাৰ মহিলাক সম্বোধি ভাষণত মন্ত্রী ড০ শর্মাই কয় যে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত আৰম্ভণিতে ২৫ হাজাৰ টকাকৈ ঘূর্ণীয়মান পুঁজি মহিলা আত্মসহায়ক গোটসমূহক প্রদান কৰা হৈছিল৷ এতিয়া সেই গোটসমূহক পঞ্চাশ হাজাৰ টকাকৈ প্রদান কৰা হৈছে৷ ইয়াৰ পৰৱত্ সময়ত এই আত্মসহায়ক গোটসমূহক প্রথম বছৰত এক লাখ টকাকৈ আৰু তাৰ পাছৰ বছৰত দুই লাখ টকাকৈ আৰু পঞ্চম বর্ষত চাৰি লাখ টকাকৈ প্রদান কৰাৰ লগতে সর্বাধিক এনে গোটসমূহক ৭ লাখ ৫০ হাজাৰ টকা পর্যন্ত প্রদান কৰি পূর্ণ পর্যায়ত অসমৰ মহিলাসকলৰ সবলীকৰণ কৰিব৷ আজিৰ এই অনুষ্ঠানটোত শিৱসাগৰ জিলাৰ পাঁচটা উন্নয়ন খণ্ডৰ অধীনত আত্মসহায়ক গোটৰ প্রায় ২০ হাজাৰ সদস্য উপস্থিত থকা সভাখনত ২৫ শটা আত্মসহায়ক গোটক ৫০ হাজাৰ টকাকৈ মুঠ ১২ কোটি ২৫ লাখ টকাৰ লেখানুদান পত্র বিতৰণ কৰাৰ উপৰি জীৱিকা সখী এক্সপ্রেছৰ অধীনত ১০৪গৰাকী জীৱিকা সখীক সুকটী প্রদান কৰা হয়৷ তদুপৰি বৃহৎসংখ্যক আত্মসহায়ক গোটক পঞ্চাশ হাজাৰ টকাকৈ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋণৰো অনুমোদন পত্র প্রদান কৰে৷

হাঁহচৰা উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত সভাত মন্ত্রী ড০ শর্মাই অৰুণোদয় আঁচনিৰ অধীনত বর্তমানে প্রদান কৰি থকা ৮০০ টকাৰ মাহিলি সাহায্য ৩ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷ গুৱাহাটীৰ পৰা আহি শিৱসাগৰ অ’ এন জি চি খেলপথাৰৰ হেলিপেডত অৱতৰণ কৰি পোনে পোনে হঁাহচৰা উচ্চতৰ মাধ্যমিক খেলপথাৰৰ অনুষ্ঠানত অংশগ্রহণ কৰা মন্ত্রী ড০ শর্মাক শিৱসাগৰ জিলা প্রশাসনৰ তৰফৰ পৰা বিশেষভাৱে সম্বর্ধনা জনোৱাৰ লগতে বহুকেইটা আত্মসহায়ক গোটে সম্বর্ধনা জ্ঞাপন কৰে৷ শিৱসাগৰৰ উপায়ুক্ত বিষুকমল বৰাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত ৰাজ্যসভাৰ সাংসদ কামাখ্যপ্রসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যিক মন্ত্রী যোগেন মহন, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, জিলা পৰিষদৰ সভাপতি ধ্রুৱজ্যোতি মাউত, জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া বিপুল শইকীয়া, সমাজকম্ ধর্মেশ্বৰ কোঁৱৰ, জিলা পৰিষদৰ সদস্য হেমন্ত ৰাজকোঁৱৰৰ লগতে বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ পাছতে মন্ত্রীগৰাকীয়ে হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতে থকা হাঁহচৰা তাই আহোম কলা–কৃষ্টি কেন্দ্রত এক অনুষ্ঠানত অংশগ্রহণ কৰে৷
নাজিৰাত সুউচ্চ চাওলুং চুকাফাৰ প্রতিমূর্তি ৰাইজৰ নামত উচর্গা ড০ শর্মাৰ
বৰ অসমৰ স্রষ্টা তথা অসমীয়া জাতিৰ পিতৃস্বৰূপ চাওলুং চুকাফাৰ এক বিশাল প্রতিমূর্তি আজি নাজিৰাত উন্মোচন কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি যেন এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল নাজিৰাৰ লগতে সমগ্র শিৱসাগৰ জিলাবাসী৷ তাই আহোম জনগোষ্ঠীৰ ফুৰালুং, ডাম–ফী বিধিৰে তর্পণ আৰু বৈষ্ণৱ পন্থাৰে ৪২গৰাকী স্বর্গদেউৰ নামত ৪২খনকৈ শৰাই আগবঢ়াই এক বিপুল হষোল্লাসৰ মাজেৰে বৰ অসমৰ ভেটি গঢ়ঁোতা, চাওলুং চুকাফাৰ প্রতিমূর্তি আজি নাজিৰাত আনুষ্ঠানিকভাৱে উন্মোচন কৰি অসমবাসীলৈ উচর্গা কৰে মন্ত্রী ড০ শর্মাই৷ নাজিৰা নগৰৰ প্রৱেশ পথৰ সন্মুখত দিখৌ নৈৰ কাষতে উন্মোচিত ৭৫ ফুট উচ্চতাৰ চাওলুং চুকাফাৰ প্রতিমূর্তিটো অসম তথা পূর্বাঞ্চলৰ সর্বোচ্চ উচ্চতাৰ প্রতিমূর্তি৷ চাওলুং চুকাফাৰ মহান আদর্শ, কর্মৰাজিৰ প্রচাৰ–প্রসাৰ কৰাৰ উদ্দেশ্যে ২০১৪ চনতে সেই সময়ৰ সদৌ তাই আহোম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ময়ূৰ বৰগোহাঞিৰ নেতৃত্বত নাজিৰাত প্রতিমূর্তি স্থাপনৰ প্রচেষ্টা হাতত লোৱা হৈছিল৷ সুদীর্ঘ ৭ বছৰৰ অন্ততঃ ১.২৫ কোটি টকা ব্যায়সাপেক্ষ এই প্রতিমূর্তি উন্মোচনৰ জৰিয়তে ঐতিহাসিক নাজিৰা তথা শিৱসাগৰ জিলাৰ পর্যটন ক্ষেত্রত এক নতুন মাত্রা সংযোজিত হ’ল৷ আজি উন্মোচনী সভাত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই কয় যে ছশ বছৰীয়া আহোম ৰাজত্বকাল অসমৰ বাবে এক সোণালী অধ্যায়৷ বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাই এই ভূখণ্ডত অনৈক্য, বিভেদৰ ভাব আঁতৰাই অসমীয়া নামেৰে এক বৃহৎ জাতি একত্রিত কৰিছিল৷ শদিয়াৰ পৰা ধুবুৰী, জোনাইৰ পৰা গোৱালপাৰালৈকে সমগ্র অঞ্চলটোত আমি আজি যাক লৈ গৌৰৱ কৰিব পাৰোঁ, সেইজন পিতৃপুৰুষ হৈছে চাওলুং চুকাফা৷ চাওলুং চুকাফাৰ যি আদর্শ, সেই আদর্শ কেৱল অসমৰ বাবেই নহয়, বৰং সমগ্র ভাৰতবর্ষৰে আদর্শ বুলি মন্ত্রীজনে অভিহিত কৰে৷ তেওঁ পুনৰ কয় যে য’ত অসমীয়া বা বৰ অসম নামৰ শব্দই নাছিল, তাক আজি আমি লাভ কৰাৰ লগতে সতী জয়মতী, বীৰাংগনা মূলাগাভৰু, লাচিত বৰফুকনৰ গুণানুকীর্তন কৰিবলৈ সুযোগ পাইছেছা৷ এয়া আমাৰ বাবে এক সৌভাগ্য৷ আলাবৈ ৰণত ১০ হাজাৰ আহোম সৈন্যই মোগলৰ লগত যুঁজ দি প্রাণ বিসর্জনেৰে মোগলৰ আধিপত্যৰ পৰা আমাক ৰক্ষা কৰিছিল৷ অসমত আধ্যাত্মিক কেন্দ্র, নামঘৰ, সত্র আদি স্থাপনৰ পৃষ্ঠপোষকতাৰে আহোম স্বর্গদেউসকলে জাতিটোক বহু ওপৰলৈ লৈ গ’ল বুলি মন্ত্রীজনে কয়৷ নিজা ভাষণ প্রসংগত মন্ত্রীজনে চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ ব্যাখ্যা আগবঢ়াই চাওলুং চুকাফাৰ নামত শিৱসাগৰত আন্তঃৰাষ্ট্রীয় মানৰ এখন বিশ্ববিদ্যালয় স্থাপনৰ প্রস্তুতিৰ কথা সদৰী কৰে৷ তদুপৰি দিছপুৰৰ জনতা ভৱনৰ সন্মুখত চুকাফাৰ সুউচ্চ প্রতিমূর্তি স্থাপনৰ বাবে গ্রহণ কৰা যাৱতীয় কাম–কাজৰ কথা জানিবলৈ দিয়ে৷ আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক মানস বৰগোহাঞিয়ে আঁত ধৰা এই অনুষ্ঠানত উদ্বোধনী ভাষণ আগবঢ়ায় আটাছুৰ কেন্দ্রীয় সমিতিৰ সভাপতি লিটুল বুঢ়াগোহাঞিয়ে৷ উদ্বোধনী অনুষ্ঠানৰ পূর্বে মন্ত্রীজনে সাংসদ কামাখ্যাপ্রসাদ তাছাৰ সংসদীয় পুঁজিৰে নির্মিত এক গৃহ উদ্বোধন কৰাৰ উপৰি চাও–চেং ৰেণ আৰু নাম–প্রসংগস্থলীত উপস্থিত হৈ আশীর্বাদ বিচাৰে৷ আজিৰ অনুষ্ঠানত মন্ত্রী যোগেন মহন, সাংসদ কামাখ্যাপ্রসাদ তাছা, বিধায়ক কুশল দুৱৰী, যুৱ নেতা ময়ূৰ বৰগোহাঞি, আটাছু নেতা প্রশান্ত বৰগোহাঞি, সুৰভি ৰাজকুমাৰী আদি উপস্থিত আছিল৷ সন্ধিয়া ছশ বছৰীয়া আহোম ৰাজত্বকালৰ স্মৰণ কৰি ঐতিহাসিক গডগাঁৱৰ কাৰেংঘৰৰ পৰা প্রতিমূর্তিস্থলীলৈকে ছশ গছি বন্তি প্রজ্বলন কৰাৰ লগতে বহু জনপ্রিয় শিল্পীৰ অংশগ্রহণেৰে সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়৷
চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ ভূমিপূজন ড০ শর্মাৰ
‘চৰাইদেউবাসীৰ বাবে গৌৰৱৰ বিষয় যে অহা তিনি বছৰৰ ভিতৰত চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণ সম্পূর্ণ হৈ উঠিব৷ আজিৰ দিনটো সোণাৰিৰ লগতে সমগ্র চৰাইদেউ জিলাবাসীৰ বাবে এক ঐতিহাসিক দিন৷ কাৰণ অসমৰ ইতিহাসত এটা দিনতে সর্ববৃহৎ অর্থনৈতিক আঁচনি আজি সোণাৰিত ঘোষিত হ’ল৷ –আজি চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ ভূমিপূজনত অংশগ্রহণ কৰি বিত্ত, শিক্ষা তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন বিশাল ৰাজহুৱা সভাত এই বক্তব্য আগবঢ়ায়৷ আজি স্বাস্থ্যমন্ত্রীগৰাকীয়্ চৰাইদেউত আনুষ্ঠানিকভাৱে চিকিৎসা মহাবিদ্যালয়খনৰ ভূমিপূজন সম্পন্ন কৰি ইয়াৰ নির্মাণকার্যৰ শুভাৰম্ভ কৰে৷ সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা চিকিৎসালয়ৰ সমীপত প্রায় এশ বিঘা ভূমিত ৫৫৭ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ আৰম্ভ কৰিবলৈ লোৱা চিকিৎসা মহাবিদ্যালয়ৰ ভূমিপূজনৰ পাছতে মন্ত্রী ড০ শর্মাই বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰে৷ চৰাইদেউ উপায়ুক্ত পলাশৰঞ্জন ঘৰফলীয়াই আদৰণী ভাষণ দিয়া সভাখনত মন্ত্রী ড০ শর্মাই ৰাজ্যজুৰি হোৱা বিপুল উন্নয়ন আৰু পৰিৱর্তনে ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিক পুনৰ শাসনলৈ আনিব বুলি কয়৷ উল্লেখ্য যে মন্ত্রীগৰাকীয়ে আজিৰ এই সভাথলীতে আত্মসহায়ক গোটৰ মাজত পঞ্চাশ হাজাৰ টকাকৈ চেক বিতৰণ আৰু জীৱিকা সখীসকলক স্কুটী বিতৰণ কৰাৰ লগতে মুঠ ২৩ কোটি টকা ব্যয় সাপেক্ষে সোণাৰিৰ ভজো আৰু মাহমৰা সমষ্টিৰ দিচাংপানীত দিচাং নৈৰ ওপৰত নির্মাণ হ’বলগীয়া দুখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অসম মালা আঁচনিৰ অধীনত ঐতিহাসিক নাহৰ আলিৰ ৪১ কিলোমিটাৰ পথ ২৭০ কোটি টকা ব্যয়েৰে আৰম্ভ হ’বলগীয়া নির্মাণকার্যৰ আধাৰশিলা স্থাপন কৰে৷ আজিৰ সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, মন্ত্রী যোগেন মহন, বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে কেইবাটাও বিভাগৰ ভালেকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷

You might also like