নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ পূর্বে অসম আৰক্ষীত সালসলনি

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ নির্বাচনৰ প্রাক্ক্ষণত অসম আৰক্ষীৰ শীর্ষ মহলত এক বৃহৎ সালসলনি ঘটোৱা হৈছে৷ সেই অনুসৰি, কোকৰাঝাৰৰ এছপি ৰাকেশ ৰোশনক মাকুমৰ ২নং বেটেলিয়নৰ অধিনায়ক হিচাপে, লিগিৰীপুখুৰীৰ ১নং বেটেলিয়নৰ অধিনায়ক যুৱৰাজক ডিমা হাছাওৰ আৰক্ষী অধীক্ষক হিচাপে, হামৰেণৰ আৰক্ষী অধীক্ষক ৰমণদ্বীপ কৌৰক বঢ়মপুৰৰ ৯নং বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে, ডিমা হাছাওৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙক লিগিৰীপুখুৰীৰ ১নং বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে, শদিয়াৰ আৰক্ষী অধীক্ষক সুনীত শর্মাক হামৰেণৰ এছপি হিচাপে, মাকুমৰ ২নং বেটেলিয়নৰ অধিনায়ক হৰেকৃষ্ণ নাথক কোকৰাঝাৰৰ এছ পি হিচাপে, মানকাচৰৰ ২৬নং বেটেলিয়নৰ কমাণ্ডেণ্ট সিংহৰাম মিলিক ওদালগুৰিৰ আৰক্ষী অধীক্ষক হিচাপে, ওদালগুৰিৰ এছপি ৰিপুল দাসক মানকাচৰৰ ২৬নং বেটেলিয়নলৈ, শিলচৰ (এফ আৰ আৰ অ’)ৰ আৰক্ষী অধীক্ষক বেদান্ত প্রকাশ বৰকটকীক শদিয়াৰ এছপি হিচাপে, দক্ষিণ সংমণ্ডলৰ ডিআইজি দিলীপ কুমাৰ দে’ক বঙাইগাঁৱৰ পশ্চিম সংমণ্ডললৈ, চিআইডিৰ ডিআইজি লাচিত বৰুৱাক সীমান্ত শাখালৈ, সীমান্ত শাখাৰ ডিআইজি ৰৌণক আলী হাজৰিকাক বি আই ই অ’লৈ, সীমান্ত শাখাৰ ডিআইজি ৰাণা ভূঞাক দক্ষিণ সংমণ্ডললৈ, পশ্চিম সংমণ্ডলৰ ডিআইজি দেৱজ্যোতি মুখার্জীক চি আই ডিলৈ, বি আই ই অ’ৰ ডিআইজি ৰফিউল আলম লস্কৰক সীমান্ত শাখালৈ, সুৰক্ষা শাখাৰ এডিচিপি বলীন দেউৰীক হামৰেণৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে, লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তক গুৱাহাটীৰ এডিচিপি (ছিকিউৰিটী) হিচাপে আৰু হামৰেণৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মেৰিলিন জাওলচাংমইক লখিমপুৰলৈ বদলি কৰা হৈছে৷

You might also like