নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত আতংকৰ সৃষ্টিকাৰী দুই গভাইত চোৰক আটক

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ বজালী জিলাৰ সদৰ পাঠশালাকে আদি কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুই গভাইত চোৰ অৱশেষত আৰক্ষীৰ জালত পৰিছে৷ বজালী জিলা আৰক্ষীৰ অন্তৰ্গত একা একাধিক আৰক্ষী চকী আৰু থানাৰ যুটীয়া অভিযানত কালি চোৰ দুজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি এই গভাইত চোৰ দুটাই একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল। কালি পাটাছাৰকুছি, পাঠশালা আৰু ভৱানীপুৰ আৰক্ষীৰ যুটীয়া আভিযানত চোৰ দুজনক আটক কৰাৰ লগতে বহুতো মূল্যবান চুৰি সমগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে৷ আজি বজালী আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰি আটক কৰা চোৰ দুজন ক্ৰমে বজালী জিলাৰ নেউলাৰভিঠাৰ দিলীপ বিশ্বাস আৰু ভৱানীপুৰৰ সঞ্জীৱ দাস বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে কিছু দিন পূৰ্বে ধৃত চোৰ দিলীপ বিশ্বাসে পাটাছাৰকুছিৰ এঘৰত ফুট গধূলিতে প্ৰৱেশ কৰি ঘৰৰ ভিতৰত অধ্যয়নৰত অৱস্থাত থকা দুই ভগ্নীক উপৰ্যুপৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰি পলাইছিল৷ ৰাস মহোৎসৱ চলি থকাৰ সময়তে স্নাতক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়নৰত দুই কন্যাক ঘৰত থৈ বাহিৰৰ পৰা দৰ্জাত তলা মাৰি পিতৃ-মাতৃয়ে কিছু সময়ৰ কাৰণে বজাৰ কৰিবলৈ ওলাই গৈছিল৷ সেই সময়তে ঘৰৰ বাহিৰত তলা মৰা দেখি চোৰ দুজনে ঘৰৰ ভিতৰত কোনো নথকা বুলি ভাবি পিছপিনৰ দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰবেশ কৰি লুটপাত আৰম্ভ কৰিবলৈ চেষ্টা চলাওতেই ভিতৰত থকা ছোৱালী দুজনীৰ মুখামুখি হয় আৰু দুয়োজনীকে শাৰিৰিকভাবে আক্ৰমণ কৰি সংকটজনক অৱস্থাত পেলাই চোৰ দুজনে সেই ঠাই ত্যাগ কৰে৷ দীৰ্ঘদিন ধৰি পাঠশালাকে বজালীৰ বিভিন্ন অঞ্চলত আতংকৰ সৃষ্টি কৰি অহা এই গভাইত চোৰ দুজনক কালি পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজৌতি পাটিৰি, পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ দাস আৰু ভৱানীপুৰ আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰা হয় বুলি পাঠশালা আৰক্ষী সুত্ৰে জানিব পৰা গৈছে৷ আটক কৰা চোৰ দুজনৰ পৰা আৰক্ষীয়ে বাইক, টিভি, সোণ-ৰূপৰ অলংকাৰ, কাহৰ বাচন, পানীৰ মটৰ, মিক্সাৰ গ্ৰাইণ্ডাৰ, মবাইল ফোন আদিও জব্দ কৰা হয় বুলি জানিব পৰা গৈছে। বজালীৰ বিভিন্ন অঞ্চলত সঘনাই সংঘটিত হৈ থকা এই চোৰৰ শিপা উভালিবলৈ বজালীৰ আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।

প্ৰেৰক কল্যাণ কলিতা

You might also like