নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰসিদ্ধ গজল শিল্পী পংকজ উধাছৰ চিৰবিদায়

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ফেব্ৰুৱাৰীঃ এক কৰুণ খবৰ। জীৱনৰ শেষ উশাহ লৈ হাস্পতালৰ কক্ষৰ পৰা চিৰবিদায় ললে প্ৰসিদ্ধ গজল গায়ক পংকজ উধাছে। ২০০৬ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হোৱা গজল কণ্ঠশিল্পীগৰাকীৰ আজি পুৱা ১১ বজাত মহাৰাষ্ট্ৰৰ মুম্বাইত মৃত্যু হয়। সন্ধিয়া নিশ্চিত হ’ল তেওঁৰ মৃত্যুৰ খবৰ। জানিব পৰা মতে, ৭২ বছৰীয়া পংকজ উধাছ কিছুদিন ব্ৰিচ কেণ্ডি হাস্পতালত আছিল। তাত চিকিৎসা চলি আছিল আৰু তাতেই শেষ উশাহ লৈছিল। গজল কণ্ঠশিল্পীগৰাকী কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ কথাও পোহৰলৈ আহিছে। মাত্ৰ কেইমাহমান আগতে তেওঁৰ এই ৰোগ ধৰা পৰিছিল। যোৱা কেইমাহমানৰ পৰা কাকো লগ পোৱা নাছিল। ভজন কণ্ঠশিল্পী অনুপ জালোতাই নিশ্চিত কৰিছে যে পংকজ উধাছৰ কৰ্কট ৰোগ হৈছিল। ৪ মাহ আগতে তেওঁ এই বিষয়ে গম পাইছিল। তেওঁ পেনক্ৰিয়াচ কেন্সাৰত আক্ৰান্ত আছিল। ইফালে গজল গায়ক পংকজ উধাছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি তেওঁ এক্স (পূৰ্বৰ টুইটাৰ) পোষ্টৰ জৰিয়তে শোক প্ৰকাশ কৰি কয় যে গায়কজনৰ গজলে প্ৰত্যক্ষভাৱে হৃদয় স্পৰ্শ কৰিছিল। পংকজ উধাছৰ মৃত্যুত আমি দুখ প্ৰকাশ কৰিছো। তেওঁৰ গায়কী শৈলীয়ে ৰাইজৰ মাজত বহু আৱেগ প্ৰকাশ কৰিছিল আৰু তেওঁৰ গজলে প্ৰত্যক্ষভাৱে হৃদয়ৰ পৰাই কথা কৈছিল। তেওঁ আছিল ভাৰতীয় সংগীতৰ এক বিকন, যাৰ সুৰীয়া গায়নে প্ৰভাৱ পেলাইছে। পংকজ উধাছৰ সৈতে হোৱা বৈঠকৰ তিনিখন পুৰণি ছবিও প্ৰধানমন্ত্ৰী মোদীৰ পোষ্টত শ্বেয়াৰ কৰা হয়। তেওঁৰ বিদায়ে সংগীত জগতত এক বৃহৎ শূন্যতা সৃষ্টি কৰিব আৰু এক অপূৰণীয় ক্ষতি হ’ব। তেওঁৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

You might also like