নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষষ্ঠৰ পৰা দ্বাদশলৈ শিক্ষকৰ অর্হতা হ’ব লাগিব স্নাতকোত্তৰ

নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ কঠোৰ নীতি–নির্দেশনা

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ৰাজ্যত বলৱৎ হোৱা ৰাষ্ট্রীয় শিক্ষা নীতিয়ে শিক্ষকসকলৰ ক্ষেত্রত কেতবোৰ কঠোৰ নীতি–নির্দেশনা আনিছে৷ এনে এক নীতি–নির্দেশনা অনুসৰি ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ শিক্ষকৰ প্রয়োজনীয় অর্হতা হ’ব লাগিব স্নাতকোত্তৰ৷ অর্থাৎ শিক্ষা বিভাগে নতুন শিক্ষা নীতিমর্মে ষষ্ঠ শ্রেণীৰ পৰা শিক্ষক হিচাপে কেৱল স্নাতকোত্তৰ উত্তীর্ণ প্রার্থীকহে নিযুক্তি দিব৷

উল্লেখ্য যে অসমত চলিত শিক্ষাবর্ষৰ পৰা ৰাষ্ট্রীয় শিক্ষা নীতি বলৱৎ কৰাৰ বাবে কাম–কাজ আৰম্ভ কৰিছে শিক্ষা বিভাগে৷ নতুন শিক্ষা নীতি অনুসৰিয়ে বিদ্যালয়ৰ শিক্ষাৰ আর্হি ১+২ৰ পৰিৱর্তে +++৪ কৰাৰ বাবে আৰম্ভ হৈছে প্রস্তুতি৷ এনে কার্যব্যৱস্থাৰ মাজতে শিক্ষা বিভাগে নতুন নীতি অনুযায়ী শিক্ষকসকলৰ ছার্ভিচ ৰুলত কিছু সংশোধনী অনাৰ বাবে আৰম্ভ কৰিছে পর্যালোচনা৷ এই পর্যালোচনাৰ অংশস্বৰূপে শিক্ষকৰ নামকৰণ আৰু কর্তব্যত অনা হ’ব সংশোধন৷

শিক্ষা বিভাগৰ এক সূত্রই সদৰী কৰা অনুসৰি এই সংশোধন মতে শিক্ষকসকলৰ প্রয়োজনীয় অর্হতা হ’ব স্নাতকোত্তৰ৷ আনহাতে, বিলুপ্তি ঘটোৱা হ’ব স্নাতক শিক্ষকৰ পদ৷ এনেদৰে ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠদান কৰা শিক্ষকসকলৰ প্রয়োজনীয় অর্হতা হ’ব লাগিব স্নাতকোত্তৰ৷ এই শিক্ষকসকলক নতুনকৈ বিদ্যালয় শিক্ষক বা মাধ্যমিক বিদ্যালয় শিক্ষক হিচাপে নামকৰণ কৰা হ’ব৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি নতুনকৈ নামকৰণ কৰা শিক্ষকৰ নিযুক্তি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত হ’ব৷ ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে শিক্ষকতা কৰিব লগা শিক্ষকসকলৰ বাবে এক অতিৰিক্ত গ্রেড বেতন ৰখাৰ ব্যৱস্থা কৰিব শিক্ষা সঞ্চালকালয়ে৷ যদি স্নাতকোত্তৰ শিক্ষকজন পিএইচডি ডিগ্রী থকা হয়, তেন্তে শিক্ষকে গ্রেড পে’ হিচাপে ইনচেণ্টিভ পাব৷ সূত্রটোৱে ইয়াকো স্পষ্ট কৰে যে বর্তমান শিক্ষকতা কৰি থকা শিক্ষকসকলৰ ক্ষেত্রত শিক্ষা নীতিৰ এই নিয়ম প্রযোজ্য নহ’ব৷ কিন্তু এই শিক্ষকসকলৰ যদি কোনোবাৰ স্নাতকোত্তৰ ডিগ্রী আছে, তেন্তে শিক্ষা নীতি অনুসৰি তেওঁলোকৰ গ্রেড পে’ বৃদ্ধি হ’ব৷

ৰাষ্ট্রীয় শিক্ষা নীতিৰ এই নতুন নিয়মক লৈ শিক্ষা বিভাগে কেইবাখনো গুৰুত্বপূর্ণ বৈঠকৰ পাছত স্নতকোত্তৰ শিক্ষকৰ বিষয়টোক লৈ এক প্রতিবেদন প্রস্তুত কৰিছে৷ এই প্রতিবেদন অচিৰে ৰাজ্যিক কেবিনেটত উত্থাপন কৰা হ’ব৷ কেবিনেটে এই প্রতিবেদনত অনুমোদন জনালে ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ শিক্ষকৰ প্রয়োজনীয় অর্হতা হ’ব স্নাতকোত্তৰ৷ মন কৰিবলগীয়া যে নতুন শিক্ষা নীতিমর্মে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রাক প্রাথমিক শ্রেণী, প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ আৰু পঞ্চম শ্রেণী তত্ত্বাৱধান কৰিব৷ আনহাতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ স্থান ল’ব বিদ্যালয় শিক্ষা সঞ্চালকালয়ে৷ ইয়াৰ অধীনত থাকিব ষষ্ঠ, সপ্তম আৰু অষ্টম শ্রেণী৷ তদুপৰি মাধ্যমিক পর্যায়ত অন্তর্ভুক্ত হ’ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণী৷

You might also like