নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধভূমিত আহত এজন ভাৰতীয় শিক্ষাৰ্থী

বিশেষ বাৰ্তা, ৪ মাৰ্চঃ যুদ্ধভূমিৰ পৰা দেশলৈ আহিছে আৰু এটা বেয়া খবৰ। ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত গুলিচালনাত আহত হৈছে এজন ভাৰতীয় শিক্ষাৰ্থী। কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে জনোৱা অনুসৰি শিক্ষাৰ্থীজনে কিয়েভ এৰিব খোজোতেই গুলিবিদ্ধ হৈছে। শিক্ষাৰ্থীজনৰ পৰিচয় এতিয়াও জনোৱা হোৱা নাই। তেওঁক স্থানীয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখনীয় যে, মঙলবাৰে খাৰকিভত দ্বিতীয়জন ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছে। কেন্দ্ৰীয় মন্ত্ৰীজনে জনোৱা মতে, এতিয়াও ১,৭০০ ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে যুদ্ধ আক্ৰান্ত দেশখনত। মন্ত্ৰীয়ে জনোৱা মতে, গুলিচালনাৰ সময়ত কোনেও কাৰো ধৰ্ম, নাগৰিকত্ব বিচাৰ নকৰে।

You might also like