নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ প্রাথমিক–মাধ্যমিক বিদ্যালয়সমূহৰ নতুন শৈক্ষিক বর্ষঃ ১ এপ্রিলৰ পৰা ৩১ মার্চ

মাধ্যমিক শিক্ষা বিভাগৰ আনুষ্ঠানিক অধিসূচনা

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ  ৰাজ্যত সলনি কৰা হৈছে শৈক্ষিক বর্ষৰ সময়৷ বর্তমানে প্রযোজ্য হৈ থকা এক জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ পৰিৱর্তে নতুন শৈক্ষিক বর্ষ হ’ব ১ এপ্রিলৰ পৰা ৩১ মার্চলৈকে৷ প্রাথমিক–মাধ্যমিক পর্যায়ৰ চৰকাৰী আৰু প্রাদেশীকৃত তথা এছচিইআৰটি–ছেবাৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্রত এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ক’ভিড–১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত শৈক্ষিক বর্ষ সলনিক লৈ অব্যাহত থকা ব্যাপক চর্চা আৰু জল্পনা–কল্পনাৰ ওৰ পেলাই শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে বিষয়টো সন্দর্ভত জাৰি কৰিছে আনুষ্ঠানিক অধিসূচনা৷ মাধ্যমিক শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী স্বাক্ষৰিত এএছই.২৯৮/২০২০/৮০–৮১–এ নম্বৰৰ এই অধিসূচনাখনৰ জৰিয়তে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধকল্পে লকডাউন বলৱৎ কৰা উপৰি চৰকাৰে যোৱা ১৫ মার্চৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ পৰিপ্রেক্ষিতত ছাত্র–ছাত্রীসকলৰ যি ক্ষতি হ’ল, সেয়া পূৰণ কৰাৰ লক্ষ্যৰে বর্তমানে প্রযোজ্য হৈ থকা শৈক্ষিক বর্ষৰ সময় ৩ মাহলৈ বঢ়াই দিয়া হৈছে৷ অর্থাৎ এইবাৰৰ শিক্ষাবর্ষ চলিত বছৰৰ ডিচেম্বৰ মাহৰ পৰিৱর্তে শেষ হ’ব ২০২১ চনৰ ৩১ মার্চত৷ ইয়াৰ লগে লগে নতুন শৈক্ষিক বর্ষ আৰম্ভ হ’ব ১ এপ্রিলত আৰু ৩১ মার্চত ইয়াৰ সামৰণি পৰিব৷ তদুপৰি প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ শৈক্ষিকপঞ্জীৰ সংশোধন ঘটাব শৈক্ষিক কর্তৃপক্ষই৷ অধিসূচনাখনত কোৱা হৈছে যে যোৱা ১৫ মার্চৰ পৰা বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ বর্তমানৰ পৰিস্থিতি প্রেক্ষাপটত আগষ্ট মাহ পর্যন্ত খোলাৰ সম্ভাৱনা নাই৷ এনে অৱস্থাত ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ বর্তমানে প্রযোজ্য হৈ শৈক্ষিক বর্ষটোৰ ৮৩টা শৈক্ষিক দিনৰ লোকচান হৈছে৷ এই লোকচান পূৰণ কৰিবলৈ অনলাইন অধ্যয়ন, নির্দিষ্ট তথ্য অন্য টিভি চেনেল–ৰেডি’যোগে অধ্যয়ন আৰু বিভিন্ন কাৰিকৰীগত দিশেৰে প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকলক শিক্ষা প্রদানৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু এই ব্যৱস্থাই সর্বস্তৰৰ শিক্ষার্থীক ঢুকি পোৱা নাই৷ প্রধানতঃ ৰাজ্যৰ সকলো ঠাইতে ইণ্টাৰনেটৰ সংযোগৰ অভাৱ সকলোৰে স্মার্টফোন নথকা আদিয়েই এইক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে৷ ছাত্র–ছাত্রীসকলৰ শৈক্ষিক লোকচান পূৰণ কৰিবলৈ মাধ্যমিক শিক্ষা বিভাগে শৈক্ষিক বর্ষৰ সময়সীমা ১ জানুৱাৰীৰ পৰা ৩১ মার্চলৈ তিনি মাহৰ বৃদ্ধিৰ সম্ভাৱনীয়তাক লৈ পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্যৰ শৈক্ষিক বর্ষৰ সংশোধন হ’লে অন্য ৰাজ্য তথা কেন্দ্রীয় ব’ডৰ সৈতে ইয়াৰ সমিলমিলৰ দিশটোৰ ওপৰতো গুৰুত্ব প্রদান কৰা হৈছিল৷ এই প্রস্তাৱটো সন্দর্ভত জনসাধাৰণৰ মতামত গ্রহণ কৰা হয়৷ অধিকাংশই বর্তমানে প্রযোজ্য হৈ থকা শৈক্ষিক বর্ষ চলিত বর্ষৰ ৩১ ডিচেম্বৰত শেষ কৰাৰ পৰিৱর্তে ২০২১ চনৰ ৩১ মার্চত শেষ কৰাৰ হকে মতামত ব্যক্ত কৰে৷ ইয়াৰ সমান্তৰালভাৱে প্রতিবছৰে শৈক্ষিক বর্ষ ১ এপ্রিলৰ পৰা ৩১ মার্চলৈ কৰাৰ হকেও মত আগবঢ়ায় অধিকাংশই৷ এই সকলোবোৰ দিশ বিবেচনা কৰিয়েই ৰাজ্য চৰকাৰে বর্তমানে প্রযোজ্য হৈ থকা শৈক্ষিক বর্ষ তিনি মাহলৈ বৃদ্ধি কৰাৰ লগতে ১ এপ্রিলৰ পৰা ৩১ মার্চলৈ নতুন শৈক্ষিক বর্ষ প্রৱর্তনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

You might also like