নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহৰ ভিতৰত আছু–যুৱ ছাত্রৰ নতুন দলৰ আহ্বায়ক সমিতিঃ যোগ দিব ৩ বিধায়কেও

ব্যাপক তৎপৰতা নতুন ৰূপ ল’ব ৰাজ্যৰ আঞ্চলিক ৰাজনীতিয়ে

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ  অতি শীঘ্রেই নতুন ৰূপত আত্মপ্রকাশ কৰিব অসমৰ নৱোদিত আঞ্চলিক ৰাজনৈতিক শক্তিয়ে৷ সকলো সমীকৰণ সঠিক দিশত আগবাঢ়িলে সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ প্রস্তাৱিত ৰাজনৈতিক দলত অংশগ্রহণ কৰিব কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ একে সময়তে আন ৩০টা জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা আৰম্ভ কৰিছে সদৌ অসম ছাত্র সন্থাই৷ অহা ৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ বৈঠকত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কীয় প্রতিবেদনৰ লগতে নতুন ৰাজনৈতিক দল গঠন সম্পর্কতো বিশদভাৱে আলোচনা কৰা হ’ব৷ ইয়াৰ পাছতে আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে গঠন কৰিব নতুন ৰাজনৈতিক দলৰ আহ্বায়ক সমিতি৷ অৱশ্যে সমিতিখনত সংগঠন দুটাৰ বর্তমানৰ নেতৃত্বই অংশগ্রহণ নকৰে৷ দুয়োটা সংগঠনৰে কিছুসংখ্যক প্রাক্তন নেতা আৰু অসমৰ সমাজ জীৱনৰ একাংশ গুৰুত্বপূর্ণ ব্যক্তিক লৈ এই সমিতিখন গঠন কৰা হ’ব৷ সমিতিয়ে আঞ্চলিকতাবাদত বিশ্বাসী বিভিন্ন ব্যক্তি আৰু সংগঠনৰ সৈতে আলোচনা কৰি প্রস্তাৱিত দলটোৰ ৰূপৰেখা তৈয়াৰ কৰিব৷ মুঠৰ ওপৰত চলিত বছৰটোৰ ভিতৰতে ৰাজ্যখনৰ দুটা মূল জাতীয়তাবাদী সংগঠনৰ উদ্যোগত ভূমিষ্ঠ হ’ব নতুন আঞ্চলিক ৰাজনৈতিক দলটো৷ ইপিনে, আন এটা ৰাজনৈতিক দলৰ সম্পূর্ণ কর্মসূচী প্রস্তুতেৰে তৎপৰতা অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ সংগঠনটোৱে শেহতীয়াকৈ উজনি, নামনি আৰু উত্তৰ অসমত তিনিখনকৈ কার্যনির্বাহক বৈঠক অনুষ্ঠিত কৰি প্রাথমিক প্রস্তুতি সম্পূর্ণ কৰিছে৷ কিন্তু কৃষক মুক্তি সংগ্রাম সমিতিয়ে ৰাজনৈতিক দলটোক চূড়ান্ত ৰূপ দিয়াৰ আগতে আছু আৰু যুৱ–ছাত্র পৰিষদে কি পদক্ষেপ গ্রহণ কৰে, তালৈ বাট চাইছে৷ সংগঠনটোৰ এগৰাকী শীর্ষ নেতাই জানিবলৈ দিয়া মতে, আজিৰ পৰিস্থিতিত কৃষক মুক্তি সংগ্রাম সমিতিয়ে যদি নিজাববীয়াকৈ পৃথক দল এটা গঠন কৰে, ভোটাৰৰ মাজত বিভ্রান্তি সৃষ্টি হ’ব৷ আঞ্চলিকতাবাদী ভোটৰ বিভাজনে পুনৰ বিজেপিক সহায় কৰিব৷ সেই বাবেই ভোট বিভাজন ৰোধৰ স্বার্থতে আছু আৰু যুৱ–ছাত্র পৰিষদে গঠন কৰিবলগীয়া আহ্বায়ক সমিতিৰ পদক্ষেপলৈ বাট চাইছে কৃষক মুক্তিয়ে৷ তাৰ মাজতে আজি কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা, কাৰাবন্দী কৃষক নেতা অখিল গগৈয়ে জি এম চি এইচত সংবাদ মাধ্যমৰ আগত মুকলিকৈ কয় যে ১০ বা ১৫টা পৃথক আঞ্চলিক দল গঠন কৰিলে আত্মঘাতী সিদ্ধান্ত লোৱা হ’ব৷ এই সিদ্ধান্তই বিজেপিক লাভান্বিত কৰিব৷ গতিকে কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বলৈও অনুৰোধ, যাতে অকলে দল গঠন নকৰে৷ আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদেও পৃথকে দল গঠন কৰিলে নহ’ব৷ ‘কা’ৰ সময়তো সকলো বেলেগ বেলেগ হৈ থকা বাবে আমি হাৰিলোঁ৷ এইবাৰ সকলোৱে মিলি এটা ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিব লাগে৷ এটা দল, এখন পতাকা, এটা প্রতীকৰ তলত সকলো ঐক্যবদ্ধ হ’ব লাগে৷ সকলো একলগ হ’লে অসমৰ ৰাজনীতিত ধুমুহা আহিব৷ এই ধুমুহাত বিজেপি, কংগ্রেছ, আৰ এছ এছ, এ আই ইউ ডি এফ সকলো উফৰি যাব৷ আনহাতে, পৃথকে পৃথকে ৰাজনৈতিক দল গঠন কৰি নির্বাচনত অৱতীর্ণ হ’লে অসমীয়া জাতি ধ্বংস হ’ব আৰু পৰৱর্তী ৩০–৫০ বছৰলৈ অসমত হিন্দু–মুছলমানৰ ৰাজনীতি কৰাৰ পথ মুকলি হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ ইফালে, অখিল গগৈৰ আহ্বান সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে জাতীয়তাবাদী শিবিৰ একত্রিত হৈ ভোট বিভাজন ৰোধ কৰিব লাগে৷ এই কথাত দ্বিমত নাই৷ কিন্তু ৰাজনৈতিক দলত কোন কোন থাকিব, সেই কথা আছুৰ মজিয়াত থাকি কোৱা উচিত নহ’ব৷ প্রস্তাৱিত দলটোৱেহে সকলো সিদ্ধান্ত ল’ব৷ অৱশ্যে এইক্ষেত্রত বিজেপি, কংগ্রেছ, এ আই ইউ ডি এফৰ পৰা আঁতৰত থকাটো বাধ্যতামূলক৷ অখিল গগৈৰ প্রতি আছুৰ এই নৰম স্থিতিয়ে স্বাভাৱিকতে আঞ্চলিক ৰাজনীতিৰ এক নতুন সমীকৰণৰ ইংগিত দিছে৷ ইপিনে, লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে নতুন দলটোৱে ২০২১ চনৰ নির্বাচনত ৮০ৰ পৰা ১০০খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ এই ঘোষণাৰ পাছতে নতুন আঞ্চলিক দলটোৰ প্রার্থিত্বকেন্দ্রিক চর্চাও তুংগত উঠিছে৷ চর্চা অনুসৰি লুৰিণজ্যোতি গগৈয়ে নিজে দুলীয়াজান বা নাহৰকটীয়া, দীপাংক কুমাৰ নাথে পূব গোৱালপাৰা, আছু নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে ধেমাজি, দুলদুল বৰকটকীয়ে বিশ্বনাথত আৰু ৰাজু ফুকনে সৰুপথাৰৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ একে সময়তে শাসকীয় দলৰ কেইবাগৰাকী বিধায়ক, নেতায়ো আছু আৰু যুৱ–ছাত্র পৰিষদৰ নেতাৰ লগত সঘনে যোগাযোগ ৰাখিছে৷ জানিব পৰা মতে, পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্র ডেকা, তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে নতুন আঞ্চলিক দলটোত যোগদানৰ চূড়ান্ত সিদ্ধান্ত লৈছে৷ যোগাযোগত আছে দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাও৷ আটাইকেইগৰাকী বিধায়কেই নিজৰ নিজৰ সমষ্টিত নতুন দলটোৰ প্রার্থিত্ব নিশ্চিত কৰি ল’ব বিচাৰিছে৷ ইপিনে, ‘কা’ আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰা জগদীশ ভূঞা শদিয়া সমষ্টিৰ প্রার্থিত্বৰ প্রধান দাবীদাৰ৷ অৱশ্যে অহা ১৩ ছেপ্ঢেম্বৰৰ ভিতৰত নতুন দলটোৰ আহ্বায়ক সমিতি গঠন হোৱাৰ পাছত চর্চিত বিষয়বোৰ লাহে লাহে স্পষ্ট হৈ পৰিব৷ কিন্তু এই নতুন সমীকৰণে অসমৰ ৰাজনীতিত আন এক তাৎপর্য বহন কৰিছে৷ কিয়নো আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ– এই আটাইকেইগৰাকী আহোম জনগোষ্ঠীৰ নেতা৷ তেওঁলোক একেখন মঞ্চত সমৱেত হ’লে উজনি অসমত শাসকীয় দল বিজেপি গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব বুলিও চর্চা আৰম্ভ হৈছে৷ এনে বহু জল্পনা–কল্পনাৰ মাজত পৰৱর্তী সপ্তাহটো ৰাজ্যৰ ৰাজনীতিৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ বিবেচিত হৈছে৷

You might also like