নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় টেষ্ট দললৈ প্রত্যাৱর্তনৰ লক্ষ্য শিখৰ ধাৱনৰ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ভাৰতীয় টেষ্ট দলটোলৈ প্রত্যাৱর্তনৰ লক্ষ্য লৈছে বাঁওহতীয়া তাৰকা বেটছমেন শিখৰ ধাৱনে৷ বিগত দুই বছৰ ধৰি টেষ্ট দলটোৰ বাহিৰত থকা ধাৱনে ডুবাইত ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণত উন্নত প্রদর্শন দাঙি ধৰি ভাৰতীয় টেষ্ট দলটোলৈ প্রত্যাৱর্তনৰ লক্ষ্য লৈছে৷

সংবাদ প্রতিষ্ঠানৰে হোৱা এক বার্তালাপত ৩৪ বছৰীয়া ধাৱনে কয় যে বিগত দুবছৰ ধৰি টীম ইণ্ডিয়াৰ টেষ্ট দলটোৰ বাহিৰত আছোঁ যদিও টেষ্ট দলটোলৈ প্রত্যাৱর্তনৰ বাবে মই এতিয়াও চেষ্টা কৰি আছোঁ৷ আই পি এলখনত আশানুৰূপ প্রদর্শন দাঙি ধৰি টেষ্ট দলটোলৈ প্রত্যাৱর্তন কৰাটোৱেই মোৰ প্রধান লক্ষ্য৷

ইফালে, অহা বর্ষত হ’বলগীয়া টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনত খেলাৰ ইচ্ছা প্রকাশ কৰি বাঁওহতীয়া বেটছমেনগৰাকীয়ে কয় যে আগন্তুক টি–২০ বিশ্বকাপখনত ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ হ’লে এতিয়াৰ পৰাই তেওঁ উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷

আনহাতে, আগন্তুক আই পি এলখনত এইবাৰ দিল্লী কেপিটেলছ চেম্পিয়ন হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে ফ্রেনচাইজীটোৰ অ’পেনাৰ শিখৰ ধাৱনে৷ শ্রেয়াছ আয়াৰ নেতৃত্বাধীন দিল্লী কেপিটেলছত কেইবাগৰাকীও প্রতিভাৱান খেলুৱৈ আছে৷ গতিকে এইবাৰ দলটোৰ আই পি এলখনৰ খিতাপ জয়ৰ সম্ভাৱনা অধিক বুলি ধাৱনে মন্তব্য কৰে৷

You might also like