নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভীম শক্তি’ৰ উদ্ভাৱক প্রদীপ বৰাৰ উদ্যোগত অসমৰ বজাৰত অচিৰেই কঁঠাল শক্তি–গ্রীন শক্তি

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ ‘ভীম শক্তি’ উদ্ভাৱনেৰে সমগ্র ৰাজ্যৰ লগতে দেশ–বিদেশৰ বজাৰ দখল কৰি সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা প্রদীপ বৰাই ৰাজ্যখনত নিবনুৱাৰ কর্মসংস্থাপনৰ পথ প্রদর্শন কৰি ৰাজ্য চৰকাৰক বর্ধিত নিবনুৱাসকলৰ কর্মসংস্থাপনৰ ক্ষেত্রত ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে৷

ৰাজ্যখনত এলাগী হৈ পৰি থকা ভীমকলৰ পৰা ‘ভীম শক্তি’ প্রস্তুত কৰাৰ পিছত এইগৰাকী উদ্ভাৱকে ভীমকলৰ পৰা আৰু বিভিন্ন খাদ্য সামগ্রী প্রস্তুত কৰাৰ উপৰি অন্যান্য থলুৱা মানিমুনি, বনজালুক, বাঁহৰ গাজ আদিৰ পৰা বহু খাদ্য সামগ্রী প্রস্তুত কৰাৰ সম্ভাৱনীয়তা কথা জানিবলৈ দিয়ে৷

সমগ্র দেশৰ বাহিৰে–ভিতৰে ছুগাৰ ফ্রী ‘ভীম শক্তি’ৰ লগতে ‘ক’লা খাৰ’ৰ বিপুল জনপ্রিয়তাৰ পিছত বর্তমান বিদেশৰ বজাৰতো ভীম শক্তিয়ে সমাদৰ লাভ কৰিছে৷ ‘ভীম শক্তি’ উদ্ভাৱনৰ পিছত প্রদীপ বৰাই নেৰানেপেৰা প্রচেষ্টাত এইবাৰ থলুৱা কঁঠালগুটিৰ পৰা ‘কঁঠাল শক্তি’ নামৰ আন এবিধ পুষ্টিকৰ খাদ্য সফলতাৰে প্রস্তুত কৰি বজাৰত উলিয়াই দিবলৈ সক্ষম হৈছে৷

তদুপৰি ভেদাইলতা, সৰু মানিমুনি, পদিনা, নৰসিংহ আৰু ব্রাহ্মী শাকৰ পৰাও গ্রীন শক্তি নামৰ অতিকে উপকাৰী এবিধ খাদ্য প্রস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি পকা ভীমকল আৰু কমলাৰ পৰাও এবিধ অতি স্বাস্থ্যসন্মত শক্তিবর্ধক ট’নিক আৰু সুৰা প্রস্তুত কৰি উলিয়াইছে৷ এইবাৰ ভীমকলৰ পৰা আঁহ উলিয়াই তাৰ পৰা নানা সামগ্রী প্রস্তুত কৰাৰ লগতে কেঁচা কলপাতৰ পৰা সুন্দৰ শাৰী প্রস্তুত কৰাৰ পৰিকল্পনাও কৰিছে৷

অৱশ্যে এইবোৰ বাণিজ্যিকভাৱে কৰিবলৈ আৰু কিছু সময়ৰ প্রয়োজন হ’ব বুলি জানিবলৈ দিয়াৰ লগতে ‘কঁঠাল শক্তি’ আৰু ‘গ্রীন শক্তি’ অচিৰেই অসমৰ বজাৰত উপলব্ধ হ’ব পৰাকৈ প্রস্তুত কৰি উলিয়াই দিব বুলিও সদৰী কৰে৷ 

You might also like