নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ ফুল এইবাৰ কৰণিত নহয়, খাদ্যৰ থালত

ডিজিটেল ডেস্ক, ৮ মে’ : নার্জী ফুল আমি সাধাৰণতে পূজাৰ উপচাৰ বা উৎসৱৰ সাজ–সজ্জাৰ উপকৰণ হিচাপেই ব্যৱহাৰ কৰোঁ৷ কিন্তু প্র’টিনৰ বিপুল ভাণ্ডাৰ মজুত থকা এই ফুলে এদিন আমাৰ খাদ্যৰ থালতো ঠাই পাব পাৰে৷

শেহতীয়া এটা গৱেষণাত বিজ্ঞানীসকলে এই পৰিচিত ফুলবিধক ভৱিষ্যতৰ প্র’টিনৰ অন্যতম উৎস হিচাপে লক্ষ্য কৰিছে৷ ফুলবিধৰ বৈজ্ঞানিক নাম কেলেণ্ডুলা অফিচিনালিছ৷ যুগ যুগ ধৰি ই ভাৰতীয় সংস্কৃতিৰ অংশ৷ কিন্তু নতুনকৈ দৃষ্টি কাঢ়িছে ইয়াৰ পুষ্টি গুণে৷ গৱেষণাত দেখা গৈছে এই ফুলত প্রায় ২০-২৭ শতাংশ পর্যন্ত প্র’টিন থাকিব পাৰে, যি অনেক উদ্ভিদজাতীয় খাদ্যৰ তুলনাত বহু বেছি৷ লগতে ইয়াত আছে প্রয়োজনীয় এমিন’ এচিড, ফ্লেভ’নয়েড আৰু ফেন’লিক যৌগ যি শৰীৰৰ বাবে উপকাৰী৷

এচিএছ ফুড ছায়েঞ্চ এণ্ড টেকন’লজীত প্রকাশিত গৱেষণাত নার্জী ফুলৰ পৰা প্র’টিন নিঃসৰণৰ নানা পদ্ধতি বিশ্লেষণ কৰা হৈছে৷ তাত দেখা গৈছে মুঠ প্র’টিনৰ পৰিমাণ আছিল প্রায় ৯৯ শতাংশ৷ এলবুমিন, গ্লবুলিন, গ্লুটেলিন আৰু প্রলামিন– এই ৪ ধৰণৰ প্র’টিনৰ পৃথক কৰা সম্ভৱ হৈছে৷ এলবুমিনেই আটাইতকৈ বেছি প্রায় ৬৫ শতাংশ৷ এইসমূহে ইংগিত দিয়ে যে নার্জী ফুলৰ পৰা তৈয়াৰী প্র’টিন ভৱিষ্যতে নানা খাদ্য পণ্যত ব্যৱহাৰ কৰিব পৰা যাব পাৰে৷

You might also like